নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মঙলবাৰে খেলিবলগীয়া প্রথমখন মেচত খেলপথাৰত নামিবলৈ অপেক্ষাৰে বাট চাইছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ষ্টিভেন স্মিথে৷ মূৰৰ আঘাতৰ বাবে শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত খেলিব নোৱৰা তাৰকাগৰাকী আজি নেট অনুশীলনত নামে৷ দীর্ঘদিনৰ মূৰত অনুশীলন চলাই উৎসাহী হৈ পৰা স্মিথে কয় যে তেওঁ এতিয়া যথেষ্ট সুস্থ অনুভৱ কৰিছে আৰু কাইলৈৰ মেচত খেলিব পাৰিব বুলি আশাবাদী৷ ‘ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচত মই খেলিব নোৱাৰিলোঁ৷ শেহতীয়াকৈ ডুবাইত উপস্থিত হৈ তিনি দিনৰ বিশ্রামৰ সুযোগ পালোঁ আৰু আজিৰে পৰা অনুশীলন আৰম্ভ কৰিছোঁ৷ নেটত মই আত্মবিশ্বাসেৰে বেটিং কৰিব পাৰিছোঁ৷’ অধিনায়ক স্মিথে এইদৰে কয়৷ ইফালে, ৰাজস্থান ৰয়েলছৰ মুখ্য প্রশিক্ষক এণ্ড্রিউ মেকড’নাল্ডেও আশা কৰিছে যে স্মিথে কাইলৈ দলটোক নেতৃত্ব দিব পাৰিব৷ স্মিথৰ অন্তর্ভুক্তিয়ে ৰাজস্থানৰ শিবিৰলৈ উৎসাহ কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি প্রশিক্ষকগৰাকীয়ে কয় যে চেন্নাইৰ দৰে শক্তিশালী দলক প্রত্যাহ্বান জনাবলৈ তেওঁলোক মানসিকভাৱে সম্পূর্ণৰূপে সাজু হৈ উঠিছে৷