নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনামুক্ত নহ’লে অহা বছৰো অনিশ্চিত টকিঅ’ অলিম্পিক

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে এবছৰলৈ পিছুৱাই দিয়া টকিঅ’ অলিম্পিকখন অহাবছৰো আয়োজন কৰাৰ ক্ষেত্রত অনিশ্চয়তা আহি পৰিব, যদিহে জাপান ক’ৰোনাৰ পৰা সম্পূর্ণ মুক্ত নহয় ৷ –এই মন্তব্য কৰিছে টকিঅ’ অলিম্পিক আয়োজক কমিটীৰ সভাপতি য়’শ্বিৰ’ মিৰ’ই ৷ নিকন স্প’টছৰে হোৱা এক সাক্ষাৎকাৰত মঙলবাৰে টকিঅ’ অলিম্পিক আয়োজক কমিটীৰ সভাপতি য়াছিৰ’ৱে কয় যে বর্তমানৰ দৰে যদি অহাবছৰো ক’ৰোনাৰ আতংক হ্রাস নাপায়, তেতিয়াহ’লে বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখন আয়োজনৰ ক্ষেত্রত অসুবিধাৰ সৃষ্টি হ’ব ৷ অৱশ্যে অহাবছৰ অলিম্পিকখন আয়োজন কৰাৰ বাবে আয়োজক কমিটীয়ে বর্তমানেও কাম কৰি আছে বুলি উল্লেখ কৰি য়’শ্বিৰ’ৱে লগতে কয় যে মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাক লৈ বিশ্বৰ লগতে জাপানো চিন্তিত হৈ পৰিছে ৷ নেদেখা শত্রুৰ বিৰুদ্ধে বর্তমান সমগ্র বিশ্বই যুঁজি আছে ৷ কেতিয়ালৈকে এই যুঁজৰ অন্ত পৰিব, সেয়া এতিয়াই কোৱাটো কঠিন৷ যদি অহাবছৰো বিশ্বৰ লগতে জাপানৰো অৱস্থা এনেকুৱা হৈ থাকে, তেতিয়াহ’লে টকি’ অলিম্পিকখন বাতিল হোৱাটো খাটাং৷ অৱশ্যে এই বর্ষৰ শেষৰ ফালে সমগ্র বিশ্বৰ লগতে জাপান ক’ৰোনামুক্ত হ’ব বুলি আশাবাদী য়’শ্বিৰ’ মিৰ’৷ ইফালে, দেশখনৰ আগশাৰীৰ চিকিৎসকসকলেও এই মহামাৰী ক’ৰোনা ভাইৰাছৰ ভেকছিন যদি নোলায়, তেতিয়াহ’লে অহাবছৰো জাপানত অলিম্পিকখন আয়োজন কৰাৰ ক্ষেত্রত অসুবিধাৰ সৃষ্টি হ’ব বুলি মন্তব্য দাঙি ধৰিছে৷ দেশখনৰ আগশাৰীৰ চিকিৎসক য়’শ্বিটাকে য়’ক’কুৰাই আজি কয় যে মহামাৰী ক’ৰোনা ভাইৰাছৰ ভেকছিন তৈয়াৰ কৰাৰ বাবে সম্প্রতি সমগ্র বিশ্বই যুঁজি আছে যদিও এতিয়ালৈকে কোনো এখন দেশে সফলতা লাভ কৰা নাই৷ অচিৰেই যদি ক’ৰোনাৰ ভেকছিন নোলায়, তেতিয়াহ’লে জাপান কি আন দেশেও অলিম্পিকখন আয়োজনৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হ’ব ৷ উল্লেখ্য যে জাপানতো এতিয়ালৈকে প্রায় ১৪ হাজাৰ লোক আক্রান্ত হৈছে আৰু ৩৮৫ৰো অধিক লোক মৃত্যুমুখত পৰিছে ৷

You might also like