শীর্ষ ১০ পদক জয়ী দেশত পৰিণত হ’ব ভাৰত
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ ২০২৮ৰ অলিম্পিকলৈ ভাৰত বিশ্বৰ শীর্ষ ১০ পদক বিজয়ী দেশৰ তালিকাত সন্নিৱিষ্ট হ’ব৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে আজি দেশৰ ক্রীড়াবিদৰ উজ্জ্বল ভৱিষ্যতক লৈ এই অভিমত ব্যক্ত কৰে৷ তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত গঠিত অলিম্পিক টাস্ক ফ’র্চে অলিম্পিকলৈ প্রতিভাৱান খেলুৱৈ সৃষ্টিৰ ক্ষেত্রত সুপৰিকল্পিত ব্যৱস্থা গ্রহণ কৰিছে৷ ২০২৮ৰ অলিম্পিকত বিশ্বৰ শীর্ষ ১০খন পদক বিজয়ী দেশৰ তালিকাত ভাৰতক অন্তর্ভুক্ত কৰাৰ লক্ষ্যৰে অলিম্পিক টাস্ক ফ’র্চে কাম কৰি আছে৷ এই লক্ষ্য আগত লৈ এতিয়াৰে পৰা কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে তৃণমূল পর্যায়ত প্রতিভা বিকশিত কৰিবলৈ যৎপৰোনাস্তি প্রচেষ্টা অব্যাহত ৰাখিছে৷ ইফালে, প্রতিভাৱান খেলুৱৈক চিনাক্ত কৰি কেন্দ্রীয় চৰকাৰৰ জুনিয়ৰ টি অ’ পি আঁচনিৰ অধীনত মাহিলি অনুশীলনৰ বাবে ২৫ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ’ব বুলিও কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷