কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক সম্বর্ধনা
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: অসম অলিম্পিক সন্থাৰ সভাপতি তথা অসমৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্রীয় মন্ত্রিত্ব লাভ কৰাৰ পিছত শনিবাৰে প্রথমবাৰৰ বাবে অসমত উপস্থিত হয়৷ অসম অলিম্পিক সন্থাই সর্বানন্দ সোণোৱালক কালি বিয়লি গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত আয়োজন কৰা এটা অনুষ্ঠানত সম্বর্ধনা জনায়৷
এই অনুষ্ঠানত অর্জুন ভোগেশ্বৰ বৰুৱা, অর্জুন মনালিছা বৰুৱা মেহতা, ভাৰতীয় অলিম্পিক সন্থাৰ উপ–সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, পেট্র’লিয়াম বিভাগৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যসভাৰ সাংসদ বৈজয়ন্ত জয় পাণ্ডা, অসমৰ ক্রীড়ামন্ত্রী বিমল বৰা, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, অসম প্রদেশ ভাৰতীয় জনতা পার্টীৰ সভাপতি ভৱেশ কলিতা, বিধায়ক তৰংগ গগৈ, ৰমেন্দ্র নাৰায়ণ কলিতা, ৰূপক শর্মা, ক্রীড়া বিভাগৰ আয়ুক্ত সচিব মলয় বৰা, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক পৱিত্রৰাম খাউণ্ড, মেঘালয় অলিম্পিক সন্থাৰ সম্পাদক চিৰঞ্জীৱ চৌধুৰী, অৰুণাচল প্রদেশ অলিম্পিক সন্থাৰ সম্পাদক বেমাং টাগো উপস্থিত থাকে৷ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আঁত ধৰা অনুষ্ঠানটোত অসম অলিম্পিক সন্থাৰ অন্তর্গত ৰাজ্যিক আৰু জিলা ক্রীড়া সন্থাসমূহেও সোণোৱালক সম্বর্ধনা জনায়৷