নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র ২৮ বছৰ বয়সতে ভাৰতীয় ক্রিকেটক বিদায় উন্মুক্ত চান্দৰ

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ বিশ্বকাপ বিজয়ী ভাৰতীয় ১৯ বছৰ অনূর্ধ্বৰ দলৰ প্রাক্তন অধিনায়ক উন্মুক্ত চান্দে ভাৰতীয় ক্রিকেটক বিদায় জনাইছে৷ ২০১২ৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপত খিতাপ জয় কৰা ২৮ বছৰীয়া বেটছমেনগৰাকীয়ে কালি টুইটাৰত অৱসৰৰ কথা ঘোষণা কৰে৷

ভাৰতীয় ক্রিকেটক বিদায় জনালেও তেওঁ বিদেশী লীগত খেলি থকাৰ ইচ্ছা ব্যক্ত কৰিছে৷ ২০১২ৰ বিশ্বকাপৰ ফাইনেলত ১১১ ৰানৰ মেচ উইনিং ইনিংছ খেলা বেটছমেনগৰাকীয়ে ২০১৫লৈ ভাৰতীয় ‘এ’ দলক নিয়মীয়াকৈ নেতৃত্ব দিছিল৷

ঘৰুৱা ক্রিকেটত দাঙি ধৰা উন্নত প্রদর্শনৰ সুবাদত চান্দে ২০১৩ৰ চেম্পিয়নছ ট্রফী আৰু ২০১৪ৰ টি–২০ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতৰ ৩০জনীয়া সম্ভাব্য দলত স্থান পাইছিল যদিও ভাৰতীয় ছিনিয়ৰ দলক প্রতিনিধিত্ব কৰাৰ সুযোগ নাপালে৷ ২০১০ত দিল্লীৰ হৈ প্রথম শ্রেণীৰ কেৰিয়াৰ আৰম্ভ কৰা অ’পেনাৰগৰাকী ২০১৭ৰ বিজয় হাজাৰে ট্রফীত দলৰ পৰা বাদ পৰে৷

You might also like