নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত অলিম্পিক–স্নাতক পৰীক্ষাঃ অনুশীলনৰ মাজতে অধ্যয়নত মগ্ণ মনু ভাকেৰ

নিয়মীয়া বাৰ্তা ১৭ মেঃ সন্মুখত টকিঅ’ অলিম্পিক আৰু ইউৰোপিয়ান শ্বুটিং চেম্পিয়নশ্বিপ৷ ইয়াৰ সমান্তৰালকৈ অহা ১৮ মে’ৰ পৰা আৰম্ভ হ’ব স্নাতক চতুর্থ ষাণ্মাসিকৰ পৰীক্ষা৷ ক্রীড়া কেৰিয়াৰ আৰু শৈক্ষিক কেৰিয়াৰৰ এই প্রত্যাহ্বানমূলক যুঁজলৈ একেলগে প্রস্তুতি চলাই গৈছে দেশৰ আগশাৰীৰ মহিলা শ্বুটাৰ মানু ভাকেৰে৷

অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ভাৰতীয় শ্বুটাৰৰ দলৰ সৈতে সম্প্রতি ক্র’ৱেচিয়াৰ ৰাজধানী জাগ্রেবত থকা ১৯ বছৰীয়া ভাকেৰে সতীর্থৰ সৈতে অনুশীলন সামৰি হোটেলৰ কোঠাত অধ্যয়নত মগ্ন হৈ পৰে৷ দুদিন পূর্বে দিল্লীৰ পৰা জাগ্রেবত উপস্থিত হোৱা দলটোৱে শনিবাৰৰ পৰা অনুশীলন আৰম্ভ কৰিছে৷ ইয়াৰ মাজতে উদীয়মান তাৰকাগৰাকীয়ে পৰীক্ষাৰ বাবে পিষ্টল এৰি কিছু সময়ৰ বাবে হাতত বহী–কিতাপ তুলি লৈছে৷

দিল্লী বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত লেডী শ্রীৰাম কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্রী তাৰকা শ্বুটাৰগৰাকীয়ে ইউৰোপিয়ান শ্বুটিং চেম্পিয়নশ্বিপত দেশক প্রতিনিধিত্ব কৰাৰ দুদিন পূর্বে অর্থাৎ অহা ১৮ মে’ত স্নাতকৰ চতুর্থ ষাণ্মাসিকৰ পৰীক্ষাত অৱতীর্ণ হ’ব৷ অনলাইনযোগে হ’বলগীয়া এই পৰীক্ষা সন্দর্ভত মনু ভাকেৰে আজি সংবাদ মাধ্যমৰ আগত কয় যে ইয়াৰ পূর্বেও তেওঁ একেলগে খেল আৰু অধ্যয়ন সঠিকভাৱে চলাই গৈছে আৰু এইবাৰো তেনেকৈয়ে আগবাঢ়িব৷ ‘এয়া অলিম্পিক বর্ষ৷ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ বিৰল গৌৰৱ অর্জন কৰিছোঁ৷ সেয়ে দেশবাসীক গৌৰৱান্বিত কৰিবলৈ মই শ্বুটিঙত সম্পূর্ণৰূপে মনোনিৱেশ কৰিছোঁ৷

ইয়াৰ মাজতে পঢ়া–শুনাও চলাই গৈছোঁ৷’– ভাকেৰে এইদৰে কয়৷ মন কৰিবলগীয়া যে ১৯ বছৰীয়া শ্বুটাৰগৰাকীয়ে আগন্তুক টকিঅ’ অলিম্পিকত তিনিটা ইভেণ্টত যোগ্যতা অর্জন কৰিছে৷ মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্ট, ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্ট আৰু মিক্সড টীম ১০ মিটাৰ পিষ্টল ইভেণ্টত তেওঁ দেশক প্রতিনিধিত্ব কৰিব৷ কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে ভাৰতৰ ক’ভিডজনিত জটিল পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অলিম্পিকগামী শ্বুটাৰৰ দলটোক ক্র’ৱেচিয়ালৈ উন্নত অনুশীলনৰ বাবে প্রেৰণ কৰিছে৷

You might also like