ইতিহাস ৰচি ইউৰো কাপৰ ফাইনেলত ইংলেণ্ড
২–১ গ’লত পৰাস্ত ডেনমার্কঃ অতিৰিক্ত সময়ত গ’ল কৰি নায়কৰ শাৰীলৈ হেৰি কেন
নিয়মীয়া বাৰ্তা ৯ জুলাইঃ ইতিহাস ৰচি ইউৰো কাপৰ ফাইনেলত প্রৱেশ কৰিলে ইংলেণ্ডে৷ বুধবাৰে নিশা লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত তীব্র উত্তেজনাপূর্ণ দ্বিতীয়খন ছেমিফাইনেল মেচত ঘৰুৱা দল ইংলেণ্ডে ডেনমার্কক ২–১ গ’লত পৰাস্ত কৰে আৰু ইউৰো কাপৰ ইতিহাসত প্রথমবাৰৰ বাবে ফাইনেল খেলাৰ গৌৰৱ অর্জন কৰে৷ ৬০ হাজাৰৰো অধিক দর্শকৰ উপস্থিতিত অনুষ্ঠিত মেচখন আছিল প্রথমৰ পৰাই উত্তেজনাপূর্ণ৷ মেচখনৰ প্রথমার্ধত হেৰি কেন বাহিনীয়ে অধিক সংগ্রাম কৰিবলগীয়া হৈছিল৷ ডেনমার্কে সুন্দৰ খেল দাঙি ধৰি ৩০ মিনিটত বৃহৎ সফলতাৰ মুখ দেখে৷ মিকেল ডামছগার্ডে দর্শনীয় ফ্রী কিকেৰে ইংলেণ্ডৰ গ’লৰক্ষকক পৰাভূত কৰি ডেনমার্কক ১–০ গ’লত অগ্রগতি প্রদান কৰে৷ কিন্তু ইয়াৰ ঠিক ৯ মিনিট পিছতে অর্থাৎ ৩৯ মিনিটত ডেনমার্কে এক আত্মঘাতী গ’লৰ সন্মুখীন হয়৷ ইংলেণ্ডে ডেনমার্কৰ গ’লবক্সত উপর্যুপৰি আক্রমণ প্রতিহত কৰিবলৈ যোৱাৰ সময়তে ছাইমন কজেৰৰ ভৰিত বল লাগি ডেনমার্কৰ গ’লবক্সত প্রৱেশ কৰে আৰু ইয়াৰ লগে লগে মেচখন ১–১ গ’লত অমীমাংসিত হয়৷ প্রথমার্ধ ১–১ গ’লত অমীমাংসিত হোৱাত দ্বিতীয়ার্ধৰ খেল অধিক আক্রমণাত্মক হৈ পৰে আৰু দুয়োটা দলে গ’ল স্ক’ৰ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছিল
যদিও শেষ মুহূর্তলৈকে সফলতাৰ মুখ নেদেখিলে৷ নির্ধাৰিত সময়ত মেচখন ১–১ গ’লত অমীমাংসিত হোৱাত অতিৰিক্ত সময় খেলোৱা হয় আৰু অতিৰিক্ত সময়ৰ প্রথম হাফত ইংলেণ্ডে বৃহৎ সফলতাৰ মুখ দেখে৷ ১০৪ মিনিটত ইংলেণ্ডে এক পেনাল্টী লাভ কৰে আৰু হেৰি কেনে ইয়াক গ’ললৈ কার্যকৰী কৰি ইংলেণ্ডক ২–১ গ’লত অগ্রগতি প্রদান কৰাই নহয়, দলটোক জয়ৰো সোৱাদ দি নায়ক হৈ পৰে৷ মন কৰিবলগীয়া যে হেৰি কেনৰ পেনাল্টী শ্বটটো ডেনমার্কৰ গ’লৰক্ষকগৰাকীয়ে প্রতিহত কৰিছিল যদিও হেৰি কেনে পুনৰ শ্বট লৈ সফলতাৰ মুখ দেখিছিল৷ উল্লেখ্য যে সুদীর্ঘ ৫৫ বছৰৰ পিছত ইংলেণ্ডে বৃহৎ প্রতিযোগিতাৰ ফাইনেলত প্রৱেশ কৰিছে৷ ১৯৬৬ চনৰ বিশ্বকাপৰ পিছৰে পৰা ইংলেণ্ডে কোনো বৃহৎ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্রৱেশ কৰিব পৰা নাছিল৷ দেওবাৰে নিশা হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত ইংলেণ্ডে ইটালীৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷