তৃতীয় ৰাউণ্ডলৈ ছেৰেনা উইলিয়ামছ, মুগুৰুজা বাহিৰ
ইউ এছ অ’পেনত মাৰিন চিলিচ–মেডিছন কীৰ অগ্রগতি
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ মার্কিন তাৰকা ছেৰেনা উইলিয়ামছে ইউ এছ অ’পেনৰ তৃতীয় ৰাউণ্ডলৈ উন্নীত হৈছে৷ অভিলেখসংখ্যক ২৪টা গ্রেণ্ডশ্লাম খিতাপ জয়ৰ লক্ষ্যৰে এইবাৰৰ ইউ এছ অ’পেনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা শীর্ষ বাছনিপ্রাপ্ত তাৰকাগৰাকীয়ে যোৱানিশা অনুষ্ঠিত দ্বিতীয় ৰাউণ্ডৰ মেচত ৰাছিয়াৰ মার্গাৰিটা গাচপাৰিনক ৬–২, ৬–৪ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ইফালে, গ্রেণ্ডশ্লামখনৰ প্রথমটো অঘটন হিচাপে দ্বিতীয় ৰাউণ্ডৰ পৰাই বাহিৰ হৈছে দুবাৰৰ গ্রেণ্ডশ্লাম বিজয়ী স্পেইনৰ তাৰকা গার্বিন মুগুৰুজা৷ বৃহস্পতিবাৰে নিশা অনুষ্ঠিত দ্বিতীয় ৰাউণ্ডৰ মেচত বুলগেৰিয়াৰ অখ্যাত খেলুৱৈ পিৰনক’ভাই মুগুৰুজাক ৭–৫, ৬–৭ৰ ব্যৱধানত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডত স্থান সুৰক্ষিত কৰে৷ উল্লেখ্য যে সন্তানৰ মাতৃ হোৱাৰ বাবে পিৰনক’ভাই তিনি বছৰ ধৰি টেনিছৰ পৰা আঁতৰি আছিল৷ আনহাতে, ২০১৭ৰ ৰানার্ছআপ আমেৰিকাৰ মেডিছন কীয়ে ইউ এছ অ’পেনৰ পৰৱর্তী ৰাউণ্ডলৈ অগ্রসৰ হৈছে৷ দ্বিতীয় ৰাউণ্ডত তেওঁ স্পেইনৰ এলি’না বলছ’ভাক ৬–২, ৬–১ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ একেদৰে, পুৰুষৰ ছিংগলছত প্রাক্তন চেম্পিয়ন মাৰিন চিলিচে প্রত্যাশিতভাৱে তৃতীয় ৰাউণ্ডলৈ উন্নীত হৈছে৷ তেওঁ আজি ন’ৰবার্ট গাম্ব’ছক ৬–৩, ১–৬, ৭–৬ (২), ৭–৫ৰ ব্যৱধানত পৰাস্ত কৰে৷ ৰ’জাৰ ফেডেৰাৰ আৰু ৰাফেল নাডালৰ অনুপস্থিতিত ২০১৪ৰ চেম্পিয়ন চিলিচে এইবাৰ ন’ভাক জক’ভিচ আৰু এণ্ডী মাৰেক তীব্র প্রত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছে৷ আনহাতে, দ্বিতীয় বাছনিপ্রাপ্ত ছ’ফিয়া কেনিনেও তৃতীয় ৰাউণ্ডত স্থান সুৰক্ষিত কৰিছে৷