নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেম স্মিথক চেৰ পেলালে কোহলিয়ে

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ এদিনীয়া ক্রিকেটত অধিনায়ক হিচাপে সর্বাধিক ৰান সংগ্রহ কৰা বেটছমেনৰ এলিট ক্লাবত অন্তর্ভুক্ত হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি৷ ইংলেণ্ডৰ বিৰুদ্ধে পুনেত কালি খেলা দ্বিতীয় এদিনীয়াত ৪১ ৰান সংগ্রহ কৰাৰ লগে লগে তাৰকাগৰাকীয়ে অধিনায়ক হিচাপে এদিনীয়াত পঞ্চম সর্বাধিক ৰানৰ গৰাকী হয়৷

এই ক্ষেত্রত তেওঁ দক্ষিণ আফ্রিকাৰ প্রাক্তন অধিনায়ক গ্রেম স্মিথক অতিক্রম কৰে৷ দ্বিতীয় এদিনীয়াৰ ২৪সংখ্যক অভাৰত কোহলিয়ে এই মাইলষ্ট’নত উপনীত হয়৷ উল্লেখ্য যে অধিনায়ক হিচাপে এদিনীয়া ক্রিকেটত সর্বাধিক ৰানৰ গৰাকী হ’ল অষ্ট্রেলিয়াৰ একালৰ সফল অধিনায়ক ৰিকী পণ্টিং৷

তেওঁ ২৩৪খন এদিনীয়াত দেশক নেতৃত্ব দি ৮,৪৯৭ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে মহেন্দ্র সিং ধোনী৷ তেওঁ ২০০খন এদিনীয়াত অধিনায়ক হিচাপে খেলি ৬,৬৪১ ৰান সংগ্রহ কৰিছিল৷

ইফালে, এদিনীয়াত দলৰ হৈ তিনি নম্বৰ স্থানত বেটিং কৰি ১০ হাজাৰ ৰান সম্পূর্ণ কৰা বিশ্বৰ দ্বিতীয়গৰাকী বেটছমেন হিচাপেও অভিলেখ ৰচিছে বিৰাট কোহলিয়ে৷ তিনি নম্বৰ স্থানত বেটিং কৰি ১০ হাজাৰতকৈ অধিক ৰান সংগ্রহ কৰা একমাত্র বেটছমেনগৰাকী হ’ল ৰিকী পণ্টিং৷

You might also like