নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ ইস্তাহাৰ আৰু প্রতিশ্রুতি

ইস্তাহাৰক ইংৰাজীত কোৱা হয় মেনিফেষ্ট’ আৰু এই শব্দটোৰ মূল লেটিন শব্দ ‘মেনিফেষ্টাম’ৰ অর্থ হ’ল তথ্যৰ তালিকা আৰু নির্বাচনৰ সময়ত ভোটাৰক আকর্ষণ কৰিবলৈ ৰাজনৈতিক দলবোৰে প্রকাশ কৰা নিজ নিজ দলৰ পৰিকল্পিত কামৰ যি তালিকাৰ নাম নির্বাচনী ইস্তাহাৰ আৰু বর্তমানৰ পৰিপ্রেক্ষিতত এই ইস্তাহাৰ প্রকাশ কৰা কামটোক এটি ৰুটিন–কাম হিচাপেই ধৰিবলৈ বহুতে মন কৰিছে৷

ৰাজনৈতিক অজ্ঞতায়ো হয়তো এই কামটোক ৰুটিন–কাম বুলি ভাবিবলৈ উৎসাহ যোগাইছে৷ কিছুমানে এনেকুৱা ভাবধাৰা এটা চলাবলৈ আৰম্ভ কৰি থকা সময়তেই কংগ্রেছ, বিজেপি আদি দলে ইতিমধ্যে নির্বাচনী ইস্তাহাৰ প্রকাশ কৰিছে৷ বহুতে আশা কৰা, সিদিনালৈ হীৰেন গোহঁাই মুখ্য উপদেষ্টা হিচাপে থকা ৰাইজৰ দলে নির্বাচন আয়োগৰ পৰা স্বীকৃতিয়েই পোৱা নাই, দলটোৰ কোনোবা সদস্যই নির্দলীয়ভাৱে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে, আন কোনোবাই আন দলৰ প্রতীকৰ তলত নির্বাচনত অৱতীর্ণ হৈছে৷

দীর্ঘদিনৰ পৰা আন্দোলন কৰি এটা ভাবমূর্তিৰ সৃষ্টি কৰা অখিল গগৈয়ে ইমানদিনৰ পৰা ৰাজনীতিত প্রৱেশৰ কুচকাৱাজ কৰি থকাৰ পাছতো দলটোৱে স্বীকৃতি নোপোৱা কথাটোত সাধাৰণ ৰাইজৰ মনত স্বাভাৱিকভাৱেই বিভিন্ন সন্দেহে ক্রিয়া কৰিছে৷ এটা সময়ত বাংলাদেশীৰ সমর্থক হিচাপে নিজকে প্রতিষ্ঠা কৰা অখিল গগৈয়ে হঠাত অবৈধ বাংলাদেশীৰ নেতা বদৰুদ্দিনক সাম্প্রদায়িক বুলি ঘোষণা কৰা আৰু তেওঁৰ গুৰু আৰু দলৰ প্রধান উপদেষ্টা হীৰেন গোহাঁয়ে অখিল গগৈৰ বিপৰীত কথা কোৱা আৰু দল ত্যাগ কৰা– এইবোৰ কাহিনীয়ে দলটোৰ প্রতি সন্দেহৰ জন্ম দিয়ে আৰু অন্ধ সমর্থকৰ বাহিৰে আনৰ মাজত দলটোৰ বিশ্বাসযোগ্যতা কমাই তোলে৷

বিজেপি আৰু কংগ্রেছৰ লগতে এইটো দলৰ প্রতিয়েই ৰাইজৰ কিছু আগ্রহ আছিল যদিও দলটোৱে ৰাজনৈতিক জীৱনৰ আৰম্ভণিতেই সন্দেহজনকভাৱে কেণা লগোৱা পৰিকল্পিত কামটোৱে বহুতো খিলঞ্জীয়া আৰু সংগ্রামী মনৰ লোকক ৰাজনৈতিকভাৱে বিশ্বাসঘাতকতা কৰিলে৷ কাৰাগাৰৰ ভিতৰৰ পৰা নেতৃত্ব দিয়া নেতা আৰু দলটোৰ উপদেষ্টাজনৰ এই কামটোৱেই দলটোৰ আদর্শৰ প্রসংগটো সাধাৰণ মানুহৰ বাবে ৰহস্যৰ বিষয় কৰি তুলি দলটোৰ ভৱিষ্যৎ ভালেখিনি দুর্বল কৰি তুলিলে, যিটো কাৰো কাম্য নাছিল৷ স্বীকৃতি নোপোৱা এই দলটোৰ নির্বাচনী ইস্তাহাৰৰ কোনো প্রয়োজনেই নাই, তেওঁলোকৰ মুখৰ কথাতেই ৰাইজে সিদ্ধান্ত গ্রহণ কৰিব৷

অভিজ্ঞ দল কংগ্রেছ দলে বিভিন্ন কৌশল অৱলম্বন কৰি এটা কথাত গুৰুত্ব দিছে আৰু সেই কথাটোৰে কিছুসংখ্যক ৰাইজক আৱেগিক কৰি তোলাৰো কৌশল অৱলম্বন কৰিছে৷ এই কথাটো হৈছে ‘কা’ বাতিলৰ গেৰাণ্টী৷ ‘কা’ আৰু তাৰ পূর্বে ‘কেব’ৰ নামত বহু ঠাইৰ বহু অসমীয়া বহুদিনৰে পৰা আৱেগিক হৈ আছে৷ সেই ‘কেব’ আৰু ‘কা’ আন্দোলনক ভেটি হিচাপে লৈ বহুতে ৰাজনৈতিক ইচ্ছা–ভিলাষ পূৰণ কৰা দেখা পোৱাৰ পাছত বহুতৰ চকু মুকলি হৈছে যদিও এতিয়াও বহু আৱেগিক অসমীয়াই ‘কা’ৰ প্রসংগত নিজৰ মনোভাব সলনি কৰা নাই৷

এই আৱেগকে কংগ্রেছে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে৷ কিন্তু এই গেৰাণ্টীত আশ্বস্ত হোৱা বহুতে বুজি পোৱা নাই যে কেন্দ্রীয় চৰকাৰে বলৱৎ কৰা আইন এখন ৰাজ্য চৰকাৰে বাতিল কৰিব নোৱাৰে, খুব বেছি বাতিলৰ বাবে অনুৰোধ কৰি চাব পাৰে৷ কিন্তু কংগ্রেছে একেবাৰে বাতিলৰ গেৰাণ্টী দি ভোটাৰক আৱেগিকভাৱে ভুল পথে পৰিচালিত কৰিছে৷ কংগ্রেছৰ দৰে বহু বছৰ শাসন কৰা অভিজ্ঞতা থকা দল এটাই এনেকুৱা নিম্নস্তৰৰ কাম কৰি দলটোৰ ক্ষতিহে কৰিছে৷

ঠিক তেনেদৰে বিজেপিয়েও ঘোষণা কৰিছে যে পাঁচ বছৰৰ ভিতৰত অসমৰ বানপানী সমস্যাৰ সমাধান কৰিব৷ অসমৰ এই জ্বলন্ত সমস্যাটোৰ বিষয়ে কিন্তু কোনো দলেই দৃঢ়তাৰেই একো কোৱা নাছিল৷ বহুতৰ বাবে এই কথাটো প্রায় অসম্ভৱ যেন লাগিব পাৰে৷ বাজপেয়ীয়ে ভাৰতৰ সকলো গাঁৱৰে ৰাস্তা পকী হ’ব লাগিব বুলি কোৱা কথাটো যেনেদৰে সপোন যেন আছিল, কিন্তু সি এদিন দিঠকত পৰিণত হৈছিল, ঠিক তেনেদৰে অসমৰ বান সমস্যাৰ সমাধানো ৰাজনৈতিক সদিচ্ছাৰ ওপৰত নির্ভৰ কৰিব৷ ইস্তাহাৰতকৈ ৰাজনৈতিক সদিচ্ছা অধিক গুৰুত্বপূর্ণ৷

বিগত পাঁচটা বছৰত অসমত এনেকুৱা বহু উন্নয়নমূলক কাম হ’ল, যিবোৰৰ কোনো উল্লেখ ইস্তাহাৰত নাছিল৷ কিন্তু এইবাৰ বান সমস্যাৰ কথা ইস্তাহাৰতো আছে আৰু শীর্ষ নেতায়ো ইয়াক কার্যকৰী কৰাৰ দৃঢ়তা বাৰে বাৰে প্রকাশ কৰিছে৷ কথাষাৰৰ বাস্তৱ ৰূপেহে অধিক মূল্যৱান কৰি তুলিব ইস্তাহাৰ প্রকাশৰ উৎসৱ৷ এই কথাৰ বাস্তৱ ৰূপায়ণে ভৱিষ্যতৰ বাবে ইস্তাহাৰখন নির্বাচনী ৰাজনীতিৰ গুৰুত্বপূর্ণ অংগ হিচাপে প্রতিষ্ঠা হোৱাৰ বাট মুকলি কৰিব৷

You might also like