নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ বিশ্ব জয়ৰ এটা দশক সম্পূর্ণ

নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ  মহেন্দ্র সিং ধোনীৰ নেতৃত্বত ভাৰতে আই চি চি এদিনীয়া বিশ্বকাপৰ খিতাপ জয় কৰাৰ এটা দশক সম্পূর্ণ হ’ল৷ ২০১১ৰ শুকুৰবাৰৰ দিনটোতে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত দেশবাসীৰ ২৮ বছৰীয়া প্রতীক্ষাৰ অন্ত পেলাই টীম ইণ্ডিয়াই বিশ্বকাপত চুম্বন দিছিল৷ ১৯৮৩ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে বিশ্ব জয়ৰ এই স্বর্ণিল মুহূর্ত সোঁৱৰণ কৰি শুকুৰবাৰে আৱেগিক হৈ পৰে ২০১১ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সদস্যসকল৷ ১০ বছৰ পূর্বে দেশবাসীক গৌৰৱান্বিত কৰা এই ঐতিহাসিক জয়ৰ স্মৃতি সুঁৱৰি গৌতম গম্ভীৰ, বীৰেন্দ্র সেৱাগ, যুৱৰাজ সিং, জাহিৰ খান, হৰভজন সিং, সুৰেশ ৰাইনা, ইউছুফ পাঠান, মুনাফ পেটেলৰ দৰে খেলুৱৈসকলে টুইটাৰত কৈছে যে তেওঁলোকৰ বাবে এই দিনটো চিৰস্মৰণীয় হৈ থাকিব৷

‘২ এপ্রিল, ২০১১– এই দিনটো আজীৱন হূদয়ৰ মণিকোঠাত সযতনে ৰাখিম৷’– সেৱাগে এইদৰে কয়৷ এটা দশক সম্পূর্ণ হ’লেও এই মধুৰ স্মৃতি চিৰস্মৰণীয় হৈ ৰ’ব বুলি জাহিৰ খানে উল্লেখ কৰিছে৷ ইফালে, ২০১১ৰ বিশ্বকাপৰ শ্রেষ্ঠ খেলুৱৈ যুৱৰাজ সিঙে টুইটাৰত কৈছে যে ২ এপ্রিল আছিল ইতিহাস সৃষ্টিৰ এটা দিন৷ ধোনীৰ সেই বিশাল ছিক্সাৰ আৰু মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ আনন্দ–শ্রু কেতিয়াও পাহৰিব নোৱাৰোঁ৷

ইফালে, মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ শুকৰবাৰে চিকিৎসালয়ত ভর্তি হোৱা শচীন তেণ্ডুলকাৰেও ভাৰতৰ বিশ্ব জয়ৰ এটা দশক সম্পূর্ণ হোৱা উপলক্ষে প্রাক্তন সতীর্থসকলক অভিনন্দন জনাইছে৷

উল্লেখ্য যে শ্রীলংকাৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত মহেন্দ্র সিং ধোনীয়ে নুৱান কুলছেকৰাৰ বলত লংনৰ ওপৰেৰে ছিক্সাৰ কোবাই ভাৰতলৈ ঐতিহাসিক বিজয় কঢ়িয়াই আনিছিল৷

You might also like