নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁট চৰকাৰত যাৰ যি ইচ্ছা তাকেই পিন্ধিব

বদৰুদ্দিনৰ পুত্রৰ সুৰতে সুৰ গৌৰৱৰো

নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ এ আই ইউ ডি এফপ্রধান বদৰুদ্দিন আজমলৰ পুত্র আব্দুৰ ৰহিম আজমলে ভৱানীপুৰৰ এখন নির্বাচনী সভাত এইবাৰ অসমত দাড়ি, টুপী, লুঙিৱালা মানুহৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰাৰ পাছত ৰাজ্যৰ সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ আজমল পুত্র আব্দুৰ ৰহিম আজমলৰ মন্তব্যৰ সুৰত এইবাৰ সুৰ মিলালে কলিয়াবৰৰ কংগ্রেছৰ সাংসদ গৌৰৱ গগৈয়ে৷ আজি সন্ধিয়া বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰী এম ই মাদ্রাছা খেলপথাৰত অনুষ্ঠিত এখন নির্বাচনী প্রচাৰ সভাত কংগ্রেছ নেতা গৌৰৱ গগৈ উপস্থিত হৈ ৩৫নং অভয়াপুৰী দক্ষিণ (অনুঃ) বিধানসভা সমষ্টিৰ মহাজেজাটবন্ধনৰ কংগ্রেছ প্রার্থী তথা প্রাক্তন মন্ত্রী প্রয়াত চন্দন কুমাৰ সৰকাৰ পুত্র প্রদীপ সৰকাৰৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ সাংসদ গৌৰৱ গগৈ উক্ত সভাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত আজমল পুত্রৰ বিতর্কিত মন্তব্যৰ সুৰত সুৰ মিলায়৷

সাংসদ গৌৰৱ গগৈক আজমল পুত্রৰ বিতর্কিত মন্তব্য সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত কয়– আমাৰ মহাজোঁটৰ চৰকাৰ হ’লে যি ইচ্ছা তাকেই পিন্ধিব পাৰিব৷ যি খাব বিচাৰে খাব পাৰিব৷ তেওঁ আৰু কয় যে যিয়ে যি ধর্মগ্রন্থ পঢ়িব বিচাৰে, পঢ়িব পাৰিব৷ কোনে কাক বিয়া পাতিব বিচাৰে, বিয়া পাতিব পাৰিব৷ সকলো স্বাধীনতা থাকিব৷ কিন্তু বিজেপি চৰকাৰে বিচাৰে বিয়া কৰাৰ আগত বিজেপিৰ অনুমতি ল’ব লাগিব৷ কি পিন্ধিব লাগিব, সেয়া বিজেপিৰ অনুমতি ল’ব লাগিব৷ সকলো বিজেপিৰ মতে নহয়, এইখন ভাৰত, এইখন অসম, ইয়াত বাক স্বাধীনতা আছে৷ এই কাৰণে সকলোৰে মাজত শান্তি–সম্প্রীতি, প্রতিটো ধর্ম, জাতি–জনগোষ্ঠী, ভাষাৰ মানুহখিনিক নিজৰ নিজৰ সংস্কৃতিৰ আশাক সন্মান দিয়া যাব৷

উল্লেখ্য যে প্রাক্তন জিলা কংগ্রছৰ সভাপতি আবুল কাশেমৰ সভাপতিত্বত অনুষ্ঠিত নির্বাচনী প্রচাৰ সভাত সাংসদ গৌৰৱ গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণত কয় যে পৰিৱর্তনৰ নামত সোণোৱাল চৰকাৰৰ দিনত সমস্যা বৃদ্ধিহে হৈছে৷ মূল্যবৃদ্ধিৰ সমস্যা, শিক্ষাৰ সমস্যা, স্বাস্থ্যৰ সমস্যা, নিবনুৱা সমস্যা আদি সমাধান কৰা বাদ দি কেৱল নাচ–গানত ব্যস্ত হৈছে বিজেপিয়ে৷ আমাৰ চৰকাৰ আহিলে আমি সকলো সমস্যা সমাধান কৰিম৷ উন্নয়নৰ নামত একো নকৰি অকল ধর্মৰ নামত ভোট বিচাৰে বিজেপিয়ে৷ আনহাতে, এন আৰ চিত সোমোৱাসকলক আই ডি কার্ড দিব আৰু নাম নোসোমোৱাসকলক আইনী সাহায্য প্রদান কৰি ভাৰতীয়ক এন আৰ চিত সোমাই লোৱা হ’ব৷ গৌৰৱ গগৈৱে আৰু কয় যে ছিণ্ডিকেট কৰি ধন উপার্জন কৰাই বিজেপিৰ লক্ষ্য৷ উক্ত সভাত প্রদীপ সৰকাৰে নিজৰ ভাষণত কয়– মোৰ পিতৃ প্রয়াত চন্দন সৰকাৰে সমষ্টিটোত চাৰিখনকৈ কলেজ স্থাপন কৰি শিক্ষাৰ ক্ষেত্রখনক যথেষ্ট আগুৱাই নিয়ে৷ আজি সন্ধিয়া কংগ্রেছৰ তিনিগৰাকীকৈ হাইপ্রফাইল নেতা সাংসদ গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ, বিৰোধী দলৰ উপ–দলপতি তথা কংগ্রেছৰ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে যোগীঘোপা অঞ্চলত উপস্থিত হৈ প্রদীপ সৰকাৰৰ উদ্ধাৰৰ বাবে নির্বাচনী প্রচাৰ চলায়৷

You might also like