নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়া যুথ গেমছৰ ল’গ’-মেছকট-জাৰ্ছী-থীম ছং মুকলি

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ গুৱাহাটীত অহা জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় বাৰ্ষিক খেলো ইণ্ডিয়া যুথ গেমছৰ ল’গ’-মেছকট-জাৰ্ছী-থীম ছং শনিবাৰে মুকলি কৰা হয় । সৰুসজাই এথলেটিক ষ্টেডিয়ামৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত আয়োজিত এখ আটকধুনীয়া অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুৱে মেগা ইভেণ্টখনৰ ল’গ’ মুকলি কৰে ।

অসম গৌৰৱ এশিঙীয়া গড়, বিহু নৃত্যু, ইতিহাসপ্ৰসিদ্ধ ৰংঘৰ আৰু অসমৰ সাহস লাচিত বৰফুকনক অংকন কৰি প্ৰস্তুত কৰা খেলো ইণ্ডিয়া গেমছৰ ল’গ’ৱে ৰাজ্যৰ চহকী কলা-সংস্কৃতিক দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিব । ইফালে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ কণ্ঠসমৃদ্ধ প্ৰতিযোগিতাখনৰ আকৰ্ষণীয় থীম ছংটোও এই অনুষ্ঠানতে মুকলি কৰা হয় ।

You might also like