নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–ৱেষ্ট ইণ্ডিজৰ আজি প্রথম টি–২০

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ আগন্তুক বর্ষত অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ প্রতি দৃষ্টি ৰাখি ভাৰত আৰু ৱেষ্ট ইণ্ডিজে আজি প্রথম টি–২০ত প্রতিদ্বন্দ্বিতাত নামিব৷ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্রীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ পৰাই ঘৰুৱা দল টীম ইণ্ডিয়াই বিশ্বকাপৰ অ’ডিচন আৰম্ভ কৰাৰ লক্ষ্য লৈছে৷ অধিনায়ক বিৰাট কোহলিয়ে ইয়াৰ ইংগিত দি আজি সংবাদ মেলত কয় যে ২০২০ত অনুষ্ঠিত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি টীম ইণ্ডিয়াই শক্তিশালী মূল একাদশৰ সৈতে খেলপথাৰত নামিব৷ টি–২০ ক্রিকেটত বিগত সময়ছোৱাত ভাৰতে দাঙি ধৰা দুর্বলতাসমূহ আঁতৰ কৰাৰ সংকল্পৰে কোহলি বাহিনীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ বিশেষকৈ প্রথমে বেটিং কৰি অধিক স্ক’ৰ সংগ্রহৰ ক্ষেত্রত শেহতীয়াকৈ কিছু সমস্যাৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াই এইবাৰ এই ভুলৰ পুনৰাবৃত্তি নকৰে বুলি কোহলিয়ে আশ্বাস দিছে৷ মন কৰিবলগীয়া যে ৰোহিত শর্মা, লোকেশ ৰাহুল, বিৰাট কোহলি আৰু শ্রেয়াছ আয়াৰেৰে গঠিত ভাৰতীয় টপ অর্ডাৰৰ শক্তি বৃদ্ধি কৰিবলৈ সাজু হৈ আছে যুৱ উইকেটৰক্ষক ঋষভ পণ্ট আৰু অলৰাউণ্ডাৰ শিৱম ডুবে৷ অৱশ্যে পণ্টৰ শেহতীয়া দুর্বল ফর্মে দলক চিন্তাত ৰাখিছে৷ তাৰকা বেগী বলাৰ মহম্মদ ছামী আৰু ভুবনেশ্বৰ কুমাৰৰ আগমনে ভাৰতীয় বলিং আক্রমণৰ শক্তি দুগুণে বৃদ্ধি কৰিছে৷ বাংলাদেশৰ বিৰুদ্ধে ঐতিহাসিক হেটট্রিক অর্জন কৰা বেগী বলাৰ দীপক চহৰে ছামী আৰু ভুবনেশ্বৰক সহযোগ কৰিব৷ স্পিন বিভাগত য়ুজৱেন্দ্র চাহাল আৰু ৰবীন্দ্র জাদেজাই দায়িত্ব চম্ভালিব লাগিব৷ ইফালে, কিৰণ পোলার্ড নেতৃত্বাধীন ৱেষ্ট ইণ্ডিজে বিশ্বকাপৰ পূর্বে স্বাভাৱিক ছন্দ উদ্ধাৰৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ শেহতীয়াকৈ আফগানিস্তানৰ হাতত টি–২০ শৃংখলা হেৰুওৱা দলটোৱে পোলার্ডৰ লগতে ছিমৰন হেটমায়াৰ, ছেলডন ক’ট্রেল, নিকোলাছ পুৰন, ইভিন লেৱিছ আদিৰ দৰে তাৰকাৰ প্রদর্শনৰ ওপৰত নির্ভৰশীল হ’ব৷
খেলৰ সময়ঃ সন্ধিয়া ৭ বজা৷

You might also like