নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ এক হৃদয় কঁপি যোৱা ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ চাউলখোৱাত। মাতৃৰ বুকুৰ পৰা কাঢ়ি নি ২৭ দিনীয়া দেৱশিশুক হত্যা দুৰ্বৃত্তৰ। নিশা মাকৰ লগত শুই থকাৰ অৱস্থাত মাহিৰা বেগম নামৰ শিশুটিক হত্যা কৰি দুৰ্বৃত্তই প্ৰতিবেশীৰ শৌচাগাৰৰ টেংকীত পেলাই থৈ যায়। আৰক্ষীয়ে ঘটনাসন্দৰ্ভত পিতৃ চাজিদুল আলী, বৰদেউতাক ইদুল আলী আৰু ককাক সুভান আলীক আটক কৰিছে। আনহাতে সমগ্ৰ ঘটনা এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।
Prev Post
Next Post