নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬১ ত ভৰি দিলে ভাৰতীয় ক্ৰিকেটৰ মহানায়ক কপিল দেৱে…অসংখ্য গুণমুগ্ধই জনালে শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট ইতিহাসত কপিল দেৱ নাম নহয় যেন এক সোণোৱালী ক্ষণহে । ১৯৮৩ চনৰ ১৮ জুন । কপিল দেৱৰ আটাইতকৈ সুন্দৰ আৰু মনত থকা দিন বুলি পৰিচিত এই দিনটোতে ভাৰতে জিম্বাবুৱেৰ বিৰুদ্ধে জিকিলেই বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰাতো নিশ্চিত হৈ পৰিছিল । কিন্তু এই খেলখনতে ৯ ৰানৰ বিনিময়ত মাত্ৰ ৪ তাকৈ উইকেট  আৰু অভিজ্ঞ বেটছমেনক হেৰুৱাই সংকটত পৰিছিল ভাৰতীয় দলটো । অৱশ্যে অধিনায়ক কপিল দেৱেই ১৭৫ ৰান আৰু ৫ টাকৈ উইকেট দখল কৰি অলৰাউণ্ডাৰৰ ভূমিকা পালন কৰি ভাৰতীয় দলটোক বিশ্বকাপ জিকাৰ ক্ষেত্ৰত আগুৱাই নিছিল ।

এইগৰাকী কপিল দেৱৰ আজি জন্মদিন । আজি ৬১ বছৰীয়া হ’ল ভাৰতক বিশ্বচেম্পিয়নৰ সোৱাদ দিয়া অধিনায়ক কপিল দেৱ ৷ ৮৩ বিশ্বকাপত এক সোণালী ইতিহাস ৰচি ভাৰতীয় ক্ৰিকেটক বিশ্বক্ৰিকেটত সিংহৰূপে পৰিচয় কৰোৱা ৮৩ ৰ অধিনায়ক কপিল দেৱ আজিও সকলোৰে বাবে যেন কপিল পাজি ।

১৯৮৩ ৰ বিশ্বকাপৰ খিতাপ ভাৰতক উপহাৰ দিয়া এইগৰাকী খেলুৱৈৰ জন্মদিনটোত ছ’চিয়েল মিডিয়াযোগে অসংখ্য গুণমুগ্ধই শুভেচ্ছাৰে ভৰাই তুলিছে ।

উল্লেখ্য যে- এগৰাকী সফল অলৰাউণ্ডাৰ হিচাপে পৰিচিত কপিলদেৱৰ নেতৃত্বতে ভাৰতে ১৯৮৩ চনৰ বিশ্বকাপৰ ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ দখল কৰিছিল ৷

এইগৰাকী খেলুৱৈৰ জন্মদিনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টুইট যোগে ‘টীম ইণ্ডিয়াৰ সকলোতকৈ মহান অলৰাউণ্ডাৰ আৰু ৮৩ বিশ্বকাপজয়ী অধিনায়ক’ আখ্যা দি তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে ।

ইয়াৰোপৰি কপিল দেৱৰ জীৱনভিত্তিক ছবি ‘৮৩’ ত কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা ৰণবীৰ সিঙেও ছবিখনৰ চুটিঙৰ সময়ৰ এখন ফটোৰে শুভেচ্ছা জ্ঞাপন কৰিছে ।

 

View this post on Instagram

 

A post shared by Ranveer Singh (@ranveersingh) on

You might also like