নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্য সম্পৰ্কত কেইটামান কথা…

সাধাৰণতে মানুহে তিনি প্রকাৰৰ আহাৰ গ্রহণ কৰে৷ সাত্ত্বিক, ৰাজসিক আৰু তামসিক৷ সাত্ত্বিক আহাৰ উৎকৃষ্ট শ্রেণীত পৰে৷ ৰাজসিক আহাৰ মধ্যম শ্রেণীত আৰু তামসিক আহাৰ দুর্বল শ্রেণীত পৰে৷ সাত্ত্বিক আহাৰ গ্রহণ কৰিলে মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধন হয়৷ সাত্ত্বিক খাদ্যই সুস্বাস্থ্য গঠনৰ মূলমন্ত্র৷ এনে খাদ্যই শৰীৰক বৃদ্ধ বয়সতো নিৰোগী কৰি ৰাখি শৰীৰ আৰু মনৰ সুখ–স্বাচ্ছন্দ্য অটুট ৰাখে৷ ফলমূল, শাক–পাচলি, দাইল, বাদাম, গাখীৰ আদি সাত্ত্বিক খাদ্য৷ ৰাজসিক খাদ্যত আমিষ আৰু নিৰামিষ দুয়োবিধেই থাকে৷ এনে খাদ্য তৃপ্তিকৰ কৰিবৰ কাৰণে বিভিন্ন মা–মচলাদি ৰন্ধাৰ ফলত ইয়াৰ সাত্ত্বিক গুণ নষ্ট হয়৷ ফলত ইয়াৰ পুষ্টি গুণ কমি যায়৷ সেই কাৰণে এই শ্রেণীৰ খাদ্যক দ্বিতীয় স্তৰৰ খাদ্য ৰূপে গণ্য কৰা হয়৷ এই ৰাজসিক খাদ্যই শাৰীৰিক আৰু মানসিক উন্নতি সাধন কৰিলেও আধ্যাত্মিক উৎকর্ষ সাধন কৰিব নোৱাৰে৷

তামসিক খাদ্যই শাৰীৰিক আৰু মানসিক কল্যাণ সাধন কৰিব নোৱাৰে৷ এই শ্রেণীৰ খাদ্যসমূহ হ’ল– বাহি খাদ্য, অপৰিষ্কাৰ খাদ্য, পচা খাদ্য, শুকান খাদ্য আদি৷
আহাৰ যেতিয়া আমাৰ শৰীৰৰ অবিচ্ছেদ্য অংগ, সেই কাৰণে আমাৰ শৰীৰৰ বাবে প্রয়োজনীয় সকলোখিনি পুষ্টিকৰ উপাদান থকা সুষম আহাৰহে গ্রহণ কৰা উচিত৷ পুষ্টিকৰ উপাদানসমূহ হ’ল– শ্বেতসাৰ, প্রটিন, চর্বি, ভিটামিন আৰু খনিজ লৱন৷ দৈনিক আহাৰত খাদ্যৰ এই সকলোখিনি উপাদান থাকিলেও আমি খোৱা খাদ্য বস্তু ৰুচিকৰ, সুগন্ধিযুক্ত, বীজাণুনাশক আৰু সহজে হজম হয়৷ কিন্তু ৰান্ধোতে খাদ্য বস্তুৰ পুষ্টিকাৰক গুণসমূহ যাতে নষ্ট নহয় তাৰ বাবে ৰান্ধনীগৰাকী বিশেষভাৱে সচেতন হ’ব লাগে৷ আমি দৈনিক খোৱা খাদ্যত পুষ্টিকৰ উপাদানসমূহ থাকিবই লাগিব৷ শাক–পাচলি আৰু ফলমূলৰ পৰাই আমি ভিটামিন আৰু খনিজ লৱন আহৰণ কৰোঁ৷

এই ভিটামিন আৰু খনিজ লৱন শাক–পাচলি আৰু ফলমূলৰ একেবাৰে গাতে লাগি থাকে৷ সেই কাৰণে ৰান্ধিবলৈ লোৱা পাচলিৰ বাকলি খুব পাতলকৈ গুচাব লাগে৷ যিবোৰ পাচলি বাকলি নুগুচোৱাকৈও ৰান্ধিব পাৰি তেনেবোৰ বাকলি নুগুচোৱাকৈ ৰন্ধাই ভাল৷ ৰন্ধাৰ ঠিক আগমুহূর্ততহে শাক–পাচলি ভালকৈ ধুই কাটিব লাগে৷ বাকলি গুচোৱাৰ পিছত শাক–পাচলি কেতিয়াও ধুব নালাগে৷ ধুলে বহুতো পুষ্টিকৰ উপাদান পানীৰ লগত মিহলি হৈ নষ্ট হয়৷ ধোৱাৰ পিছত বাকলি গুচোৱাৰ ঠিক পিছতে পাচলি মজলীয়া আকাৰত কাটি খৰধৰকৈ ৰান্ধিব লাগে৷ ৰন্ধাৰ পিছতো খাদ্যবস্তু বেছি পলমকৈ নাৰাখি খৰধৰকৈ পৰিৱেশন কৰিব লাগে৷ শাক–পাচলি কুটাও এটা জানিবলগীয়া কথা৷ পাচলি যিমানেই সৰুকৈ কটা হয়, সিমানেই তাৰ পুষ্টিকাৰক গুণ লোপ পায়৷ শাক ভালকৈ ধুই বাচি মিহিকৈ কুটিব লাগে৷ কটা শাক–পাচলি কেতিয়াও তিয়াই থ’ব নালাগে৷ শাক ভাজোঁতে প্রথম পাঁচ মিনিটমান মুকলিকৈ ৰাখি তাৰ পিছত ঢ়াকোন মাৰিব৷ এনেকৈ ৰান্ধিলে খাদ্যৰ ৰং সুন্দৰ হয় আৰু খাবলৈও জুতি লগা হয়৷ ৰন্ধা পাচলিত খাৰ আদি ব্যৱহাৰ কৰিলে ভিটামিন নষ্ট হয়৷ আলু আগতে সিজাই লৈ পিছতহে বাকলি গুচাব লাগে৷ কাৰণ আলুৰ বাকলিতে ভালেখিনি পুষ্টিকৰ উপাদান থাকে৷ আলুৰ বাকলিখিনিও পেলাই নিদি ভাজি খাব পাৰি৷

মাছ, মাংস আদি কুটিব–বাচিব জনাটোও এটা প্রয়োজনীয় কথা৷ মাছ, মাংস ভালকৈ কাটিব–বাচিব নাজানিলে ইয়াৰ অখাদ্য অংশবোৰ একাকাৰ হৈ খোৱাৰ অনুপযোগী হয়৷ মাছ যিমানেই ধোৱে সিমানেই ভাল৷ কিন্তু মাংস বৰ নুধুলেও হয়৷ ভালকৈ চাই–চিতি দুবাৰমান ধুলেই হয়৷
আমাৰ প্রায়ভাগ মানুহৰে প্রধান আহাৰ হ’ল ভাত৷ ইয়াৰ পৰাই ঘাইকৈ শক্তি পোৱা যায়৷ গতিকে ভাত ৰান্ধিবলৈ লোৱা চাউলখিনি ধুওঁতেই সচেতন হোৱা আৱশ্যক৷ চাউল ভালকৈ চালি–জাৰি চাই অলপকৈ ধুইহে ৰান্ধিব লাগে৷ ঘঁহি ঘঁহি ধুই চাফা কৰি ল’লে চাউলৰ গাতে লাগি থকা খাদ্যপ্রাণখিনি নষ্ট হৈ যায়৷ ভাতৰ মাৰ কেতিয়াও কাঢ়িব নালাগে৷ ভাতৰ মাৰ কাঢ়িলেও ভাতৰ পুষ্টিকাৰক গুণ লোপ পায়৷ অৱশ্যে ডায়েবেটিছ থকা মানুহে মাৰ কঢ়া ভাতহে খাব লাগে৷

কিন্তু আহাৰ স্বাস্থ্যসন্মতকৈ ৰন্ধাটোৱেই আচল কথা নহয়৷ কেনেকৈ পৰিৱেশন কৰিব লাগে সেইটো জনাটোও অতি গুৰুত্বপূর্ণ বিষয়৷ সাধাৰণতে পৰিয়ালৰ গৃহিণীগৰাকীয়েই ৰন্ধা–বঢ়া কৰে, তেওঁলোকে মনত আনন্দ যোগাৰ কৰাটোও গৃহিণীৰ কৃতিত্ব৷ এইক্ষেত্রত গৃহিণীগৰাকীৰ কিছুমান বিশেষ গুণৰ আৱশ্যক৷ অর্থাৎ গৃহিণীগৰাকী ধৈর্যশীল, হাঁহিমুখৰ, সুৰুচিসম্পন্ন মনোযোগীে, পৰিষ্কাৰ আৰু সকলোৰে প্রতি সমদৃষ্টি হ’ব লাগিব৷ কিয়নো পৰিৱেশনকাৰীৰ আচাৰ–ব্যৱহাৰ আৰু প্রকৃতিৰ ওপৰতে খাওঁতাৰ তৃপ্তি নির্ভৰ কৰে৷ গতিকে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য গঠন, গৃহিণীগৰাকীৰ ওপৰতো বহুখিনি নির্ভৰ কৰে৷

You might also like