নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি ব্যৱহাৰ কৰা মাস্কখনৰ বিষয়ে…

- ডাঃ ৰুবী কটকী

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ বর্তমান বিশ্বব্যাপী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আতংক৷ সমগ্র বিশ্বতে অতিমাৰীৰ ৰূপ ধাৰণ কৰা ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ দ্বাৰা আক্রান্ত ৰোগীৰ সংখ্যা আমাৰ মাজত দ্রুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ বিভিন্ন পৰীক্ষা–নিৰীক্ষা, চিন্তা–চর্চাৰ জৰিয়তে সমগ্র বিশ্ব এটি সিদ্ধান্তত উপনীত হৈছে যে ক’ভিড–১৯ আমাৰ মাজৰ পৰা একেবাৰে নোহোৱা হৈ নাযাব পাৰে৷ ই আমাৰ মাজত এক দীর্ঘদিনীয়া বা চিৰদিনীয়া সমস্যা হৈ থাকি যাব পাৰে৷ গতিকে ক’ভিড–১৯ সন্দর্ভত স্বাস্থ্য বিভাগ, চৰকাৰ, প্রশাসন আদি এই সমস্যাৰ লগত জড়িত বিভাগসমূহে এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ যি প্রয়োজনীয় পৰামর্শ আৰু নিয়মাৱলী ইতিমধ্যে আগবঢ়াইছে আমি সেই সৰু সৰু, সাধাৰণ নিয়মবোৰ গুৰুত্বসহকাৰে পালন কৰি ক’ৰোনা ভাইৰাছৰ পৰা হাত সাৰি থাকিব পাৰোঁ, এই ৰোগৰ লগত সহাৱস্থান কৰিব পাৰোঁ৷

সমগ্র বিশ্বৰে আগশাৰীৰ বিজ্ঞানাগাৰত বিজ্ঞানীসকলে অহর্নিশে ক’ভিড–১৯ ৰোগবিধৰ বীজাণু প্রতিৰোধ বা নির্মূল কৰিবলৈ গৱেষণাত একান্তভাৱে ব্রতী হৈ আছে৷ বর্তমানলৈ এই ৰোগৰ ভেকচিন আৱিষ্কাৰে বিশ্ববাসীলৈ সুখবৰ কঢ়িয়াই আনিছে যদিও এই প্রতিষেধক সকলোৰে বাবে গ্রহণযোগ্য হ’বলৈ আৰু সর্বত্র উপলব্ধ হ’বলৈ সময় লাগিব৷ গতিকে ক’ভিড–১৯ৰ বর্তমানৰ তাণ্ডৱ পৰিস্থিতি প্রতিহত আৰু নিয়ন্ত্রণ কৰিবলৈ আমি অধিক সাৱধানতা অবলম্বন কৰিব লাগিব৷ সাধাৰণতে জ্বৰ বা শৰীৰৰ উত্তাপ বৃদ্ধি, মূৰৰ বিষ, ডিঙিৰ বিষ বা চর্চৰণি, কাহ বা উশাহ–নিশাহত পোৱা কষ্ট পোৱা, পেটৰ অসুখ আদি লক্ষণেৰে ক’ভিড–১৯ ৰোগৰ সৃষ্টি কৰিব পৰা এই ক’ৰোনা ভাইৰাছ আমাৰ মুখৰ লেলাউটি বা থু আৰু নাকৰ শেঙুন বা ডিঙিৰ খেঁকাৰৰ কণিকাৰ দ্বাৰা সংক্রমিত হয়৷ এইবিধ ভাইৰাছ আমাৰ নাক, নাকৰ ভিতৰৰ অংশ Nasopharynx) আৰু আমাৰ মুখগহ্বৰৰ লগত সংযুক্ত হৈ থকা ঊর্ধ্ব শ্বাসতন্ত্র বা Oropharynx) ফেৰিংছৰ শ্লেস্মা আৱৰণত সংপৃক্ত হৈ থাকে৷ এজন মানুহে কাহ বা হাঁচি মাৰিলে মুখৰ থু বা শ্লেস্মাৰ কণিকা প্রায় ছয় ফুট বা দুই মিটাৰ দূৰত্বলৈ ছিটিকি যাব পাৰে৷ সেইবাবে আমি সকলোৱে কাহ বা হাঁচি মাৰিলে নাক, মুখ ঢ়াকি লোৱাটো নিতান্ত প্রয়োজন৷ নহ’লে আক্রান্ত ৰোগীৰ দেহৰ পৰা এই ভাইৰাছে ছিটিকি গৈ অন্য ব্যক্তিৰ মুখমণ্ডল বা দেহত পৰিব পাৰে আৰু মুখ, চকু আৰু নাকৰ জৰিয়তে শৰীৰলৈ প্রৱেশ কৰি বেমাৰৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে ক’ভিড–১৯ৰ এই সংক্রমণ শৃংখল ভংগ কৰি এই ৰোগৰ পৰা বাচি থাকিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে পৃথিৱীৰ আগশাৰীৰ স্বাস্থ্য পৰিষদ আৰু আমাৰ দেশৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে কিছুমান অতি সহজ, সৰল আৰু সকলোৱে মানি চলিব পৰা পৰামর্শাৱলীৰ নির্দেশনা জাৰি কৰিছিল, যিবোৰ আমি কম–বেছি পৰিমাণে সকলোৱে মানি আহিছোঁ৷ সেইবোৰ হৈছে, সংক্ষেপেSMS (এছ এম এছ)S- Sanitize, M- Mask আৰুS- Social distancing.

ক) সঘনাই চাবোনেৰে ভালদৰে হাত দুখন ধুই উন্নতমানৰ ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে৷ আমাৰ শৰীৰৰ প্রায় ৬০ শতাংশ সংক্রমণ আমাৰ হাত দুখনৰ পৰাই হয়, গতিকে হাত ধুওঁতে মনোযোগ আৰু যতনেৰে ধুব লাগে৷ আঙুলিৰ নখ আৰু ফাঁকবোৰ, হাতৰ তলুৱা আৰু কিলাকুটিলৈকে হাত দুখন ঘঁহি ঘঁহি ধুব লাগে৷
খ) নাক–মুখ ঢ়াকি আৱৰণ বা ফেচ মাস্ক ব্যৱহাৰ কৰাটো অতি প্রয়োজনীয়৷
গ) সামাজিক দূৰত্ব বজাই ৰাখিব লাগে৷ পৰাপক্ষত ঘৰতে থাকিব পাৰিলে ভাল৷ মানুহৰ ভিৰ বা জনসমাগম হোৱা স্থানৰ পৰা নিজকে নিলগাই বা আঁতৰাই ৰখাটো উচিত৷
এই সকলোবোৰ ব্যৱস্থাপনাৰ ভিতৰত ফেচ মাস্কৰ ব্যৱহাৰ সকলোতকৈ ফলপ্রসূ আৰু ব্যৱহাৰিক বুলি বিবেচনা কৰা হৈছে৷ কিয়নো হাত ধোৱা আৰু ছেনিটাইজাৰ ব্যৱহাৰৰ ক্ষেত্রত চাবোন আৰু পানী বা হাত ধোৱাৰ সুবিধা সকলো ঠাইতে উপলব্ধ নহ’ব পাৰে৷ ঠিক তেনেদৰে উন্নতমানৰ ছেনিটাইজাৰ ব্যৱহাৰৰ ক্ষেত্রতো অর্থনৈতিক দিশৰ পৰা আৰম্ভ কৰি আৰু বহুতো কথা বিবেচনা কৰি চাবলগীয়া হয়৷ তদুপৰি ‘লক ডাউন’, ‘সামাজিক দূৰত্ব’ আদি কাৰকবোৰে দৈনন্দিন কার্যপ্রণালীত স্থবিৰতা আনিছে আৰু আর্থ–সামাজিক দিশটো স্পর্শকাতৰ কৰি তুলিছে৷ গতিকে এনে সময়ত আমি প্রণালীবদ্ধভাৱে নিজকে শাৰীৰিক আৰু মানসিকভাৱে প্রস্তুত কৰি ক’ৰোনাৰ লগত সহাৱস্থান কৰিব লাগিব আৰু এনে ক্ষেত্রত ফেচ মাস্ক পৰিধান কৰাটো অত্যন্তই জৰুৰী৷
ফেচ মাস্ক কিয় ব্যৱহাৰ কৰিব লাগে?
ফেচ মাস্ক পিন্ধিলে আমাৰ মুখৰ থু বা নাকৰ পৰা ওলোৱা সংক্রমণৰ কণিকা আনৰ দেহত নপৰেগৈ৷ একেদৰেই অন্য ব্যক্তিৰ মুখ বা নাকৰ পৰা হাঁচি, কাহৰ জৰিয়তে ছিটিকি অহা বেমাৰৰ বীজাণুও মাস্ক থাকিলে নাক–মুখৰ জৰিয়তে শৰীৰৰ ভিতৰলৈ প্রৱেশ কৰিব নোৱাৰে৷ তথ্য মতে যদি ক’ভিড আক্রান্ত ব্যক্তিয়ে মাস্ক পৰিধান নকৰে আৰু তেওঁৰ সংস্পর্শলৈ অহা ব্যক্তিজনে মাস্ক ব্যৱহাৰ কৰে তেতিয়া সংক্রমণৰ হাৰ ৭০ শতাংশ৷ যদি আক্রান্ত ব্যক্তিজনে মাস্ক পৰিধান কৰে তেওঁৰ সংস্পর্শলৈ অহা ব্যক্তিজনে মাস্ক নিপিন্ধে তেতিয়া সংক্রমণৰ হাৰ হয় ৫ শতাংশ৷ আনহাতে, যদি ৰোগী আৰু তেওঁৰ সান্নিধ্যলৈ অহা ব্যক্তি, দুয়ো মাস্ক পৰিধান কৰে, তেনে ক্ষেত্রত সংক্রমণৰ হাৰ হয় মাত্র ১.৫ শতাংশ৷ অন্যথা ৰোগী আৰু তেওঁৰ সান্নিধ্যলৈ অহা লোক, দুয়োজনেই মাস্ক পৰিধান নকৰে তেতিয়া হ’লে নক’লেও হ’ব যে সংক্রমণৰ হাৰ ৰোধ কৰিব নোৱাৰা পর্যায় পায়গৈ৷ সেয়েহে পৰিস্থিতিৰ গুৰুত্ব বুজি এই সময়ত আমি সকলোৱে প্রয়োজনত মাস্ক ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূর্ণ৷

মাস্ক ব্যৱহাৰৰ ক্ষেত্রত কিছুমান জানিবলগীয়া কথা-

কি মাস্ক ব্যৱহাৰ কৰিব: বজাৰত এতিয়া ফেচ মাস্ক উভৈনদী৷ বিভিন্ন ধৰণৰ, বিভিন্ন ডিজাইনৰ, বিভিন্ন ৰঙৰ ফেচ মাস্কেৰে বজাৰ ভৰি পৰিছে৷ সেয়ে হ’লেও মাস্কখন কিনাৰ সময়ত অলপ সচেতন হ’লে ভাল৷ মাস্কখনৰ প্রধান উদ্দেশ্য হৈছে সংক্রমণ ৰোধ কৰা৷ সেই কাৰণে এইক্ষেত্রত উন্নতমানৰ ফেচ মাস্ক ব্যৱহাৰ কৰিলে ভাল৷ এন–৯৫, ছার্জিকেল মাস্ক বা ভালদৰে তৈয়াৰ কৰা কাপোৰৰ মাস্ক ব্যৱহাৰ কৰিব পাৰি৷ এন–৯৫ বাValved maskৰ ব্যৱহাৰৰ ক্ষেত্রত কিছু সীমাবদ্ধতা আছে৷ সাধাৰণতে চিকিৎসক আৰু চিকিৎসা ক্ষেত্রত জড়িত স্বাস্থ্যকর্মীসকলে এন–৯৫ মাস্ক পৰিধান কৰে৷ এন–৯৫ বা ভালভ্ড মাস্কে বাহিৰৰ পৰা যোৱা বায়ু পৰিশোধন কৰে৷ কিন্তু নিশাহত এৰি দিয়া বায়ু পৰিশোধিত নহয়৷ সেয়েহে যদি আক্রান্ত ব্যক্তিয়ে এনেধৰণৰ মাস্ক পৰিধান কৰে তেনেহ’লে তেওঁলোকে বেমাৰ বিয়পোৱাৰ সম্ভাৱনা থাকে এনে ক্ষেত্রত এন–৯৫ ব্যৱহাৰ কৰা ব্যক্তিয়ে এন–৯৫ মাস্কখনৰ ওপৰত এখন ছার্জিকেল মাস্ক লগাব পাৰে বা লগোৱা উচিত৷
ছার্জিকেল মাস্ক ব্যৱহাৰ কৰাৰ সময়ত কোনটো ফাল বাহিৰৰ আৰু কোনটো ভিতৰৰ সেইটো ভালদৰে চাই পৰিধান কৰিব লাগে৷
কাপোৰৰ মাস্ক হ’লে মিহি কপাহী কাপোৰৰ হ’লে ভাল হয়, যাতে উশাহ–নিশাহত অসুবিধা নহয়৷
মাস্ক ব্যৱহাৰ কৰাৰ সময়ত চাব লাগে যাতে মাস্কখনে নাক–মুখ সম্পূর্ণ ৰূপে ঢ়াকি মুখত খাপ খাই পৰে৷ মুখৰ জোখতকৈ ডাঙৰ ঢ়িলা মাস্ক আৰু সৰু টান মাস্কে ইয়াৰ ব্যৱহাৰৰ উদ্দেশ্য পৰিপূৰণ নকৰে৷ সঠিক জোখৰ মাস্ক ব্যৱহাৰ নকৰিলে, মাস্ক পিন্ধা নিপিন্ধা একেটাই হয়, এনে ক্ষেত্রত পিন্ধাতকৈও নিপিন্ধাই ভাল হয়৷

মাস্ক কেনেকৈ ব্যৱহাৰ কৰিব: কি নিয়ম মানি চলিব
১৷ নাক–মুখ ঢ়াকি; সঠিকভাৱে মুখত খাপ খাই পৰা মাস্কৰ সহায়ত নাক–মুখ সুন্দৰকৈ ঢ়াকি মাস্ক পৰিধান কৰিব লাগে৷ মাস্ক আৰু মুখখনৰ কাষে কাষে যাতে ফাঁক নাথাকে সেইটো মন কৰিব লাগে৷ মাস্কখন পিন্ধাৰ পিছত লক্ষ্য কৰিব লাগে যাতে সাধাৰণভাৱে উশাহ–নিশাহ লওঁতে একো কষ্ট নহয়৷
২৷ মাস্কখন বাৰে বাৰে হাতেৰে চুই মুখত খাপ খোৱাবলৈ বা ঠিক কৰিবলৈ চেষ্টা নকৰিব৷ এনেকুৱা অভ্যাসে সংক্রমণৰ আশংকা দুগুণ বঢ়ায়৷
৩৷ কথা কোৱাৰ সময়ত মাস্কখন খুলি নল’ব বা তললৈ নমাই নল’ব৷ মনত ৰাখিব কথা কোৱাৰ সময়তো মুখৰ পৰা থুৰ লগত বীজাণু ছিটিকি আহিব পাৰে৷
৪৷ পানী বা খাদ্য বস্তু খোৱাৰ সময়ত বা অন্য কিবা প্রয়োজনত যেতিয়া মাস্কখন খুলিব লগা হয়, তেতিয়া ইয়াক সম্পূর্ণৰূপে খুলি ভালদৰে থ’ব লাগে আৰু আকৌ যেতিয়া লগাবলগীয়া হয় তেতিয়া কোনটো ভিতৰৰ ফাল আৰু কোনটো বাহিৰৰ ফাল সেইটো ভালদৰে লক্ষ্য ৰাখি, ধোৱা ছেনিটাইজ কৰা হাতেৰে লগাব লাগে৷
৫৷ মুখৰ পৰা যেতিয়া মাস্কখন খোলে তেতিয়া সদায় কাণত লগাই থোৱা ৰছী বা ষ্ট্রেপ দুডালত টানি খুলিব লাগে৷ মুখৰ ওপৰত মাস্কখন ধৰি খুলিব নালাগে৷ যদি ছার্জিকেল মাস্ক হয় তেতিয়াহ’লে খোলাৰ লগে লগে সাৱধানতাৰে মাস্কখন ব্লিচিং ছলিউচনত তিয়াই বন্ধ কৰি থ’ব পৰা ডাষ্টবিনত পেলাই দিব লাগে৷ কাপোৰৰ হ’লে ভালদৰে ধুই পুনৰ ব্যৱহাৰ কৰিব পাৰি৷
৬৷ ছার্জিকেল মাস্ক ৬ ঘণ্টাতকৈ অধিক ব্যৱহাৰ কৰিব নালাগে৷ এন–৯৫ মাস্ক ৬ ঘণ্টাতকৈ অধিক ব্যৱহাৰ কৰিব নালাগে৷ এন–৯৫ৰ দৰে মাস্ক একেৰাহে বহুত দিন ব্যৱহাৰ কৰিব নোৱাৰে৷ এইবোৰ ধুই পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি৷
৭৷ বন্ধু, বান্ধৱ, চিনাকি, আপোনজন বুলি তেনেকুৱা লোকৰ সান্নিধ্যলৈ আহিলে বা কথা–বতৰা পাতিব লগা হ’লে মাস্ক ব্যৱহাৰ নকৰাকৈ নাথাকিব৷
৮৷ নিজৰ পিন্ধা মাস্কখন কাকো ব্যৱহাৰ কৰিবলৈ নিদিব, তেনেদৰে আনৰখনো আপুনি ব্যৱহাৰ নকৰিব, লাগিলে সেয়া আপোনাৰ বুকুৰ আপোনজনেই নহওক কিয়?
৯৷ ব্যৱহাৰ কৰা মাস্কখন খুলি কেতিয়াও পেণ্টৰ পকেট, হেণ্ড বেগ বা অন্য কোনো আপোনাৰ সুবিধাজনক ঠাইত নাৰাখিব৷ এইবোৰৰ পৰা সংক্রমণ হোৱাৰ ভয় থাকে৷ এবাৰ ব্যৱহাৰৰ উপযোগী ছার্জিকেল মাস্কবোৰ ব্যৱহাৰৰ পিছত ল’বলগীয়া সাৱধানতা লৈ পেলাই দিয়ক৷ মনত ৰাখিব আমি ব্যৱহাৰ কৰা অকণমানি ফেচ মাস্কখনে বায়ুৰ জৰিয়তে সংক্রমণ হ’ব পৰা বিভিন্ন বেমাৰৰ পৰা আমাক ৰক্ষা কৰিব পাৰে৷ সেয়েহে এইক্ষেত্রত আমি সজাগ, সচেতন হ’ব লাগে৷ ঘৰৰ পৰা ওলাই যেতিয়াই আমি বাহিৰলৈ, জনসমাগম হোৱা ৰাজহুৱা স্থানলৈ যাওঁ তেতিয়াই আমি মাস্কখন ব্যৱহাৰ কৰা উচিত৷ লক্ষণ নথকা বহু ক’ভিড ৰোগী নিজৰ অজানিতে বাহিৰত ঘূৰা–পকা কৰি থাকিব পাৰে আৰু বতাহত বীজাণু এৰি দিব পাৰে৷ গতিকে নিজে সাৱধান হওক৷ সাৱধানৰ মৰণ নাই৷ নিজে বাচক, আনকো বচাওক৷ ফেচ মাস্কখন নাক–মুখ ঢ়াকি মুখত পিন্ধিবলৈহে, কাণৰ বা থুঁতৰিত ওলমাবলৈ নহয়৷

You might also like