নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লেক ফাংগাছ ভাইৰাছ ইত্যাদি…

-ড০ ইভা হাজৰিকা

আমি সকলোৱে জানো যে বায়ুমণ্ডলত, মাটি, পানী, গছ–গছনি, মানুহ বা প্রাণীৰ দেহত সকলোতে অণুজীৱসমূহে বাস কৰে৷ ইতিমধ্যে প্রমাণিত হৈছে যে এচামুচ মাটিত যিমান সংখ্যক অণুজীৱ আছে সেয়া গোটেই বিশ্বত থকা জীৱকুলৰ সংখ্যাৰ তিনিগুণ হ’ব৷ তেন্তে অনুমান কৰিব পাৰিছেনে যে এচামুচ মাটিতেই যেতিয়া ইমানসংখ্যক অণুজীৱ আছে, আমাৰ চাৰিওকাষে কিমান অণুজীৱ থাকিব পাৰে৷ এই অণুজীৱসমূহ হ’ল বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ, শেলাই, প্রট’জৱা ইত্যাদি যিসমূহ অণুবীক্ষণ যন্ত্র অবিহনে দেখা সম্ভৱ নহয়৷
এতিয়া আহোঁ কেৱল ভেঁকুৰৰ কথালৈ৷ ২০২০ চনলৈকে মুঠ ১৮৪,০০০বিধ প্রজাতিৰ ভেঁকুৰ চিনাক্ত কৰা হৈছে৷ কিন্তু জৈৱ বৈচিত্র্যৰ ফালৰ পৰা বিজ্ঞানীসকলে অনুমান কৰিছে ৩.৮ নিযুত ভেঁকুৰ হয়তো আছে৷ ভেঁকুৰ বুলিলে একেবাৰে সূক্ষ্ম অণুজীৱৰ পৰা ডাঙৰ কাঠফুলালৈকে আছে৷ কিছুমান ভেঁকুৰ মানুহৰ বাবে উপকাৰী বা মানুহে খাদ্যত ব্যৱহাৰ কৰিব পাৰে আৰু আন কিছুমান বিষাক্ত বা অনিষ্টকাৰক৷ সাধাৰণতে আমি ব্যৱহাৰ কৰাসমূহৰ ভিতৰত আছে ইষ্ট আৰু মাশ্বৰূম৷ মানুহে মাশ্বৰুমৰ ব্যৱহাৰ ৫,৩০০ বছৰ আগৰে পৰা কৰি আহিছে বুলি প্রমাণিত হৈছে৷ ইটালীৰ এটা মিউজিয়ামত পাঁচ ফুট তিনি ইঞ্চি ওখ ৫,৩০০ বছৰ আগৰ এক্সিট মাম্মী (ফছিল মানৱদেহ) যাক আইচমেন বুলি কোৱা হয়, সেই মানৱদেহৰ হাতত দুটা মাশ্বৰূম আছিল৷
ভেঁকুৰসমূহৰ সালোকসংশ্লেষণ প্রক্রিয়া নহয় বাবে ইহঁত সেউজীয়া নহয়৷ ভেঁকুৰৰ বিষয়ে অধ্যয়ন কৰা বিষয়টো মায়ক’লজী বুলি কোৱা হয়৷ বর্তমান বেছিকৈ চর্চা হৈ থকা ব্লেক ফাংগাছ Black Fungus) হৈছে এনে এবিধ ভেঁকুৰ৷ ই মিউকৰ নামৰ ভেঁকুৰবিধৰ এটি প্রজাতি৷ মিউকৰৰ ৫০টা প্রজাতি ভালধৰণে চিনাক্ত এতিয়ালৈকে হৈছে৷ বায়ুমণ্ডলত সেমেকা দেৱাল, পচা জৈৱিক বস্তু, গোবৰ, পচা খাদ্য –সকলোতে মিউকৰ পোৱা যায়৷ আমি যদি এটুকুৰা খাবলৈ অনা পাউৰুটী কেইবাদিনো বাহিৰত থৈ দিওঁ তেতিয়া চকলা চকল ক’লা প্রলেপ পৰা দেখা পোৱা যায়৷ সেইসমূহেই হৈছে মিউকৰ৷ লগতে অন্যান্য অণুজীৱও থাকে৷ ১৬৬৫ চনত পোনপ্রথমবাৰ ৰবার্ট হুক নামৰ এজন বিজ্ঞানীয়ে মিউকৰ ভেঁকুৰবিধৰ উপস্থিতি ধৰা পেলায়৷ মিউকৰৰ ৫০টা প্রজাতিৰ ভিতৰত প্রায়বোৰেই যদিও মৃতজীৱী (মৃতক বা পেলনীয়া জৈৱিক বস্তুৰ ওপৰত হোৱা) তাৰে কেইটামান প্রজাতি আছে পৰজীৱী Parasitic) এইকেইটা হৈছে Mucor circinelloides, Mucor Indicus, Mucor ramosissimus মিউকৰসমূহৰ দেহটো হাইফাৰ দ্বাৰা গঠিত৷ হাইফা হৈছে চুলিৰ দৰে দীঘল কোষ৷ এই কোষসমূহৰ ভিতৰত কোনো ভাগ নাথাকে৷ খুব সোনকালে বাঢ়ি যায়৷ ২–১০ এম এম পৰিধি আৰু দৈর্ঘ্য কেইবা চেণ্টিমিটাৰ পর্যন্ত হয়৷ আন ভেঁকুৰৰ দৰে মিউকৰেও পূৰঠ হ’লে লাখ লাখ ৰেণু উৎপন্ন কৰে, যিসমূহ ক’লা বৰণৰ, ঘূৰণীয়া আৰু বায়ুমণ্ডলত মিলি যায়৷ এই ৰেণুসমূহ আকাৰত এক হাজাৰ মিলিমিটাৰৰ এভাগ৷ (১/১০০০ মি.মি.) এই ৰেণুসমূহ সুবিধা পালেই অংকুৰিত হয় আৰু নতুনকৈ বাঢ়িবলৈ ধৰে৷ ৰেণুসমূহ বায়ুমণ্ডলত কিমান পৰিমাণত থাকে সেইটো নির্ভৰ কৰে জলবায়ুৰ ওপৰতো৷ ভাৰতবর্ষৰ বায়ুমণ্ডলত গ্রীষ্মকালি এই ৰেণুৰ সংখ্যা যথেষ্ট থাকে৷ সাধাৰণতে ঘৰৰ বাহিৰত গ্রীষ্মকালি এই ৰেণুৰ সংখ্যা প্রতি ঘন মিটাৰত যদি ১০০০–৫০০০ থাকে, ঘৰৰ ভিতৰত ইয়াৰ পৰিমাণ ১০০–২৫০ মান হয়৷ দহটামান প্রজাতিৰ সংখ্যা বেছিকৈ থকা দেখা যায়৷ কিছুবছৰ আগতে গ্রীষ্মকালি ব্যক্তিগতভাৱে অধ্যয়ন কৰি দেখা পাইছিলোঁ বায়ুমণ্ডলত থকা এনে অণুজীৱৰ সংখ্যা গুৱাহাটীৰ কেইবাখনো শাক–পাচলি ফলমূলৰ বজাৰ যেনে– ফাঁচীবজাৰ, গণেশগুৰি বজাৰ, উজান বজাৰ, কাছাৰী বজাৰ ইত্যাদিত যথেষ্ট বেছি৷ একেধৰণে চৰকাৰী হাস্পতাল কেইখনমানৰ বহিঃবিভাগতো বেছিকৈ পোৱা গৈছিল৷ ভেঁকুৰৰ ৰেণুবোৰে যেতিয়া উপযুক্ত ঠাই পায়, সেমেকা মাটি, উদ্ভিদ অংশ, সেমেকা বেৰ, ফলমূল, পাচলি ইত্যাদিত পৰি অংকুৰিত হয়৷ এইখিনিতে এটা কথা উল্লেখ কৰিবলৈ মন গৈছে যে মানুহৰ মাজত বেছিকৈ সমাদৃত হোৱা অর্গেনিক খাদ্যসামগ্রীসমূহ অন্য একো নহয়, এইসমূহৰ খেতি কৰা মাটিত উপকাৰী অণুজীৱসমূহৰ মাত্রা বেছি থাকে৷ কাৰণ ইয়াত গোবৰ, পচনসাৰ ইত্যাদি ব্যৱহাৰ কৰা হয় যিসমূহ অণুজীৱৰে ভৰা৷
পৰজীৱী মিউকৰে যেতিয়া আক্রমণ কৰে আৰু যি বেমাৰৰ সৃষ্টি কৰে তাকে কোৱা হয়Mucormycosis৷ ইতিমধ্যে চর্চা হৈ থকা ব্লেক ফাংগাছ হৈছে এনে পৰজীৱী মিউকৰ যিMucormycosis বেমাৰৰ সৃষ্টি কৰিছে৷ ই এক ভয়ানক বেমাৰ৷ এই বেমাৰ সহজে নহয় যদিও বায়ুমণ্ডলত যথেষ্ট পৰিমাণত এই ভেঁকুৰ থাকে৷ যদি এজন মানুহ অন্য বেমাৰত ভুগি আছে, মানুহজনক বেমাৰে নিশকতীয়া কৰি পেলাইছে, হাওঁফাওঁ বা বহুমূত্র ৰোগত স্বাস্থ্য ভাগি পৰিছে বা বীজাণু ৰোধ কৰিব পৰা ক্ষমতা তেওঁৰ বহু কম, তেন্তে এইMucormycosi বেমাৰ আক্রমণ কৰিব পাৰে৷ বর্তমান ক’ভিড ৰোগীসকলৰ ক্ষেত্রত তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে৷ গতিকে এই ৰোগে আক্রমণ কৰাটো অসম্ভৱ নহয়৷ তথাপি এটা কথা ঠিক যে এই ৰোগ কাচিৎহে হোৱা দেখা যায়৷
Mucormycosis চাৰি প্রকাৰৰ থাকে৷
Pulmonary Mucormycosis: কেঞ্চাৰ ৰোগী বা দেহৰ কোনো অংগ প্রত্যাৰোপণ কৰা ৰোগীৰ ক্ষেত্রত সম্ভৱ৷
Gastrointestinal Mucormycosis: কম ওজনৰ এমহীয়া শিশুৰ ক্ষেত্রত হ’ব পাৰে৷ এমাহৰ কম বয়সতে যদি অস্ত্রোপচাৰ কৰিব লগা হোৱা, যাৰ ইমিউন’ ছিষ্টেম দুর্বল তেনে শিশুৰ হোৱাৰ সম্ভাৱনা থাকে৷
Cutaneous Mucormycosis: এইক্ষেত্রত দেহৰ ক্ষত অংশৰ ছালৰ মাজেৰে সোমাই বেমাৰ সৃষ্টি কৰিব পাৰে৷ যদি মানুহজনৰ বীজাণু প্রতিৰোধ কৰিব পৰা ক্ষমতা একেবাৰে কম হয়৷
Disseminated Mucormycosis: এইক্ষেত্রত দেহৰ আন অংশত আক্রমণ কৰাৰ পিছত তেজৰ সোঁতলৈ মিউকৰ শিপাবলৈ আৰম্ভ কৰে৷
এই সকলোবোৰ ভয়ানক যদিও কেতিয়াবাহে এনে বেমাৰ হোৱা দেখা পোৱা যায়৷
অণুজীৱসমূহৰ ভিতৰত ভাইৰাছৰ দ্বাৰা সংক্রমণ হোৱা ৰোগীক ভেকচিন, বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগীক এণ্টিবায়’টিক আৰু ফাংগাছ বা ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগীক এণ্টিফাংগেল ঔষধ দিয়া হয়৷
ভাইৰাছ শব্দটো লেটিন শব্দ৷ ইয়াৰ অর্থ হৈছে বিহ Poison)৷ অণুজীৱসমূহ নথকা হ’লে কোনো জীৱই জীয়াই থাকিব নোৱাৰিলেহেঁতেন৷ ধ্বংসকাৰী অণুজীৱৰ ভিতৰতPox Virusয়ে একালত বৰ আই ৰোগ সৃষ্টি কৰি মানুহৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছিল৷ যেতিয়া ভেকচিন ওলাল তেতিয়া এই ৰোগ দূৰ কৰিব পৰা গ’ল৷ একালত যক্ষ্মাৰোগৰ পৰা পৰিত্রাণ পোৱাটো সম্ভৱ নহৈছিল, যেতিয়া তাৰ এণ্টিবায়’টিক ওলাল তেতিয়া এই ৰোগৰ পৰা মানুহে পৰিত্রাণ পাইছে৷ বর্তমান যি ক’ৰোনা বা ক’ভিড–১৯ সংক্রামক ৰোগ হৈছে ইয়াৰ পৰাও এদিন পৃথিৱীখন মুক্ত হ’ব পাৰিব৷

You might also like