আপোনাৰ গা গোন্ধাই নেকি! কি কৰিব?
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ মানুহৰ দেহৰ পৰা একপ্ৰকাৰৰ গোন্ধ নিৰ্গত হয়। প্ৰতিজন ব্যক্তিৰ ক্ষেত্রতে গাৰ গোন্ধ সুকীয়া সুকীয়া হয়। যিটো কোৱাৰ প্রয়োজন নাই ৷ কিন্তু কিছুমান ব্যক্তি আছে যিসকলৰ গৰমেই হওক বা ঠাণ্ডায়েই হওক গাৰ গোন্ধ উৎকট হয় ৷ যাৰ ফলত ব্যক্তিজন বাৰুকৈয়ে সমস্যাত পৰে ৷ ফুৰিবলৈ গ’লেও বা ঘৰত থাকিলেও অসুবিধাত পৰে।
তেওঁৰ লগতে তেওঁৰ কাষত থকাজনেহে বেছি অস্বস্তিত ভোগে৷ সেই কাৰণে এই সমস্যা থাকিলে অন্য ব্যক্তি এজনৰ ওচৰত থিয় হবলৈও বেয়া লাগে বা সংকোচ ভাব আহে৷ এই সমস্যাৰ গুৰুত্বপূর্ণ কাৰণ হল গা ভালকৈ নোধোৱা৷ একেযোৰ কাপোৰকে একেৰাহে পিন্ধি থকা ইত্যাদি কিন্তু এই সমস্যাৰ পৰা কেনেকৈ হাত-সাৰিব পাৰিব। অলপ সাৱধানতা অৱলম্বন কৰিলেই এই সমস্যাৰ পৰা মুক্ত হব পাৰিব কি কৰিব জানেনে—-
1. শৰীৰটো ঘামমুক্ত কৰি ৰাখিব লাগে ৷ দিনটোত দুবাৰকৈ পৰিষ্কাৰ পানীৰে গা ধুব লাগে ৷ গা ধোৱা পানীখিনিত কেইটোপালমান নেমুটেঙাৰ ৰস মিহলাই ললে ভাল ফল পাব। তদুপৰি পানীখিনিত গোলাপ ফুলৰ ৰস নাইবা পদিনা পাতৰ ৰসো দি লব পাৰে ৷ ইয়ে গাৰ পৰা ওলোৱা দুর্গন্ধ দূৰ কৰাত সহায় কৰিব।ইচ্ছা কৰিলে কেইটোপালমান ডেটলো মিহলাই লব পাৰে ৷
2.বাহিৰৰ পৰা আহি পাৰিলে গাটো ধুই পেলাব ৷
3.কাষলটি তলৰ অলাগতিয়াল নোমসমূহ ৰেজৰ বা হেয়াৰ ৰিমভাৰৰ সহায়ত আঁতৰাই পেলাব ৷ এটা নেমু কাটি লৈ তাৰ ৰস কাষলতিত ঘঁহক আৰু পাঁচ মিনিটৰ পিছত ধুই পেলাওক ৷ যিসকলৰ ছাল সংবেদনশীল হয় তেওঁলোকে নেমু ৰসৰ লগত সমপৰিমাণে পানী মিহলাই লব ৷ ইয়ে দুর্গন্ধমুক্ত কৰিব৷
4.দিনটোত একেযোৰ পোছাককে পিন্ধি নাথাকিব৷ অন্তর্বাস দিনটোত পাৰিলে দুবাৰ সলাব৷ কাপোৰ ধোৱা পানীখিনিত ডেটল মিহলাই লব আৰু ৰদত ভালকৈ শুকাব দিব ৷ আধা শুকান বা সেমেকি থকা কাপোৰ নিপিন্ধিব ৷ ইয়াৰ পৰা খৰ–খজুৱতি হোৱাৰ সম্ভাৱনা থাকে ৷
5.বেচন আৰু ঘৰতে কৰা দৈ ভালকে মিহলাই যি অংশত বেছিকৈ ঘামে সেই ঠাইত লগাই দহ মিনিটমানৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক৷ সুফল পাব ৷
6.কাপোৰ নোধোৱাকৈ কেতিয়াও দুবাৰ নিপিন্ধিব ৷ বেছি টান কাপোৰ নিপিন্ধিব৷ ভাল লাগিল বুলিয়েই বেলেগৰ কাপোৰ কোনো কাৰণতে নিপিন্ধিব৷
গাৰ যত্ন লওঁতে ভৰিকেইটাক অৱহেলা কৰিব নালাগে ৷ কাৰণ ইয়াৰ দুর্গন্ধয়ো আমাক লাজত পেলায়। ভৰিৰ ক্ষেত্রতো একে যোৰ জোতা–মোজাকে পিন্ধিব নালাগে। ভৰি ধোৱা পানীখিনিটো নেমুৰস মিলাই ল’লে ভাল।
এনেকৈ কিছুমান সৰু সৰু নিয়ম মানি চলিলে আপুনি দুর্গন্ধৰ পৰা পৰিত্রাণ পাব পাৰিব৷