নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ ‘সঞ্জীৱনী’ প্লাজমা থেৰাপি কি? কেনেকৈ কৰা হয় চিকিৎসা জানেনে?

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ বৰ্তমান ক’ৰোনাৰ আশীৰ্বাদ হিচাপে গণ্য হৈছে প্লাজমা থেৰাপি। এজন ক’ৰোনাত আক্ৰান্ত হৈ সুস্থ হৈ উঠা লোকে প্লাজমা দান কৰি ৰক্ষা কৰিব পাৰে দুজন  বা তিনিজন লোকৰ জীৱন। বিশ্বজুৰি ক’ৰোনা ভেকচিন উদ্ভাৱনৰ গৱেষণা কৰি আছে আৰু দুই এখন দেশে মানৱ শৰীৰত ভেকচিনৰ প্ৰয়োগ কৰিছে যদিও সুফল পোৱা নাই। তেনেক্ষেত্ৰত চিকিৎসক সকলৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে ক’ৰোনা। দিন-ৰাতি একাকাৰ কৰি যুদ্ধত নামিছে এই যোদ্ধাসকল। দিনক দিনে ক’ৰোনাৰ ভয়াৱহতা বৃদ্ধি পাই আহিছে। কিছু কিছু দেশত ইয়াৰ প্ৰভাৱ কমিছে যদিও আক্ৰান্ত শূন্য হোৱা নাই। এনে প্ৰত্য়াহ্বানৰ সমুখ সমৰত চিকিৎসক সকলৰ বাবে আশাৰ ৰেঙনি আনিছে প্লাজমা থেৰাপিয়ে।কিন্তু এই প্লাজমা কি? কেনেকৈ কৰা হয় ইয়াৰ চিকিৎসা?

প্লাজমা হৈছে মানুহৰ তেজত থকা একপ্ৰকাৰৰ হালধীয়া তৰল পদাৰ্থ। যাৰ জৰিয়তে খাদ্যবস্তুৰ পৰা আহৰণ কৰা প্ৰটিন আদি শৰীৰৰ কোশিকালৈ যায়। মানব শৰীৰৰ তেজৰ প্ৰায় ৫৫ শতাংশই হৈছে প্লাজমা।

আনহাতে ক’ৰোনাত আক্ৰান্ত হৈ সুস্থ হৈ উঠা লোকৰ পৰাহে এই প্লাজমা লোৱা হয়। উল্লেখযোগ্য যে আক্ৰান্ত ৰোগীজনৰ লক্ষণ থাকিব লাগিব। সুস্থ হৈ উঠা লোকজনৰ শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি হয়। আৰু তেওঁৰ তেজৰ পৰা প্লাজমা সংগ্ৰহ কৰি ক’ৰোনাত আক্ৰান্ত হৈ অতি সংকটজনক অৱস্থাত থকা অথবা ICUত থকা ব্যক্তিৰ শৰীৰত দিয়া হয় যাতে ক’ৰোনা ভাইৰাছক প্ৰতিহত কৰিব পাৰে।

ৰাজধানী দিল্লীত পোনপ্ৰথমবাৰৰ বাবে প্লাজমা থেৰাপিৰ চিকিৎসা কৰা হৈছিল। এতিয়া প্ৰশ্ন হয় যে চিকিৎসকসকলে এই থেৰাপিক ক’ৰোনাৰ প্ৰতিষেধক হিচাপে কিয় গ্ৰহণ কৰা নাই? বিশেষজ্ঞসকলে এই থেৰাপিৰ কোনোধৰণৰ ফৰ্মূলা নাই বুলি মন্তব্য কৰিছে । এই থেৰাপিৰ দ্বাৰা ক্লিনিকেল প্ৰমাণ নাই যে ইয়াৰ দ্বাৰা সকলো ৰোগী সুস্থ হৈ উঠিব। 

ক’ৰোনাত বিধ্বস্ত হোৱা আমেৰিকা আৰু ইটালীত ইয়াৰ পৰীক্ষণ চলি আছে। ২০০৩চনত চীনত ব্যৱহাৰ কৰা হৈছিল এই থেৰাপি।

আমাৰ দেশত যদি এই প্লাজমা থেৰাপিৰ যোগাত্মক প্ৰভাৱ পেলাব পাৰে তেন্তে সমগ্ৰ ছবিখনেই সলনি হৈ যাব। অসম চৰকাৰেও এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বহুল ভাৱে প্ৰচাৰ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। ক’ৰোনাৰ অভিশাপৰ মাজতো যেন আশীৰ্বাদস্বৰূপ হৈ পৰিছে েই প্লাজমা থেৰাপি। গতিকে ক’ৰোনা হৈ সুস্থ হৈ উঠা লোকক প্লাজমা দান কৰাৰ আহ্বান।

 

You might also like