পানীয়েই প্রাণীৰ প্রাণ৷ মানুহৰ শৰীৰৰ ৬০–৭০ শতাংশ পানীৰেই গঠিত৷ শৰীৰৰ সকলো অংগ–প্রত্যংগ, ইয়াৰ কার্যকলাপ আৰু প্রতিটো কোষ জীয়াই থাকিবলৈ পানীৰ নিতান্তই প্রয়োজন৷ কিন্তু পানী শৰীৰৰ বাবে যিমান উপকাৰী হয়, সিমানেই বিষাক্ত হৈও পৰিব পাৰে৷ পানী অমৃততুল্য হ’ব নে বিহৰূপ ধাৰণ কৰিব, সেইটো নির্ধাৰণ কৰিব পানী খোৱা নিয়মৰ ওপৰত৷ এই নিয়মাৱলীৰ বিষয়ে তলত কিছু কথা আলোচনা কৰা হ’ল–
- পুৱা শুই উঠি ১–২ গিলাচ পানী খাব লাগে৷ আমাৰ মুখৰ ভিতৰভাগ খাৰকীয় হয়, পুৱাৰ সময়ত ইয়াৰ গাঢ়তা বেছি হয়৷ যেতিয়া আমি পুৱাৰ ভাগত পানী খাওঁ, সেই পানী লালতি ৰসৰ লগত মিহলি হৈ আমাশয়লৈ যায় আৰু তাৰ আম্লিকতা কমাই দিয়ে৷ ফলস্বৰূপে এষ্ট্রাইটিছ, বদহজম, পেট ফুলা আদিৰ দৰে সমস্যাৰ পৰা সাৰি থাকিব পৰা যায়৷ ইয়াৰ উপৰি খালী পেটত পানী খোৱাৰ ফলত ৰাতি দেহত উৎপত্তি হোৱা অলাগতিয়াল পদার্থসমূহ শৌচ–প্রস্রাৱৰ জৰিয়তে নিষ্কাশনত সহায় কৰি পাচনতন্ত্র পৰিষ্কাৰ কৰি নতুন খাদ্যবস্তু হজমৰ বাবে সাজু কৰি তোলে৷
- পানী খাদ্যবস্তু খোৱাৰ আধা ঘণ্টা আগত আৰু ৪৫ মিনিটৰ পৰা এঘণ্টা পিছত গ্রহণ কৰিব লাগে৷ আমাৰ প্রায়ভাগ মানুহৰে খোৱাৰ মাজত বা খোৱাৰ লগে লগে পানী খোৱাৰ অভ্যাস আছে৷ যাৰ বাবে পাচনতন্ত্রজনিত বহু বেমাৰত ভোগা দেখা যায়৷ খাদ্যবস্তু গ্রহণৰ লগে লগে সেই খাদ্য হজমৰ বাবে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়৷ লগতে পাচক উৎসেচকবোৰৰ কামত বাধা জন্মায়৷ তাৰ ফলত অজীর্ণ, অম্লপিত্ত, কোষ্ঠকাঠিন্যতা আদিৰ দৰে নানাবিধ সমস্যাই দেখা দিব পাৰে৷ সেইবাবে ভোজনৰ সময়ত পানী গ্রহণ কৰিব নালাগে আৰু কৰিলেও অতি নগণ্য পৰিমাণৰ পানীহে খাব লাগে৷
- পানী অতি খৰধৰকৈ, দৌৰি থকা অৱস্থাত বা থিয় হৈ থাকি খাব নালাগে৷ পানী সদায় বহি লৈ ধীৰে ধীৰে খাব লাগে৷ অতি খৰখেদাকৈ বা থিয় হৈ পানী খাল নার্ভবোৰে ভালদৰে ষ্টিমুলাচ দিব নোৱাৰে৷ ফলত পানীখিনি হজম হোৱাত অসুবিধা হয়৷ এই পানীৰ কিছু পৰিমাণে সন্ধিবোৰত জমা হৈ পিছত গাঁঠিৰ বিষজনিত বিভিন্ন বেমাৰে দেখা দিয়ে৷ লগতে অজীর্ণ, মেদবহুলতা আদিৰ বাবেও ই এক অন্যতম কাৰক৷
- পানী সদায় কুহুমীয়া গৰম কৰিহে ব্যৱহাৰ কৰিব লাগে৷ ঠাণ্ডা পানী, বিশেষকৈ ফ্রীজৰ পানী ব্যৱহাৰ কৰিলে উপকাৰৰ বিপৰীতে অপকাৰহে বেছি হয়৷ গৰম পানীয়ে খাদ্য হজমত সহায় কৰে৷ কিন্তু ঠাণ্ডা পানীয়ে খাদ্যবস্তুখিনি ডাঠ কৰি তোলে আৰু খাদ্য হজম হোৱাত পলম হয়৷ ঠাণ্ডা পানীখিনি পেটৰ ভিতৰত যায়, সেই পানীখিনি গৰম নোহোৱা পর্যন্ত হজম নহয়৷ আৰু সেইখিনি শৰীৰৰ লাগতিয়াল কামত ব্যৱহাৰ হ’ব নোৱাৰে৷ ফলত পাচনতন্ত্রৰ হজম সম্বন্ধীয় কেতবোৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ হজম সঠিকভাৱে নহ’লে ওজন বঢ়োৱা বা কমোৱা কোনোটো কামেই সফলভাৱে নহয় আৰু সকলো ধৰণৰ মেটাবলিক সমস্যাই দেখা দিয়ে৷
- প্রতিদিনে ২.৫ৰ পৰা ৩.৫ লিটাৰৰ ভিতৰত পানী খাব লাগে৷ পানী আমাৰ জীৱনৰ আধাৰস্বৰূপ৷
- পানী অধিকাংশ দিনৰ ভাগত গ্রহণ কৰিব লাগে৷ ৰাতি যিমান কমকৈ পৰা যায়, সিমান পানীহে খাব লাগে৷ ৰাতি আমাৰ শৰীৰ অধিকাংশ সময় সক্রিয় হৈ নাথাকে৷ ফলত পানী বেছিকৈ খালে সেইখিনি হজম হোৱাত বাধা জন্মে৷ টোপনিত ব্যাঘাতৰ সৃষ্টি হয়৷ তাৰ বাবে মূৰৰ বিষ, মানসিক চাপ আদিৰো সৃষ্টি হ’ব পাৰে৷
- পানী আমি সদায় যি পাত্রত কোনো পার্শ্বক্রিয়া দেখা নাযায়, তেনে পাত্রত খাব লাগে৷ উদাহৰণস্বৰূপে মাটিৰ পাত্র, কাঁচৰ পাত্র, ষ্টীলৰ পাত্র আদিত৷ কিন্তু আটাইতকৈ উপকাৰী তামৰ পাত্র৷ তামৰ পাত্রই পানীৰ উপকাৰিতা দুগুণ বঢ়াই দিয়ে৷ ইয়াৰ পানী খালে ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে, বার্ধক্যজনিত সমস্যা দূৰত ৰাখে আৰু শৰীৰ সজীৱ কৰি ৰাখে৷ অহা সংখ্যাত কুহুমীয়া গৰম পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে কিছু কথা লিখিম৷