আপুনি গোন্ধ নাপায় নেকি? সাধাৰণ চৰ্দিৰ লগত ক’ভিডৰ গোন্ধহীন লক্ষণৰ মিল আছেনে?
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ আপুনি ক’ৰোনাত আক্ৰান্ত হৈছে নেকি! গোন্ধহীন লক্ষণৰ বলি হৈছে নেকি। হয় ক’ভিডৰ কেইবাটাও লক্ষণৰ মাজত গোন্ধহীনটো এটা অন্যতম। কিন্তু সাধাৰণ চৰ্দিৰ সৈতে ক’ভিডৰ চৰ্দিৰ তথা নাক বন্ধ হৈ থকাৰ সৈতে কিছু পাৰ্থক্য আছে।
ইউৰোপীয়ান এটা গৱেষকৰ দলে এই গোন্ধহীন লক্ষণটোৰ ওপৰত এটা গৱেষণা কৰিছিল আৰু গৱেষণাৰ অন্তত এই কথা প্ৰতিফলিত হৈছে। আক্ৰান্ত সকলে উশাহ-নিশাহ লোৱাত অসুবিধা পায় আৰু নাক বন্ধ হোৱাৰ লগতে খাদ্যৰ সোৱাদ লোৱাটো অসুবিধা হয়। মিঠা-তিতাৰ সোৱাদো ধৰিব নোৱাৰা হয় ক’ভিড আক্ৰান্তই।
ক’ৰোনা ভাইৰাছে মানুহৰ মগজুৰ লগতে স্নায়ুতন্ত্ৰৰ কাম-কাজটো প্ৰভাৱ পেলায়। ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস কৰে ফলত আক্ৰন্ত লোকজন দুৰ্বল হৈ পৰে।
গৱেষকসকলৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ক’ভিডৰ গোন্ধহীন লক্ষণ সাধাৰণ চৰ্দিৰ সৈতে মিল নাই। চৰ্দিত হৈ থকা আৰু ক’ভিড হৈ থকা দুজন ব্যক্তিৰ মাজত চলোৱা হৈছিল পৰীক্ষা। ইয়াৰ পাছতে এখন ইউৰোপীয়ান জৰ্নেলত প্ৰকাশ হৈছে প্ৰতিবেদন।