নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টোপনিৰ প্রয়োজনীয়তা

টোপনি শৰীৰৰ এক স্বাভাৱিক আৰু গুৰুত্বপূর্ণ প্রক্রিয়া৷ গভীৰ টোপনিৰ দ্বাৰা শৰীৰৰ অংগ–প্রত্যংগসমূহ লগতে মগজুটোৱে জিৰণি পায়৷ সেয়েহে টোপনিৰ পৰা উঠাৰ পিছত দেহ আৰু মন সজীৱ হয়, সকলো ধৰণৰ মানসিক আৰু শাৰীৰিক অৱসাদ দূৰ হয় আৰু কাম কৰিবলৈ নতুন উদ্যম পোৱা যায়৷ এজন প্রাপ্তবয়স্ক লোকে দৈনিক ৭–৮ ঘণ্টা টোপনি মাৰিব লাগে৷ এটি নৱজাতকে ১৮–২০ ঘণ্টালৈ টোপনি মাৰিব পাৰে৷ ডাঙৰ হৈ অহাৰ লগে লগে শিশুৰ টোপনি মৰাৰ সময় কমি আহে৷ কিশোৰ–কিশোৰীসকলে ১০–১১ ঘণ্টা টোপনি মৰা উচিত৷ গর্ভৱতী মহিলাসকলেও সাধাৰণ অৱস্থাতকৈ কিছু অধিক সময় টোপনি মৰা উচিত৷ বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ টোপনি কিছু পৰিমাণে কমি আহে৷ নিশাৰ গভীৰ টোপনি আমাৰ শৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উৎকর্ষ সাধনৰ বাবে অতি গুৰুত্বপূর্ণ৷ টোপনিৰ উপকাৰিতাসমূহ এনেধৰণৰ–

  • নিশাৰ গভীৰ টোপনিৰ পিছত মগজুৰ কোষসমূহৰ কার্যক্ষমতা বৃদ্ধি পায়৷ ইয়াৰ ফলত মনোযোগ আৰু স্মৃতিশক্তি বৃদ্ধি পায়৷ সৃষ্টিশীল কাম কৰোঁতে সহায়ক হয় আৰু মনলৈ সজীৱতা আনে৷
  • নিশাৰ টোপনিয়ে হূদযন্ত্র ভালে ৰখাত সহায় কৰে৷ টোপনি ক্ষতি কৰা মানুহৰ তেজৰ কলেষ্টেৰল বৃদ্ধি পায় আৰু ৰক্তচাপো বাঢ়ি যায়৷ নিশাৰ টোপনি ক্ষতি হার্ট এটেক আৰু ষ্ট্রোকৰ কাৰক হ’ব পাৰে৷
  • গভীৰ টোপনিয়ে কর্কট ৰোগ প্রতিৰোধ কৰাত সহায়ক হ’ব পাৰে৷ যিসকল লোকে নিশা দেৰিলৈ কাম কৰে, তেওঁলোকৰ মাজত ক’লন আৰু স্তনৰ কর্কট ৰোগ অধিক হোৱা দেখা যায়৷ গৱেষণাত পোৱা গৈছে যে মেলাট’নিন নামৰ এবিধ হৰমনে টোপনি আৰু টোপনিৰ পৰা সাৰ পোৱা চক্রটো নিয়ন্ত্রণ কৰে৷ এই হৰমনবিধে যিকোনো ধৰণৰ টিউমাৰৰ বৃদ্ধি হ’বলৈ নিদিয়ে৷ পোহৰৰ সংস্পর্শলৈ আহিলে আমাৰ দেহত এই হৰমনবিধ কমকৈ উৎপন্ন হয়৷ সেয়েহে নিশা অন্ধকাৰ কোঠাত শোৱাৰ অভ্যাস কৰিব লাগে আৰু বিছনাৰ কাষত কোনোধৰণৰ বৈদ্যুতিক বাল্ব জ্বলাব নালাগে৷
  • নিশা গভীৰ টোপনি অহা লোকসকলৰ অত্যধিক ওজন বৃদ্ধি নহয়৷ টোপনিয়ে শৰীৰৰ মেটাবলিজম প্রক্রিয়া স্বাভাৱিক কৰি ৰাখে৷ আমাৰ শৰীৰতGhrelin আৰ Leptin নামৰ দুবিধ হৰমনে ভোক লগোৱাত সহায় কৰে আৰু টোপনি ক্ষতি কৰিলে এই হৰমনবিধৰ কার্যক্ষমতা হ্রাস পায়৷ সেয়েহে টোপনি ক্ষতি কৰা লোকসকলে মেদবহুলতাৰ দৰে সমস্যাত ভোগা দেখা যায়৷
  • নিশাৰ গভীৰ টোপনিয়ে মানসিক চাপ দূৰ কৰে৷ হতাশা দূৰ কৰাটো ই সহায়ক হয়৷ যিসকল ব্যক্তিয়ে হতাশাত ভোগে সেইসকল ব্যক্তিৰ দেহত ছেৰ’ট’নিন নামৰ এবিধ হৰমনৰ অভাৱ দেখা যায়৷ টোপনিয়ে আমাৰ শৰীৰত ইয়াৰ পৰিমাণ নিয়ন্ত্রিত কৰে আৰু হতাশা দূৰ কৰাত সহায় কৰে৷
  • টোপনিয়ে আমাৰ শৰীৰক জিৰণি দিয়ে, কাম কৰা নতুন উদ্যম আৰু শক্তি দিয়ে৷ টোপনিৰ সময়ত দেহৰ কোষবোৰে কিছুমান প্রটিন প্রস্তুত কৰে, দেহৰ ক্ষতিগ্রস্ত কোষসমূহ নতুনকৈ গঠন কৰে আৰু নতুন কোষৰ সৃষ্টি কৰে৷
  • টোপনিয়ে আমাৰ জীৱন কাল বৃদ্ধি কৰে৷ গৱেষণাৰ পৰা গম পোৱা গৈছে যে ৫০ বছৰ ঊর্ধ্বৰ ব্যক্তিসকলৰ টোপনি ৫ ঘণ্টাতক কম হ’লে হূদৰোগত আক্রান্ত হোৱা দেখা যায়৷
  • টোপনিয়ে আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা উন্নত কৰাত সহায় কৰে৷ নিদ্রাহীনতাত ভোগা ব্যক্তিসকলৰ ৰোগ প্রতিৰোধ ক্ষমতা কমি যায়৷ টোপনিয়ে আমাৰ ৰোগ প্রতিৰোধ কার্যৰ লগত জডিত টিলিম্ফোচাইটবোৰক কার্যক্ষম কৰি তোলে৷ ৰোগ প্রতিৰোধ কার্যত ব্যৱহাৰ হোৱা এবিধ প্রটিন হৈছে ছাইট’কাইনেছ৷ গভীৰ টোপনিৰ সময়ত আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ তন্ত্রই এই প্রটিন প্রস্তুত কৰে৷ সেয়েহে ৰোগৰ বীজাণুৰ সৈতে যুদ্ধ কৰিবলৈ আমাৰ শৰীৰক টোপনিৰ প্রয়োজন হয়৷
  • সঘনাই টোপনি ক্ষতি কৰা ব্যক্তিসকলৰ টাইপ–২ মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷
    টোপনি ক্ষতি কৰিলে আমাৰ শৰীৰৰ ইনছুলিন ক্ষৰণ হ্রাস পায় আৰু কোষসমূহ ইনছুলিনৰ প্রতি কম সক্রিয় হয়৷ ইয়াৰ ফলত গ্লুকজৰ বিপাক বা মেটাবলিজম প্রক্রিয়া হ্রাস পায় আৰু তেজত গ্লুকজৰ পৰিমাণ বৃদ্ধি পায়৷
    টোপনি আমাৰ শৰীৰৰ বাবে অতি প্রয়োজনীয় যদিও বিভিন্ন শাৰীৰিক তথা মানসিক সমস্যাৰ বাবে টোপনি কমি যোৱা দেখা যায়৷ মানসিক চাপ, হতাশা, উদ্বিগ্ণতা আদি মানসিক সমস্যা আৰু যিকোনো ধৰণৰ বিষ, এজমা বা হাপানী ৰোগ, কর্কট ৰোগ, বুকু জ্বলা–পোৰা কৰা আদি সমস্যাৰ বাবে টোপনি বাধাগ্রস্ত হ’ব পাৰে৷ মাইকী মানুহৰ ৰজোনিবৃত্তিৰ হৰমনৰ তাৰতম্যৰ বাবে কিছুমান সমস্যা হৈ টোপনি কম হ’ব পাৰে৷ তদুপৰি কিছুমান দৰব, কেফেইন বা বহুদিন ধৰি এলকহল সেৱন কৰাৰ ফলতো টোপনি কমি যাব পাৰে৷ বয়সৰ লগে লগে মানুহৰ স্বাভাৱিকতে টোপনি কমি আহে৷ তদুপৰি বর্তমান সময়ত আমাৰ যি পৰিৱর্তিত জীৱনশৈলী, অধিক মানসিক শ্রম আৰু কম শাৰীৰিক পৰিশ্রমৰ বাবে টোপনিৰ সমস্যা বাঢ়ি গৈছে৷ এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰোঁ আৰু ভাল টোপনি আহিবলৈ আমি কেইটামান উপায় অৱলম্বন কৰিব পাৰোঁ৷ সেইকেইটা হ’ল–
  • সদায় এটা নির্দিষ্ট সময়তে শুবলৈ যাব লাগে আৰু এক নির্দিষ্ট সময়তে শুই উঠাৰ অভ্যাস কৰিব লাগে৷
  • সদায় কর্মব্যস্ত হৈ থাকিব লাগে আৰু শাৰীৰিক পৰিশ্রম হোৱা কিছু কাম কৰিব লাগে৷
  • সুৰাপান আৰু ধূমপানৰ অভ্যাস বাদ দিব লাগে৷ চাহ আৰু কফি কমকৈ খাব লাগে, যাতে আমাৰ শৰীৰে কমকৈ কেফেইন লাভ কৰে৷ কেফেইনযুক্ত পানীয়, কল্ড ড্রিংকছ, এনার্জী ড্রিংকছ আদি খালেও টোপনি কম হ’ব পাৰে৷
  • ৰাতি অধিক খাদ্য খাব নালাগে আৰু সন্ধিয়াৰ পিছৰ পৰাই পানী কমকৈ খাব লাগে৷
  • ৰাতি শোৱাৰ আগতে কুহুমীয়া গৰম পানীৰে আঁঠুৰ ওপৰৰ পৰা ভৰি দুখন আৰু বাহুৰ পৰা হাত দুখন ধুব লাগে৷
  • ৰাতি শুবলৈ যোৱাৰ আগতে টিভি চোৱা, কম্পিউটাৰত কাম কৰা, ভিডি’ গেম আৰু ম’বাইলত গেম খেলা আদি কাম কৰিব নালাগে৷
  • টোপনি ভাল হ’বলৈ নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰা উচিত৷ ব্যায়াম কৰিলে ভাগৰ লাগে আৰু ভাগৰ লাগিলে টোপনি ভাল হয়৷ তদুপৰি ব্যায়াম কৰিলে গোটেই শৰীৰত অক্সিজেনযুক্ত তেজৰ সঞ্চালন বৃদ্ধি পায় আৰু দেহত এনদ্রফিন নামৰ এবিধ হৰমনৰ ক্ষৰণ বাঢ়ে৷ এই হৰমনবিধে হতাশা, বিষাদগ্রস্ততা, মানসিক চাপ আদি দূৰ কৰে৷ যোগাসনৰ দ্বাৰাও মানসিক চাপ দূৰ হয়৷ মানসিক সমস্যা নথকা লোকৰ টোপনি ভাল হয়৷ ব্যায়াম আৰু যোগাসন সদায় পুৱাৰ সময়ত কৰা উচিত৷ আবেলি সময়তো ব্যায়াম কৰিব পাৰি৷ সন্ধিয়া পলমকৈ বা ৰাতি শোৱাৰ ২–৩ ঘণ্টা আগত ব্যায়াম কৰিলে ৰাতি ভালদৰে টোপনি নাহিব পাৰে৷ নিদ্রাহীনতা সমস্যাত ভোগা ব্যক্তিসকলে অধিক পৰিমাণে ব্যায়াম কৰিব নালাগে৷ তেনে ব্যক্তিৰ বাবে গধুৰ ব্যায়াম উপযোগী নহয়৷ দৈনিক মাত্র ৩০–৪৫ মিনিটকৈ সপ্তাহত ৫ দিন যিকোনো ধৰণৰ এৰোবিক ব্যায়াম কৰিলে মানসিক চাপ দূৰ হয় আৰু টোপনি গভীৰ হয়৷ এৰোবিক ব্যায়ামত আমাৰ শৰীৰে যথেষ্ট পৰিমাণে অক্সিজেন গ্রহণ কৰে৷ উদাহৰণস্বৰূপে বেগাই খোজ কঢ়া, জ’গিং কৰা, চাইকেল চলোৱা, সাঁতোৰা, স্কিপিং কৰা আদি৷ ব্রিথিং এক্সাৰচাইছ কৰিলেও টোপনিৰ সমস্যা দূৰ হয়৷ মুঠতে ব্যায়াম আৰু যোগাসনৰ দ্বাৰা আমি মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত কৰাৰ উপৰি গভীৰ টোপনি আৰু ইয়াৰ সুফলসমূহ লাভ কৰিবলৈ সক্ষম হওঁ৷
You might also like