গৰমৰ দিনত কি খাব
গৰমত দৈ বা দৈৰ পৰা তৈয়াৰ হোৱা লাচ্চি এগিলাচে দেহ–মন শীতল কৰে৷ গৰমত আপুনি বাহিৰৰ পৰা আহি দৈ এগিলাচ খালে দেহ ঠাণ্ডা হৈ যায়৷ পিছে প্রখৰ ৰ’দত যদি মুখখন বা ছালৰ পোৰণি হয়, তেন্তে কি কৰিব? তেতিয়াও অকণমান দৈ লৈ মুখত সানি দিয়ক৷ দেখিব দেহৰ পোৰণি কমি গৈছে৷ অতিমাত্রা গৰমত বৰফ দিয়া চৰবত খাই নিশ্চয় সকলোৰে ভাল লাগে৷ এনে চেঁচা চৰবত বা আন চৰবত খাওঁতে যদি পানী লাগে, তেতিয়া নিশ্চয় বৰ অসুবিধা হয়৷ তাৰো এটা উপায় আছে৷
আপুনি নেমুৰ চৰবতৰ লগত আদাৰ ৰস অকণমান মিহলাই দিয়ক৷ আদাৰ শুকান গুড়িও ব্যৱহাৰ কৰিব পাৰে৷ য’ৰে–ত’ৰে পানী খোৱাটো উচিত নহয়৷ পানীৰ জৰিয়তে হেপাটাইটিছ, জণ্ডিচ আৰু অন্যান্য বেমাৰৰ বীজাণু আমাৰ দেহত প্রৱেশ কৰে৷ বাহিৰৰ পানীৰ সলনি একমাত্র নির্ভৰযোগ্য পানীয় হৈছে ডাবৰ পানী৷ গৰমৰ দিনত যেতিয়াই–তেতিয়াই পিয়াহ লাগে৷ পিছে দিনে আপুনি কিমান পানী খাব, তাৰো এটা মাত্রা আছে৷ খেজুৰ আৰু পানীলাউক ‘এচি’ খাদ্য বুলি জনা যায়৷ এই দুবিধ খাদ্যই আমাৰ দেহত ‘এচি’ৰ দৰে কাম কৰে৷ সেইদৰে কুঁহিয়াৰৰ ৰস তথা আন ফলৰ ৰসো গৰমৰ দিনকেইটাত খুব উপকাৰী৷ প্রস্রাৱ জ্বলা–পোৰা কৰিলে দুপৰ টেঙাৰ ৰস খাব লাগে৷ অৱশ্যে কুঁহিয়াৰৰ ৰসো উপকাৰী৷