নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ বগাস্রাৱজনিত সমস্য

মহিলা এগৰাকী গাভৰু হোৱাৰ পৰা ঋতুস্রাৱ বন্ধ হোৱালৈ এই দীঘলীয়া সময়ছোৱাত এবাৰ হ’লেও স্রাৱজনিত সমস্যাত ভোগা দেখা যায়৷ ইয়াৰে কিছুমান স্বাস্থ্য হানিকাৰক৷ বহুতো ক্ষেত্রত ই এক সাধাৰণ পৰিঘটনাহে, যাক চিকিৎসকৰ পৰামর্শৰো আৱশ্যক নহয়৷ কোনটো সাধাৰণ, কোনটো স্বাস্থ্য হানিকাৰক নজনাৰ বাবে মহিলাগৰাকী মানসিক অশান্তিত ভোগে৷ বেয়া বেমাৰ হোৱা বুলি, কাকো নোকোৱাকৈ থাকি চিন্তাত দিন কটায়৷
স্বাভাৱিকতে মহিলা এগৰাকীৰ যৌনাংগ সিক্ত কৰি ৰাখিবলৈ জৰায়ুৰ মুখ, যৌনাংগৰ বিভিন্ন গ্রন্থিৰ পৰা পাতল ‘মিউকাচ’জাতীয় পদার্থৰ নিঃসৰণ হয় আমাৰ মুখৰ পৰা ওলোৱা লেলাউটিৰ দৰে৷ ইয়ে মহিলাগৰাকীৰ যৌনাংগ মসৃণ, পিছল বা সিক্ত কৰি ৰাখে৷ এই পাতল বৰণীয়া বগাস্রাৱে যৌনাংগক সুৰক্ষা প্রদান কৰাৰ লগতে ভিতৰৰ পৰা বিষাক্ত জীৱাণু, মৃত কোষবোৰ আঁতৰাই পেলায়৷ ঋতুস্রাৱৰ আগত বা ঋতুস্রাৱৰ পিছত, গর্ভাৱস্থাৰ সময়ত নতুবা যৌন উত্তেজনাৰ সময়ত এই স্রাৱ বেছিকৈ হয়৷ মাহেকীয়া ঋতুৰ সময়ভেদে বগাস্রাৱ ভিন ভিন ধৰণৰ হয়৷ ঋতুস্রাৱ বন্ধ হোৱাৰ পিছত বগাস্রাৱ ডাঠ, ঋতুস্রাৱৰ দুসপ্তাহ পিছত বগাস্রাৱ পাতল, স্বচ্ছ আৰু সূতাৰ দৰে দীঘলীয়া হয়৷ সাধাৰণ অৱস্থাত হোৱা বগাস্রাৱ মাহেকীয়া ঋতুৰ মাজভাগত প্রায় ৩০ গুণ বেছি হয়৷ ইয়ে ডিম্বাণু নিঃসৰণ (অভিউলেচন) হোৱাৰ জাননী দিয়ে৷ ঋতুস্রাৱৰ আগে আগে আকৌ বগা স্নায়ু ডাঠ হ’বলৈ ধৰে৷ গর্ভাৱস্থাৰ সময়তো বগাস্রাৱ হৈ থকা দেখা যায়৷ সাধাৰণ অৱস্থাৰ পৰিমাণতকৈ ইয়াৰ পৰিমাণ অধিক হয় আৰু ই সন্তান প্রসৱ নোহোৱালৈকে থাকে৷ গর্ভাৱস্থাৰ হৰমন এষ্ট্র’জেনৰ প্রভাৱতে স্রাৱ বেছিকৈ হয়৷
চিকিৎসকৰ পৰামর্শ কেতিয়া ল’ব
সাধাৰণ বগাস্রাৱ পৰিষ্কাৰ, বগা আৰু নোগোন্ধায়৷ শুকালে কাপোৰত মুগা–হালধীয়া বৰণৰ দাগ পৰে৷ যেতিয়া এই বগাস্রাৱ হালধীয়া বা সেউজীয়া বা মটীয়া বৰণৰ হয়, গোন্ধায়, দৈৰ মখাৰ দৰে স্রাৱ ওলায় বা ৰঙচুৱা বৰণৰ হয়৷ তেতিয়া ই যৌনাংগৰ সোঁচৰণ (ইনফেকচন) হোৱা বুজায়৷ তেনে অৱস্থাত চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷
বগাস্রাৱৰ কাৰণসমূহ
(১) সোঁচৰণ (ইনফেকচন) ঃ সোঁচৰণৰ ফলত সাধাৰণ অৱস্থাৰ বগাস্রাৱে বৰণ সলায়৷ কেতিয়াবা ই হালধীয়া, সেউজীয়া বা কেতিয়াবা মুগাবৰণৰ হয়৷ যৌনাংগৰ ভিতৰত খজুৱতিৰ সৃষ্টি কৰে, গোন্ধায়৷ বিভিন্ন ধৰণৰ বীজাণুৰ দ্বাৰা সৃষ্ট সোঁচৰণৰ ভিতৰত বেক্টেৰিয়েল ভেজিন’ছিছ, টাইক’ম’নিয়েছিছ, কেণ্ডিডিয়েছিছ আদিয়েই প্রধান৷
বেক্টেৰিয়েল ভেজিন’ছিছ ঃ ইয়াত মহিলাগৰাকীৰ স্রাৱ অত্যধিক হয়৷ স্রাৱৰ বৰণ বগা বা মটীয়া বৰণৰ আৰু পনীয়া হয়৷ বেয়া গোন্ধায়৷ মাছৰ দৰে কেচেমা–কেচেম গোন্ধ ইয়াৰ প্রধান বৈশিষ্ট্য৷ একাধিক যৌনসংগী থকা মহিলাৰ ক্ষেত্রত বেক্টেৰিয়েল ভেজিন’ছিছ সঘনাই দেখা যায়৷
ড্রাইক’ম’নিয়েছিছ ঃ প্রট’জোৱাৰ পৰা হোৱা ই এক বেমাৰ৷ অসুৰক্ষিত যৌন সম্পর্ক ইয়াৰ প্রধান কাৰণ৷ স্রাৱ হালধীয়া বা সেউজীয়া বৰণৰ, দুর্গন্ধযুক্ত আৰু মাত্রাধিক হয়৷ লগতে যৌনাংগৰ খজুৱতি, প্রস্রাৱ কৰোঁতে অসুবিধা পোৱা, গুপ্তাংগ উখহি উঠা আদি লক্ষণে দেখা দিয়ে৷
কেণ্ডিডিয়েছিছ ঃ ‘ইষ্ট’ৰ পৰা ই এক যৌন সংক্রামক ৰোগ৷ বগাস্রাৱ প্রচুৰ পৰিমাণে হয়, বৰণ বগা, দৈ গাখীৰৰ মখাৰ দৰে৷ যৌনাংগৰ ভিতৰত খজুৱায়, যৌনাংগ উখহি উঠে, ৰঙা পৰে৷ দীঘলীয়া সময় ধৰি এণ্টিবায়’টিক ব্যৱহাৰ কৰা মহিলা, মধুমেহ ৰোগত আক্রান্ত মহিলা, গর্ভাৱস্থা, অত্যধিক মানসিক চাপত ভোগা মহিলা এই ৰোগত বেছিকৈ আক্রান্ত হয়৷
(২) গর্ভনিৰোধক ঔষধৰ ব্যৱহাৰে বগাস্রাৱৰ সৃষ্টি কৰিব পাৰে৷ এনে ঔষধ এৰাৰ পিছত বগাস্রাৱ কমি যায়৷
(৩) দীঘলীয়া সময় ধৰি এণ্টিবায়’টিক/ষ্টেৰইড ব্যৱহাৰ কৰাৰ ফলতো মহিলা এগৰাকী বগাস্রাৱৰ সমস্যাত ভোগে৷
(৪) মধুমেহ ৰোগ (ডায়েবেটিছ) বগাস্রাৱত আক্রান্ত হোৱাৰ আন এক কাৰণ৷ শৰীৰত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রিত হ’লে ই নাইকিয়া হয়৷
(৫) জৰায়ুৰ কর্কট ৰোগ বগাস্রাৱৰ আন এক কাৰণ৷ প্রথম অৱস্থাত স্রাৱ বগা বা মাখন বৰণৰ হয়৷ পাছৰ ফালে ই ৰঙচুৱা, পূঁজৰ বৰণ লয় আৰু গোন্ধায়৷
(৬) জৰায়ুৰ মুখৰ ঘা (ইৰ’জন) ঃ ইয়াত জৰায়ুৰ মুখৰ পৰা প্রচুৰ পৰিমাণৰ পৰিষ্কাৰ বগাস্রাৱ নিঃসৰিত হয়৷
(৭) মানসিক অস্থিৰতা, উদ্বিগ্ণতা, এলেহুৱা জীৱনশৈলী, দীঘলীয়া সময় ধৰি হোৱা অসুস্থতা, গৰম পৰিৱেশত দীঘলীয়া সময়জুৰি থিয় হৈ থকা, বগাস্রাৱৰ অন্যতম কাৰক৷
(৮) গাভৰু অৱস্থাত, সাধাৰণতে ঋতুমতী হোৱাৰ আগেয়ে বা ঠিক পিছত বগাস্রাৱ অধিক হোৱা দেখা যায়৷
(৯) বহুতো ছোৱালী কেঁচুৱাৰ প্রথম ১০ দিনমানত যোনীৰ পৰা বগাস্রাৱ নির্গত হোৱা দেখা যায়৷ মাকৰ এষ্ট্র’জেন হৰমনৰ প্রভাৱতে সদ্যোজাত কন্যা শিশুটিৰ এনে হয়৷
(১০) ঋতুস্রাৱ স্থায়ীভাৱে বন্ধ হোৱাৰ পিছত বয়সীয়া মহিলা এগৰাকী হৰমনৰ অভাৱত বগাস্রাৱৰ সমস্যাত ভুগিব পাৰে৷
বগাস্রাৱৰ চিকিৎসা আৰু ল’বলগীয়া সাৱধানতা
বগাস্রাৱৰ প্রকৃত কাৰণ বিচাৰি ইয়াৰ প্রতিকাৰ কৰিলেই বগাস্রাৱৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি৷
প্রতিকাৰসমূহ
স্বাস্থ্য ভালে ৰাখিবলৈ খোৱা–লোৱাৰ যত্ন ল’ব লাগে৷ প্রচুৰ পৰিমাণে পানী, ফলৰ ৰস, সুষম আহাৰ ভাল স্বাস্থ্যৰ বাবে অপৰিহার্য৷ স্বাস্থ্য ভালে থাকিলে বগাস্রাৱৰ সমস্যাত ভোগাৰ সম্ভাৱনা কম৷ মনৰ পৰা মানসিক দুশ্চিন্তা আঁতৰাই ৰখাটো সুস্বাস্থ্যৰ বাবে অতি জৰুৰী৷
যৌনাংগ শুকান, পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ হানিকাৰক কোনো সামগ্রী যৌনাংগ পৰিষ্কাৰ কৰাত ব্যৱহাৰ কৰিব নালাগে৷ অপৰিষ্কাৰ কাপোৰ–কানি ঋতুস্রাৱৰ সময়ত ব্যৱহাৰ কৰিব নালাগে৷
চিকিৎসকৰ পৰামর্শ অবিহনে দীঘলীয়া সময়জুৰি ষ্টেৰইড, এণ্টিবায়’টিক গ্রহণ কৰিব নালাগে৷
পৰাপক্ষত সূতাৰ অন্তর্বাস পৰিধান কৰিব লাগে৷
প্রস্রাৱ–পায়খানা কৰাৰ পিছত যৌনাংগ সন্মুখৰ পৰা পাছলৈ চাফা কৰাৰ কৌশল অৱলম্বন কৰিলে শৌচদ্বাৰৰ পৰা ইনফেকচন বিয়পাৰ সম্ভাৱনা কমে৷
বগাস্রাৱৰ মূল চিকিৎসা
বেক্টেৰিয়েল ভেজিন’ছিছ মেড্র’নিডাজ’ল টেবলেট দহৰ পৰা চৈধ্য দিন খালে বগাস্রাৱ নাইকিয়া হয়৷
কেণ্ডিডিয়েছিছ– ফ্লুক’নাজ’লজাতীয় এণ্টিফাংগেল ঔষধ ব্যৱহাৰ কৰি ইয়াৰ পৰা পৰিত্রাণ পাব পাৰি৷
জৰায়ুৰ মুখৰ ইৰ’জন– লেজাৰ বা ক্রায়ো ব্যৱহাৰ কৰি ইৰ’জন নাইকিয়া কৰা হয়৷
জৰায়ুৰ কর্কট ৰোগ হ’লে কর্কট ৰোগৰ চিকিৎসা কৰাব লাগে৷

ডাঃ ৰাজীৱ লোচন শর্মা

You might also like