নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোজ কাঢ়িব পৰা চাৰিটা নতুন প্রজাতিৰ হাংগৰ আৱিষ্কাৰ বিজ্ঞানীৰ

উত্তৰ অষ্ট্রেলিয়া আৰু নিউগিনিৰ মাজৰ সামুদ্রিক অঞ্চলত ১২ বছৰীয়া অধ্যয়নৰ অন্তত বিজ্ঞানীসকলে চাৰিটাকৈ নতুন প্রজাতিৰ হাংগৰ আৱিষ্কাৰ কৰিছে৷ বিশেষ বৈশিষ্ট্যসম্পন্ন এই চাৰি প্রজাতিৰ হাংগৰসমূহৰ দীর্ঘ প্রায় এফুট আৰু ইহঁতে খোজ কাঢ়িবও পাৰে৷ এই নতুন প্রজাতিৰ প্রাণীসমূহে সমুদ্রৰ তলত বা অগভীৰ জলৰাশিত খোজ কাঢ়িবলৈ পেশীযুক্ত ‘পেলভিক’ ফিচা ব্যৱহাৰ কৰে৷ মেৰাইন এণ্ড ফ্রেছ ৱাটাৰ ৰিছার্চ জার্নেলত প্রকাশিত অনুসন্ধান অনুসৰি এই চাৰিওটি নতুন প্রজাতিৰ হাংগৰ নতুনকৈ বিৱর্তিত হৈছে৷ ১২ বছৰীয়া অধ্যয়নৰ সময়ত বিজ্ঞানীসকলে প্রথমটো প্রজাতিৰ ডিএনএ নমুনা লৈ গৈছিল আৰু প্রক্রিয়াটোত আন চাৰিটা হাংগৰৰ প্রজাতি আৱিষ্কাৰ কৰে৷ ইয়াৰ কনিষ্ঠতম প্রজাতিটো সম্ভৱতঃ ২ মিলিয়ন বছৰৰ পূর্বে বিকশিত হৈছিল৷ গৱেষণাপত্রৰ সহঃলেখক তথা এছিয়া পেছিফিক সামুদ্রিক কার্যসূচীৰ কনজাৰভেচন ইণ্টাৰনেচনেলৰ উপ–সভাপতি মার্ক এর্ডমানে কয়– ‘এই আৱিষ্কাৰে প্রমাণ কৰে যে আধুনিক হাংগাৰবোৰত উল্লেখনীয় বিৱর্তনীয় স্থায়ী শক্তি আৰু পৰিৱেশগত পৰিৱর্তনৰ সৈতে খাপ খাব পৰাৰ ক্ষমতা আছে৷’ বিজ্ঞানীসকলে এই কথাও উদ্ভাৱন কৰিছে যে এই হাংগাৰবোৰে কমপক্ষেও ২ মিলিয়ন বছৰৰ পূর্বৰ পৰা খোজকাঢ়ি আহিছে৷ ৪০০ বছৰ ধৰি সমুদ্রত আধিপত্য চলোৱা এই হাংগাৰবোৰ ডাইন’ছৰতকৈও প্রাচীন৷ তুলনামূলকভাৱে প্রাচীনতম ডাইন’ছৰৰ জীৱাশ্ম ২৪০ মিলিয়ন বছৰৰ পুৰণি৷ আৱিষ্কাৰ হোৱা নতুন প্রজাতিৰ হাংগাৰবোৰৰ ভৰি নাই যদিও সিহঁতে সমুদ্রত অতি সহজভাৱেই সমুদ্রৰ মাজত ফিচাৰ জৰিয়তে খোজ কাঢ়িব পাৰে৷

You might also like