চন্দ্রৰ ধূলিকণাৰ পৰা অক্সিজেন নির্মাণৰ প্রস্তুতি বিজ্ঞানীৰ
চন্দ্রপৃষ্ঠৰ ধূলিকণাৰ নমুনাত পোৱা গৈছে ৪০–৫৪ শতাংশ অক্সিজেন
চন্দ্রক কেন্দ্র কৰি মানুহৰ কৌতূহল, সপোন অজস্র৷ চন্দ্রত গৈ বাস কৰাৰ বিষয়েও বিজ্ঞানীসকলে নানান পৰিকল্পনা আৰু প্রচেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে এটা ভাল খবৰ কঢ়িয়াই আনিছে ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানীসকলে৷ তেওঁলোকে গৱেষণাৰ জৰিয়তে চন্দ্রৰ ধূলিকণাৰ পৰা অক্সিজেন প্রস্তুত কৰাৰ উপায় বিচাৰি উলিয়াইছে৷ এই উদ্ভাৱনৰ জৰিয়তে ভৱিষ্যতে মহাকাশচাৰীয়ে চন্দ্রৰ বুকুত উশাহ–নিশাহ ল’ব পৰাকৈ বতাহ লাভ কৰাৰ লগতে ৰকেটৰ ইন্ধনো লাভ কৰিব বুলি আশা কৰিছে ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানীসকলে৷ চন্দ্রত প্রচুৰ পৰিমাণে অক্সিজেন মজুত আছে– এয়া ভৱিষ্যতে মানুহৰ চন্দ্র অভিযানৰ বাবে অত্যন্ত প্রয়োজনীয় বিবেচিত হ’ব৷ কিন্তু এই অক্সিজেন চন্দ্রৰ বায়ুমণ্ডলত নাই, চন্দ্রপৃষ্ঠৰ ধূলিৰ মাজত নিহিত আছে৷ নেডাৰলেণ্ডছত থকা ইউৰোপিয়ান স্পেচ ৰিছার্চ এণ্ড টেকন’লজী চেণ্টাৰৰ লেবৰেটৰীত থকা উপকৰণ আৰু বৈদ্যুতিক উপাদানৰ জৰিয়তে বিজ্ঞানীসকলে আন গ্রহত বসবাসৰ সুবিধাসমূহ আৱিষ্কাৰ কৰা কামত ব্রতী হৈছে৷ যোৱা বছৰ ইউৰোপিয়ান বিজ্ঞানীৰ এটা দলে চন্দ্রত কিদৰে অক্সিজেন আহৰণ কৰিব পাৰি, সেই বিষয়ে এটা প্রস্তাৱ গ্রহণ কৰিছিল৷ গৱেষণাটোক আৰু এঢ়াপ আগবঢ়াই নি প্রযুক্তিৰ জৰিয়তে কিভাৱে কাম কৰিব পাৰি, তাৰ বাবে এক ‘প্রটোটাইপ এক্সট্রাক্টৰ’ প্রস্তুত কৰে৷ যদি এয়া সফল প্রমাণিত হয়, তেন্তে মহাকাশ অভিযানৰ প্রস্তুতিত বিশাল প্রভাৱ পৰিব৷ এই গৱেষণা সফল হ’লে চন্দ্র আৰু মঙল গ্রহত দীর্ঘকালীন ঘাটি স্থাপন কৰাত সহায়ক হ’ব৷ স্কটলেণ্ডৰ গ্লাছগো বিশ্ববিদ্যালয়ৰ এজন ৰসায়নবিদ বেথ লোমেক্সে প্রেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে এইদৰে– ‘আমাৰ মাজত থকা নিজস্ব সুবিধাই অক্সিজেন উৎপাদনৰ ক্ষেত্রত মনোনিৱেশ কৰাত সহায় কৰিব৷ চন্দ্রত থকা সম্পদৰ পৰা অক্সিজেন উৎপাদন কৰাত সফল হ’লে ভৱিষ্যতে নিশ্চিতকৈ চন্দ্রত বসবাসৰ বাবে, উশাহ–নিশাহ ল’বলৈ বা ৰকেটৰ বাবে ইন্ধন উৎপাদনৰ ক্ষেত্রত কার্যকৰী পদক্ষেপ ল’ব পৰা যাব৷’ বেথ লোমেক্সৰ নেতৃত্বত এটি দলে চন্দ্রৰ ধূলিকণাৰ পৰা অক্সিজেন আহৰণ কৰিছিল৷ চন্দ্রপৃষ্ঠৰ পৰা আহৰণ কৰা এই ধূলিকণাৰ নমুনাত অক্সিজেনৰ পৰিমাণ ৪০–৫৪ শতাংশ থকা বুলি প্রমাণ হৈছে৷ কিন্তু দুর্ভাগ্যজনকভাৱে এই অক্সিজেন সহজে আহৰণ কৰিব পৰা বিধৰ নহয়৷ এক ৰাসায়নিক প্রক্রিয়াত গলিত ছল্ট ইলেক্ট্র’লাইছিছ নামৰ কৌশল ব্যৱহাৰ কৰা হয়৷ ‘ৰেগোলিথ’খিনি প্রথমে ধাতৱ বাচনত গলাই কেলচিয়াম ক্ল’ৰাইডযুক্ত কৰা হয়৷ মিশ্রণখিনি ৯৫০ ডিগ্রী চেলছিয়াছ উতলোৱা হয়৷ তাৰ পিছত এক বৈদ্যুতিক কাৰেণ্ট প্রয়োগ কৰা হয়৷ ইয়াৰ পৰাই নিষ্কাশন হয় অক্সিজেন৷ এই পদ্ধতিটো প্রথমে মেটালিছিছ নামৰ ব্রিটেইনৰ এটা সংস্থাই প্রস্তুত কৰিছিল ধাতু উৎপাদনৰ বাবে৷ ৰসায়নবিদ লোমেক্স পিএইচডি ডিগ্রী আহৰণ কৰাৰ সময়ত এই কোম্পানীত কাম কৰিছিল৷ উল্লেখ্য যে ইউৰোপীয় মহাকাশ সংস্থা আৰু নাছাই অনাগত সময়ত চন্দ্রত উপস্থিত হৈ পুনৰ ঘূৰি অহাৰ পৰিকল্পনা কৰিছে৷