নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাকৰ অস্ত্রোপচাৰে মহিলাৰ বয়স ৩ বছৰ কমাই দিব পাৰে

ৰাইনোপ্লাষ্টী বা নাকৰ কছমেটিক অস্ত্রোপচাৰে এগৰাকী মহিলাৰ বয়স ৩ বছৰ কমাই দিব পাৰে৷ এক অধ্যয়নত এই কথা প্রমাণিত হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফ’র্নিয়া, লছ এঞ্জেলছ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ১৬ৰ পৰা ৭২ বছৰীয়া বয়সৰ ১০০গৰাকী মহিলা ৰোগীৰ ফটো বিশ্লেষণ কৰিছিল, যিসকলে নাকৰ ৰাইনোপ্লাষ্টী বা কছমেটিক অস্ত্রোপচাৰ কৰিছিল৷ ১২ সপ্তাহ বা তাতকৈ অধিক সময়ৰ পিছত আর্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰি ষ্টেণ্ডার্ডাইজ ফটো বিশ্লেষণ কৰি এনে ফটোৰ মুখখন ‘কাট’ কৰি ব্যক্তিৰ বয়স অনুমান কৰা হয়৷ আৰু পিছত এক ‘এলগৰিথম’ মাধ্যমেৰে এক ভৱিষ্যদ্বাণী কৰা হয়৷ ‘ৰাইনোপ্লাষ্টী ফেচিয়েল বিউটিফিকেচন পদ্ধতি হিচাপে ব্যাপকভাৱে স্বীকৃত৷ কিন্তু এয়া সাধাৰণতে বয়সবিৰোধী প্রভাৱ হিচাপে পৰিচিত নহয়৷ এন্থেটিক ছার্জাৰী জার্নেলত প্রকাশ পোৱা গৱেষণা পত্রৰ লেখক ৰবার্ট ড্রফমেনে কয় এইদৰে৷ ৰাইনোপ্লাষ্টীৰ জৰিয়তে হাড়ৰ পৰিকাঠামত পৰিৱর্তন কৰা আৰু নাকৰ ভিতৰত সৰু সৰু কটা অংশৰ মাধ্যমেৰে ‘কার্টিলেজ’ কৰা হয়৷ আনহাতে নাকৰ নলীৰ চাৰিওফালে যেতিয়া প্রয়োজন হয়, তেতিয়া ৰোগীক সাধাৰণ এনাস্থেচিয়াত ৰখা হয়৷ গৱেষণাটোত ৰাইনোপ্লাষ্টী পদ্ধতি প্রতিগৰাকী ৰোগীৰ অনুকূল ৰূপত কৰা হৈছিল, যাতে ব্যক্তিগৰাকীৰ চেহেৰা সকলোতকৈ ধুনীয়া হয়৷ ৰবার্ট ড্রফমেনে কোৱা মতে এতিয়ালৈকে ৰাইনোপ্লাষ্টীৰ জৰিয়তে পুনৰ জাগৰণমূলক প্রভাৱৰ কোনো বস্তুনিষ্ঠ বৈজ্ঞানিক প্রমাণ নাই৷ ‘এই প্রযুক্তিয়ে আমাক উদ্দেশ্যপূর্ণ পদ্ধতিৰে বয়সৰ সঠিক অনুমান দিয়ে আৰু মানুহৰ চকু চাই অনুমান কৰিব পাৰি বয়স বঢ়াৰ বৈশিষ্ট্য তথা চিনাক্তকৰণ৷’ তেওঁ আৰু কয় এইদৰে৷ ৪০তকৈ অধিক বয়সীয়া মহিলাৰ ক্ষেত্রত এই পৰিণাম অত্যন্ত নাটকীয় আছিল, যিসকলৰ কিছুমানৰ ৰাইনোপ্লাষ্টী অস্ত্রোপচাৰৰ পিছত বয়স সাত বছৰ কমি যোৱা যেন অনুমান হৈছিল৷ গৱেষণাত এই কথাও লক্ষ্য কৰা হৈছিল যে মুখৰ বয়সৰ অন্যান্য বৈশিষ্ট্যও নাকে প্রভাৱিত কৰে৷

You might also like