মহাকাশ গৱেষণা সংস্থা যেনে– নাছা, ইছৰো, ৰছকছমছ আদি বহু সংস্থাই মঙল গ্রহৰ ওপৰত গৱেষণা চলাই যিমান পাৰি সিমান তথ্য উদ্ঘাটনৰ চেষ্টা চলাই আহিছে৷ কিন্তু ইয়াৰ মাজতে দেখা গৈছে যে এলন মাস্কে মঙল গ্রহক জনবহুল কৰাৰ বাবে নিজাকৈ পৰিকল্পনা হাতত লৈছে৷ স্পেচ এক্সৰ চিই’ এলন মাস্কে টুইটাৰযোগে বর্ণনা কৰিছে তেওঁৰ পৰিকল্পনাৰ বিষয়ে৷ এই পৰিকল্পনা হ’ল কেনেদৰে ২০৫০ চনৰ ভিতৰত মঙল গ্রহলৈ ১ মিলিয়ন মানুহক পঠিয়াব পাৰি৷ এলন মাস্কে বর্ণনা কৰা মতে তেওঁৰ পৰিকল্পনা হ’ল দ্বি–ৰকেট পদ্ধতিৰে ১০০০খন মহাকাশযান নির্মাণ কৰা, যাৰ জৰিয়তে মঙল গ্রহলৈ যথেষ্টসংখ্যক মানুহ আৰু বয়–বস্তু প্রেৰণ কৰিব পৰা যাব৷ মাস্কে কয় যে প্রতিদিনে কমেও তিনিখনকৈ মহাকাশযান মঙল গ্রহলৈ প্রেৰণ কৰাৰ লক্ষ্য স্থিৰ কৰি ল’ব লাগিব, যাতে মঙল গ্রহ ভ্রমণ সহজলভ্য হয়৷ তদুপৰি মাস্কে আৰু কয় যে মঙল গ্রহত বহুত কাম–কাজৰ সৃষ্টি হ’ব৷ এই বিষয়ে অৱশ্যে বিস্তৃত ব্যাখ্যা নকৰিলে৷ টুইটযোগে এলন মাস্কে কয়– ‘মানুহৰ জীৱন বহুব্যাপী কৰি তোলাত প্রতিবছৰে কক্ষপথত মেগাটনৰ প্রয়োজন হয়৷’ তেওঁ আৰু ব্যাখ্যা কৰে যে কেনেকৈ এই পৰিবহণ কার্য সম্ভৱ হ’ব৷ মাস্কৰ মতে ১০০০ মহাকাশযানে মঙল গ্রহলৈ ১০০ মেগা টন সৰবৰাহ কৰিবলৈ সক্ষম৷ যদি এখন মহাকাশযানে ১০০জন লোকক নিবলৈ সক্ষম হয়, তেন্তে ১,০০,০০০ লোকক স্থানান্তৰ কৰিবলৈ সক্ষম হ’ব৷ যদি এয়া সঁচা প্রমাণিত হয়, তেন্তে উৎক্ষেপণ আৰু অৱতৰণ সফল হ’ব আৰু মহাকাশযান সকলোতকৈ শক্তিশালী অৱতৰণ ব্যৱস্থাত পৰিণত হ’ব৷ অৱশ্যে এয়া চাবলগীয়া হ’ব মাস্কে মঙল গ্রহলৈ ১ লাখ মানুহক প্রব্রজন কৰাৰ পৰিকল্পনা কেনেদৰে ফলপ্রসূ কৰিব৷ আন এটা ডাঙৰ প্রশ্ণ হ’ল মানুহে মঙল গ্রহত খাবৰ বাবে পানী আৰু জীয়াই থকাৰ বাবে অন্যান্য মৌলিক প্রয়োজনসমূহ কেনেকৈ পূৰণ কৰিব?