সৌৰ ধুমুহাই ধ্বংস কৰিব পাৰে পৃথিৱীৰ প্রযুক্তি
বিশ্বৰ বাবে ধ্বংসাত্মক পৰিঘটনা হ’ব পাৰে সৌৰ ধুমুহা৷ সৌৰ ধুমুহাই ধ্বংস কৰিব পাৰে পৃথিৱীত জীৱকুলৰ বৃহৎ অংশ৷ এই সৌৰ ধুমুহাই মানৱ জাতিৰ বহু পৰিশ্রমেৰে আৱিষ্কাৰ কৰা বিজ্ঞানৰো বিনাশ ঘটাব পাৰে৷ শেহতীয়াকৈ ৱাৰৱিক বিশ্ববিদ্যালয় আৰু ব্রিটিছ এণ্টার্কটিক ছার্ভেত এদল বিজ্ঞানীয়ে এই উদ্বেগজনক তথ্য সদৰী কৰিছে৷ বিষয়টো সন্দর্ভত গৱেষণা চলাই থকা বিজ্ঞানীসকলৰ মতে সৌৰ ধুমুহাই পৃথিৱীত সকলো প্রযুক্তিৰ বিনাশ ঘটাব পাৰে৷ বিগত ১৫০ বছৰ ধৰি সৌৰ ধুমুহাৰ ওপৰত গৱেষণা চলাই আছে বিজ্ঞানীসকলে৷ এইক্ষেত্রত বিজ্ঞানীসকলে দুই ধৰণৰ চুম্বকীয় ধুমুহাক চিনাক্তও কৰিছে৷ প্রতি ২৫ বছৰৰ মূৰে মূৰে এনেধৰণৰ বিধ্বংসী সৌৰ ধুমুহাৰ সৃষ্টি হ’ব পাৰে৷ দুর্ভাগ্যজনকভাৱে সূর্য সন্দর্ভত এতিয়াও মানৱ জাতিয়ে যিমান জানিবলগীয়া আছে, তাৰ কিয়দংশহে বিজ্ঞানে আহৰণ কৰিছে৷ গতিকে মহাকাশৰ বতৰ আৰু সূর্য সম্বন্ধত নূন্যতম জ্ঞানৰ জৰিয়তে এই সৌৰ ধুমুহাৰ ভৱিষ্যদ্বাণী কৰিব নোৱাৰে৷ বিগত শতিকাবোৰত এনে সৌৰ ধুমুহাৰ সাক্ষী হৈছে মানৱ জাতি৷ ১৮৫৯ চনত কেৰিংটন ইভেণ্টে প্রমাণ কৰি দিছিল সৌৰ ধুমুহাৰ অস্তিত্বৰ কথা৷ কেৰিংটন ইভেণ্টৰ ওপৰত গৱেষণা চলাই বিজ্ঞানীসকলে উল্লেখ কৰিছে যে আজিৰ মুহূর্তত এনে ধুমুহাই পৃথিৱীত আঘাত কৰিলে কেইবাশ কোটি ডলাৰৰ সম্পদ বিনষ্ট হ’ব পাৰে৷ আনকি কেইবালাখ কোটি ডলাৰৰ সম্পদ বিধ্বস্তৰ কাৰণ হ’ব পাৰে এই সৌৰ ধুমুহা৷ অকল সেয়াই নহয়, জীৱকুলৰ বিনাশৰ কাৰণো হ’ব পাৰে এই মহাজাগতিক পৰিঘটনা৷ ১৯৮৯ চনত কানাডাৰ কুইবেক চহৰত এক সৌৰ ধুমুহাই ক্ষতিগ্রস্ত কৰিছিল বিদ্যুৎ যোগান ব্যৱস্থাৰ৷ কুইবেকৰ আকাশত সৃষ্টি হোৱা মেৰু প্রভাৱ আমেৰিকান প্রদেশ টেক্সাছৰ পৰাও দেখিবলৈ পোৱা গৈছিল৷ এতিয়া প্রশ্ণ হৈছে এই সৌৰ ধুমুহা কি৷ সূর্যৰ আছে বিভিন্ন গতি–বিধি৷ এই নক্ষত্রৰ নিজস্ব ক্রিয়া–প্রক্রিয়া সন্দর্ভত সবিশেষ তথ্য এতিয়াও বিজ্ঞানে আহৰণ কৰিব পৰা নাই৷ সূর্যৰ পৰা ক্ষুদ্র ক্ষুদ্র খণ্ড প্রেৰিত হয় মহাকাশলৈ৷ দ্রুত গতিসম্পন্ন সৌৰ বতাহে ইয়াক দূৰ–দূৰণিলৈ লৈ আহে৷ এই ক্ষুদ্র ক্ষুদ্র খণ্ডবোৰেই আহি পৃথিৱীত মেগনেট’স্পিয়াৰত স্পর্শ কৰে৷ অর্থাৎ পৃথিৱীৰ চুম্বকীয় প্রভাৱলৈ আহে সূর্যৰ এই ক্ষুদ্র ক্ষুদ্র কণিকাবোৰ৷ তেতিয়াই আৰম্ভ হয় এক ধুমুহা আৰু সৌৰ ধুমুহা হিচাপে এই পৰিঘটনাৰ অন্ত পৰে৷ গতিকে কেতিয়াবা ইয়াৰ শক্তি ভবাতকৈ বহু বেছিও হ’ব পাৰে৷