নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰটেল–ভোডাফোনে হেৰুৱালে ৪.৭ নিযুত গ্রাহক

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ মহামাৰী ক’ভিড–১৯ লকডাউনৰ বাবে এমাহতে এয়াৰটেল–ভোডাফোনে ৪.৭ নিযুত গ্রাহক হেৰুওৱাৰ বিপৰীতে জি’ই লাভ কৰিলে ৩.৭ নিযুত নতুন গ্রাহক৷ টেলিকম ৰেগুলেটৰী অথ’ৰিটী অৱ ইণ্ডিয়া (ট্রাই) আজি প্রকাশ কৰা প্রতিবেদন মতে, মে’ মাহত তাঁৰবিহীন গ্রাহক বিশেষকৈ ২ জি, ৩ জি আৰু ৪ জিৰ গ্রাহকৰ সংখ্যা ০.৫ শতাংশ নিম্নগামী হৈছে৷

ট্রাইৰ তথ্য মতে, মে’ মাহত তাঁৰবিহীন গ্রাহকৰ সংখ্যা ৫.৬১ নিযুত নিম্নগামী হৈছে৷ চহৰ অঞ্চলত এপ্রিলৰ শেষৰ পৰা ৩ৰ মে’লৈকে ৬২৯ নিযুত গ্রাহকৰ পৰা ৬২০ নিযুতলৈ হ্রাস পাইছে৷ অৱশ্যে এই সময়ছোৱাত গ্রামাঞ্চলত গ্রাহকৰ সংখ্যা বৃদ্ধি পাইছে৷ এই মাহটোত পূর্বৰ ৫২০ নিযুতৰ পৰিৱর্তে ৫২৩ নিযুতলৈ বৃদ্ধি পাইছে৷ অর্থাৎ গ্রামাঞ্চলত ০.৭০ শতাংশ বৃদ্ধি পাইছে৷ তথ্য মতে, এপ্রিলৰ শেষৰ পৰা মে’ মাহলৈকে টেলিকম কোম্পানীসমূহে এই ৮.২ নিযুত গ্রাহক হেৰুৱাইছে৷ লকডাউনৰ বাবে চহৰৰ পৰা গ্রামাঞ্চললৈ যোৱা সংস্থাপন হেৰুওৱা আৰু ক’ভিড–১৯ৰ বাবে অনেক ছিমকার্ড নিষ্ক্রিয় হৈ পৰাৰ বাবে গ্রাহকৰ সংখ্যা হ্রাস পাইছে৷ জিঅ’ৰ সমান্তৰালকৈ ৰাজহুৱা খণ্ডৰ ভাৰত সঞ্চাৰ নিগম লিমিটেড (বিএছএনএল)ৰ সংখ্যা ২০১৫৯৩ বৃদ্ধি পাইছে৷

আনহাতে, ২.৯৮ নিযুত গ্রাহকে ম’বাইল নম্বৰ প’র্টেবিলিটী (এমএনপি)ৰ বাবে আবেদন জনাইছে৷ তেনেদৰে দেশজুৰি এই মাহটোত লেণ্ডলাইনৰ গ্রাহকো হ্রাস পাইছে৷ এই মাহটোতে ১৯.৯ নিযুতৰ পৰা গ্রাহকৰ সংখ্যা ১৯.৭৭ নিযুতলৈ নিম্নগামী হৈছে৷ ট্রাইৰ অধ্যক্ষ আৰ এছ শর্মাই এই তথ্য সন্দর্ভত কয় যে দেশত ক’ভিড–১৯ মহামাৰীৰ বাবে এনেদৰে গ্রাহকৰ সংখ্যা হ্রাস পাইছে৷

You might also like