atum 1.0: ১০০ কিলোমিটাৰ যাব মাত্ৰ ৭ টকাত; পলম নকৰি আজিয়েই কৰক সংগী…
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি এক সকাহ! পেট্ৰ’লৰ মূল্যই এশ স্পৰ্শ কৰাৰ সময়তে বজাৰলৈ আহিল atum 1.0। Atumobile প্ৰাইভেট লিমিটেডৰ নতুন ই-বাইক।
Atumobile বজাৰত মুকলি কৰিছে আটাম 1.0। য’ত ১০০ কিলোমিটাৰ গাড়ী চলাবলৈ খৰছ হ’ব মাত্ৰ ৭ টকা।
এই Atum 1.0 তৈয়াৰ কৰিছে হায়দৰাবাদ ষ্টাৰ্টআপ সংস্থা আটাম’বাইল প্ৰাইভেট লিমিটেডে। কোম্পানীটোৱে দাবী কৰিছে যে পৰিৱেশ প্ৰদূষণৰ মোকাবিলা কৰাৰ বাবেই এই উদ্যোগ লোৱা হৈছে ।
এই বাইকখন সম্পূৰ্ণভাৱে বেটাৰি চাৰ্জ হ’বলৈ সময় প্ৰয়োজন হয় মাত্ৰ ৪ ঘণ্টাৰ। কোম্পানীটোৱে দাবী কৰিছে যে আটাম ১.০ সম্পূৰ্ণ বেটাৰি চাৰ্জত ১০০ কিলোমিটাৰ চলিবলৈ সক্ষম। যাৰ ব্যয় মাত্ৰ ৭ ৰ পৰা ৮ টকা।
atumobile.co পোৰ্টেলৰ জৰিয়তে এই ই-বাইকখন বুক কৰিব পাৰিব গ্ৰাহকে।
ইতিমধ্যে লঞ্চ হোৱাৰ পৰা ৪০০ ৰো অধিক বুকিং কৰা হৈছে। কোম্পানীটোৱে দাবী কৰিছে যে সোনকালেই ইয়াৰ ডেলিভাৰী আৰম্ভ হ’ব।
উল্লেখ্য যে বৈদ্যুতিক বাইক আটাম ১.০ৰ মূল্য আপোনাৰ সাধ্যৰ ভিতৰতে। কেৱল ৫০,০০০ টকা। এই ই-বাইকখন অধিক ক্লাছিক ৰূপত দেখা গৈছে লগতে ই-বাইকখনত আৰামদায়ক আসন, ডিজিটেল ডিছপ্লে আৰু এলইডি হেডলাইট আছে।