ভাৰতৰ বজাৰত BMWৰ ছুপাৰ বাইক M1000 RR
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ জাৰ্মান কোম্পানী BMW গ্ৰুপে আজি মুকলি কৰে ইয়াৰ প্ৰিমিয়াম মটৰচাইকেল BMW M1000 RR। ভাৰতত এই মটৰচাইকেলখনৰ মূল্য ৪২ লাখ টকা (এক্স-শ্ব’ৰুম) হ’ব বুলি জানিব পৰা গৈছে।
ভাৰতত BMW মটৰচাইকেলৰ সকলো ডীলাৰতে আজিৰ পৰা উক্ত বাহনখন সম্পূৰ্ণ সজ্জিত অৱস্থাত পোৱা যাব। মটৰচাইকেলখন দুটা প্ৰকাৰত উপলব্ধ হ’ব BMW M 1000 RR, ইয়াৰ মূল্য ৪২ লাখ টকা আৰু BMW M 1000 RR Competition, ইয়াৰ মূল্য ৪৫ লাখ টকা কৰা হৈছে।
BMW M 1000 RRৰ চিচি ৯৯৯, ৪-চিলিণ্ডাৰ ইন-লাইন ইঞ্জিনৰ দ্বাৰা চালিত আৰু ২১২ hpৰ শীৰ্ষ আউটপুট। ই ৩.১ ছেকেণ্ডত ০-১০০ কিলোমিটাৰৰ পৰা ত্বৰান্বিত হ’ব পাৰে আৰু সৰ্বাধিক ৩০৬ কিলোমিটাৰ/ঘণ্টা গতি প্ৰাপ্ত কৰিব পাৰে। ই চাৰিটা ৰাইডিং মোডৰ সৈতে আহে- ৰেইন, ৰোড, ডাইনেমিক আৰু ৰেচ।
BMW গ্ৰুপ ইণ্ডিয়াৰ সভাপতি বিক্ৰম পাৱাহে কয়,”সকলো নতুন BMW M 1000 RR বাইক নিৰ্মাণ কৰা হৈছে দ্ৰুত দৌৰৰ বাবে। ই সম্পূৰ্ণতাৰে এগৰাকী চালকক সহযোগ কৰিব পাৰে। ইয়াৰ শক্তিশালী ইঞ্জিন, সুন্দৰ ডিজাইন আৰু একক সঁজুলিৰ সৈতে সকলো-নতুন BMW M 1000 RR ৰেচট্ৰেক আৰু দৈনন্দিন ব্যৱহাৰৰ বাবে উপযুক্ত।”