নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতাহত থকা ক’ৰোনা ভাইৰাছ ধৰিব ডিভাইচে, কানাডাৰ নতুন প্ৰযুক্তি

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা টান। মানৱ দেহত অৱস্থান লোৱাৰ পিছতহে জনা যায় ইয়াৰ অৱস্থিতি।

কিন্তু কানাডাৰ এটা কোম্পানী Kontrol Energy Corp-এ সাজি উলিয়াইছে ক’ৰোনা ভাইৰাছ চিনাক্ত কৰিব পৰা এক ডিভাইচ। এই ডিভাইচটোৱে হেণ্ড ড্ৰায়াৰৰ দৰে বতাহ ভিতৰলৈ টানে আৰু তেনে অৱস্থাতে ক’ৰোনাৰ উপস্থিতি বিশ্লেষণ কৰিব পাৰে।

যদি কোনো অঞ্চলৰ বতাহত ক’ৰোনাৰ অৱস্থিতি পোৱা যায়, তেন্তে তেনে অঞ্চলৰ বাসিন্দাৰ ক’ভিড-১৯ টেষ্ট কৰা বা এলেকাটোৰ বাসিন্দাক সজাগ কৰাত উজু হয়। শিক্ষাখণ্ড বা আন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত এই ডিভাইচ অতি উপযোগী হ’ব বুলি ধাৰণা কৰা হৈছে।

কানাডাৰ ৱেষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ মাইক্ৰ’ বায়’লজীৰ প্ৰফেছৰ ডেভিদ হেনৰিক্সে এই বায়’ক্লাউড ডিভাইচটো ইতিমধ্যে পৰীক্ষা-নিৰীক্ষা কৰিছে। অহা নৱেম্বৰ মাহত উক্ত ডিভাইচটো বজাৰত মুকলি কৰাৰ সম্ভাৱনা আছে বুলি কোম্পানীটোৰ ফালৰ পৰা জনাইছে।

কোম্পানীটোৱে ডিভাইচৰ মূল্য নিৰ্ধাৰণ কৰিছে ৪.৪ লাখ টকা। ইতিমধ্যে বহু দেশৰ পৰা এই ডিভাইচ বিচৰা বুলি জানিব পৰা গৈছে।

You might also like