নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PUBG নাই… এইবাৰ আহি আছে FAU-G, অক্টোবৰৰ শেষলৈ হ’ব পাৰে লঞ্চ

নিয়মীয়া বার্তা, ৬ ছেপ্টেম্বৰঃ পাবজি এতিয়া বুৰঞ্জী। কোনো ভাৰতীয়ই খেলিব নোৱাৰিব এই জনপ্ৰিয় মোবাইল গেম। কিন্তু মোবাইল গেম প্ৰিয়সকল হতাশ হোৱাৰ সলিন সাজু হওক অক্টোবৰৰ শেষ ভাগলৈ। কিয়নো অক্টোবৰৰ শেষৰ ফালে আহি আছে পাবজিৰ সলনি ফৌ-জি (FAU-G)।

বাংগালুৰুস্থিত nCore গেমছৰ দ্বাৰা Fearless and United: Guards অৰ্থাত FAU-G মুকলি কৰা হ’ব অক্টোবৰৰ শেষভাগত। বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে মোবাইল গেমটোৰ ক্ষেত্ৰত ধাৰণাগত অৰিহণা আগবঢ়াইছে আৰু তেওঁৰ সহযোগতে মোবাইল গেমপ্ৰেমীৰ বাবে ইয়াক মুকলি কৰা হ’ব।

বাতৰি সংস্থা ৰয়টাৰ্ছৰ মতে এই গেমৰ প্ৰস্তুতি বহুদিনৰ পৰা চলি আছিল। এতিয়া পাবজি নিষিদ্ধ হোৱাৰ সময়তে ইয়াক মুকলি কৰিলে যথেষ্ট জনপ্ৰিয়তা লাভৰ আশা কৰিছে ভাৰতীয় ফাৰ্ম nCore গেমছে। উল্লেখ্য FAU-G গেমৰ প্ৰথম ঢাপৰ পৃষ্ঠভূমি তৈয়াৰ কৰা হৈছে গলৱান উপত্যকাৰ ৰূপত, যিটো উপত্যকাত চীনা সৈন্যৰে হোৱা হতাহতি বহুকেইগৰাকী ভাৰতীয় সৈনিক শ্বহীদ হ’বলগীয়া হৈছিল।

গেম প্ৰস্তুতকৰ্তা কোম্পানীটোৰ মতে দেশপ্ৰেমক মূলধন ৰূপে লৈ FAU-G গেমক আগুৱাই লৈ যোৱা হ’ব।

You might also like