নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাহৰিছে নেকি স্মাৰ্টফোনৰ Pattern Lock, চাৰ্ভিচ চেন্টাৰ যোৱাৰ প্ৰয়োজন নাই, ঘৰতে বহি কৰক আনলক

নিয়মীয়া বাৰ্তা ২২ মেঃ স্মাৰ্ট ফোন ব্যৱহাৰকাৰী সকলে প্ৰায় সংখ্যকেই নিজৰ ডেটা সুৰক্ষিত কৰিবলৈ ফোনটোত পেট্ৰান  (Pattern Lock)  অথবা পাছৱৰ্ড দিয়ে। যাৰ বাবে অন্য কোনেও সহজে স্মাৰ্টফোনটো চাব নোৱাৰে।

সমস্যা তেতিয়া হয় যেতিয়া  Pattern Lock যি সকলে ব্যৱহাৰ কৰে সেই  (Pattern Lock) টো পাহৰি যায়। যাৰ বাবে লকটো খুলিবলৈ চাৰ্ভিচ চেণ্টাৰলৈ দৌৰিব লগা হয়। এই সময়ছোৱাত কেৱল সময় খৰচো নহয় অযথা পইচাও খৰচ হয়।

যদি লক অথবা পাচৱৰ্ড পাহৰিছে এতিয়াৰ পৰা চিন্তিত হোৱাৰ প্ৰয়োজন নাই। আপোনাৰ হাততে ইয়াৰ সমাধান আছে। যি ঘৰতে বহি ফোনটো আনলক কৰিব পাৰিব।

যদি লক অথবা পাচৱৰ্ড পাহৰিছে তেতিয়া স্মাৰ্টফোনটো চুইচ অফ কৰি দিব লাগে। তাৰ পিছত একমিনিট  মান সময় ৰখাৰ পিছত volumeৰ তলৰ চুইচটো আৰু power চুইচ একেলগে টিপি ধৰিব লাহে। ইয়াৰ পিছত স্মাৰ্টফোনটো ৰিকভাৰী মুডত গুচি যায় ফেক্টৰী ৰিচেট ক্লিক কৰিব লাগে। ইয়াৰ পিছতেই ফোনৰ সকলো ডেটা গুচি যায়। আৰু স্মাৰ্টফোনটো আনলক হৈ যায়।

কিন্তু এই কাৰ্যসম্পাদন কৰিবলৈ স্মাৰ্টফোনত ইণ্টাৰনেট সক্ৰিয় হৈ থাকিব লাগিব। লগতে ডাটা সক্ৰিয় হৈ থাকিব লাগিব। তেতিয়া অতিসোনকালে ফোনটো আনলক হব।

You might also like