আহি গ’ল KM3000 আৰু KM4000 ই-বাইকঃ এবাৰ চাৰ্জ কৰি যাওক ১৫০ কিঃমিঃ
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য আকাশলংঘী হৈছে। যাৰ বাবে ইলেক্ট্ৰিক বাহনৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে। থমকি ৰোৱা নাই বাইকৰ কোম্পানীসমূহেও। এইবাৰ গোৱাৰ ষ্টাৰ্টআপ কবিৰা ম’বিলিটিৰ দ্বাৰা ই বাইক মুকলি কৰা হৈছে।
KM 3000 আৰু KM 4000 নামেৰে দুখন বাইক বজাৰত মুকলি কৰা হৈছে। কোম্পানীটোৰ দাবী এবাৰ চাৰ্জ কৰিলে ১৫০ কিলোমিটাৰ চলিব এই ই-বাইককেইখন।
kabira km 4000 স্পৰ্টছ ৰাইডিঙৰ বাবে। কোম্পানীটোৱে দাবী কৰিছে যে স্পৰ্টছ মোডত এবাৰ চাৰ্জ কৰিলে ৯০ কিলোমিটাৰলৈকে চলিব পাৰে। প্ৰতিঘণ্টাত সৰ্বাধিক গতি হৈছে ১২০ কিলোমিটাৰ। আনহাতে 3.3 ছেকেণ্ডত, বাইকখন 40 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতি লাভ কৰিবলৈ সক্ষম।
ই মোডত বাইকৰ সম্পূৰ্ণ চাৰ্জৰ বাবে ৬ ঘণ্টা ৩০ মিনিট লাগিব। আন এটা আছে boost মোড। ই ৫০ মিনিটত ৮০ শতাংশ বেটাৰি চাৰ্জ কৰিব। ইউনিৰ্ভাচেল টাইপ 2 চাৰ্জাৰ দ্বাৰা এই বাইকখন চাৰ্জ কৰিব পাৰি।
KM 3000ৰ মূল্য ১,২৬,৯৯০ টকা আৰু KM 4000ৰ দাম ১,২৫,৯৯০ টকা।