নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

LG-এ আনিছে ৰিইউজেবল, এয়াৰ পিউৰিফায়াৰ ফেচ মাস্ক ! ৮ ঘণ্টালৈকে পোৱা যাব সুৰক্ষা

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ ক’ৰোনা সংক্রমণ ৰোধ কৰিবলৈ সকলোকে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰৰ পৰাপর্শ দিছে বিশেষজ্ঞই। লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰাও ৰাস্তা-ঘাট, বজাৰৰ ক্ষেত্রটো অন্ততঃ ২ মিটাৰ দূৰত্ব বজায় ৰখাৰ পৰামর্শ দিয়া হৈছে। কিন্তু ক’ৰোনা সংক্রমণ ৰক্ষাৰ্থে ২ মিটাৰৰ দূৰত্বও যথেষ্ট নহয়!

এই অৱস্থাত ফেচ মাস্ক সুৰক্ষাৰ মাত্রা বৃদ্ধি কৰিছে LG। পুনর্ব্যৱহাৰযোগ্য, এয়াৰ পিউৰিফায়াৰযুক্ত ফেচ মাস্ক (LG PuriCare Wearable Air Purifier Face Mask) আনিছে LG এ! সংস্থাটোৰ দাবী, চার্জেবল এই মাস্ক ব্যৱহাৰ কৰি ৮ ঘণ্টালৈকে সুৰক্ষা পোৱা যাব।

জনা গৈছে, ছেপ্টেম্বৰতেই বজাৰত মুকলি কৰিব LG-ৰ পুনর্ব্যৱহাৰযোগ্য, এয়াৰ পিউৰিফায়াৰ যুক্ত এই ফেচ মাস্ক। অৱশ্যে মুকলিৰ সময়তহে এই মাস্কৰ দাম প্রকাশ কৰিব সংস্থাটোৱে। বায়ু শুদ্ধ কৰিব পৰা এই মাস্কত H13 HEPA ফিল্টাৰ ব্যৱহাৰ কৰা হৈছে। লগতে এই ফেচ মাস্কত ৩ স্পিড লেভেল যুক্ত ডুয়েল ফেন ব্যৱহাৰ কৰা হৈছে, যিয়ে শ্বাস-প্রশ্বাসৰ সময়ত স্বয়ংক্রিয় ভাবে কাম কৰিব।

You might also like