২০৩০ৰ আগেয়ে মঙল গ্ৰহলৈ স্পেচ এক্সৰ ৰকেট, এলন মাস্কৰ ঘোষণা
নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ মঙল অভিযানক এক বিশেষ গতি দিছে অলপতে নাছাই পঠিওৱা ৰোভাৰ পাৰচেভেৰেন্সে।
এতিয়া বিশিষ্ট প্ৰযুক্তিবিদ এলন মাস্কেও ঘোষণা কৰিছে যে স্পেচ এক্সৰ ষ্টাৰশ্বিপ ৰকেট ২০৩০ চনৰ ভিতৰত মঙল গ্ৰহত অৱতৰণ কৰিব। যোৱা ২৩ মাৰ্চত এটা টুইটত এলন মাস্কে উল্লেখ কৰে যে স্পেচ এক্সে ২০৩০ চনৰ আগতে মঙল গ্ৰহত ষ্টাৰশ্বিপ অৱতৰণ কৰাব।
ব্যক্তিগত মহাকাশ কোম্পানী স্পেচ এক্সৰ মুৰব্বী এলন মাস্কে এই মাহৰ আৰম্ভণিতে ষ্টাৰশ্বিপ এছএন-১০ ৰকেট সফলতাৰে উৎক্ষেপণ কৰিছিল। ইয়াক ১০,০০০ কিলোমিটাৰ উচ্চতালৈ প্ৰেৰণ কৰা হৈছিল। পিছত ইয়াক ঘূৰাই অনা হৈছিল ভূমিলৈ।
এই পৰীক্ষা সফল বুলি উল্লেখ কৰে মাস্কে। তেওঁ লগতে এই বছৰৰ শেষৰ ফালে প্ৰথমবাৰৰ বাবে অৰ্বিটাল ফ্লাইটৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মাস্কৰ মতে, ২০২৩ চনত তেওঁৰ ষ্টাৰশ্বিপেৰে জাপানী কোটিপতি ইউচাকু মায়েজাৱাক চন্দ্ৰৰ চাৰিওফালে উৰিবলৈ বিচাৰে।