কোনবাই আপোনাৰ নামত ছিম ব্যৱহাৰ কৰিছে নেকি, বন্ধ কৰক আজিয়েই এই উপায় অৱলম্বন কৰি…
নিয়মীয়া বাৰ্তা ২১ জুনঃ কোনো দুৰ্বত্তই গ্ৰাহকৰ নামত বেলগ ছিম উলিয়াই বিভিন্ন অপৰাধ মূলক কামত ব্যৱহাৰ কৰে। ।যাৰ পৰিপেক্ষিতত এতিয়া দূৰসঞ্চাৰ বিভাগ সক্ৰিয় হৈ গৈছে। এতিয়া এজন গ্ৰাহকৰ নামত কেইখন ছিম সক্ৰিয় হৈ আছে সেইকথা জানিব পাৰিব। দূৰসঞ্চাৰ বিভাগে কিছুদিনৰ আগতে ইয়াৰ আগতে এটা পৰ্টেল আৰম্ভ কৰিছিল।
এজন গ্ৰাহকৰ নামত বেলেগ কোনোবাই ছিম ব্যৱহাৰ কৰি আছে তাক জানিবলৈ tafcop.dgtelecom.gov.in নামৰ ৱেবচাইটত যাব লাগিব। এই ৱেবচাইটো দূৰসঞ্চাৰ বিভাগে সক্ৰিয় কৰিছে।
কাৰণ গ্ৰাহকৰ নামত ছিম ব্যৱহাৰ কৰি বহু অপৰাধমূলক কাম কৰি আহিছে দুৰ্বৃত্তই। এতিয়া এই ৱেবচাইটোৰ যোগেদি বহুত সহায় হ’ব যিসকলে অন্য গ্ৰাহকৰ নামত ছিম ব্যৱহাৰ কৰি আছে।
এই ৱেবচাইটৰ যোগেদি সেইনম্বৰটো ব্লকো কৰিব পাৰিব। যাৰ বাবে ৱেবচাইটোত অনুৰোধ কৰিব লাগিব। ইয়াৰ বাবে বেৱচাইটত গৈ ব্যক্তিজনৰ এক্টিভ মবাইল নম্বৰটো দিব লাগিব। তাৰ পিছ মবাইল নম্বৰটোত অটিপি নম্বৰ আহিব। অটিপি ভেৰিফিকেশ্বন হোৱাৰ পিছত এক্টিভ নম্বৰৰ বিষয়ে জানিব পাৰিব।
যদি গ্ৰাহকজনে ভাৱে যদি কোনো নম্বৰ সক্ৰিয় হৈ আছে আৰু গ্ৰাহকজনে অজ্ঞাতে, তাক বন্ধ কৰিবলৈ অনুৰোধ কৰিব পাৰিব। ইয়াৰ পিছত টেলিকম কোম্পানীয়ে সেই নম্বৰটো বন্ধ কৰি দিব।
বৰ্তমান এই ব্যৱস্থা তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত আছে আৰু সমগ্ৰ দেশতেই এই ব্যৱস্থাটো উপলব্ধ হব।