আপোনাৰ লেপটপত এই অদ্ভুত শ্লটটো কিয় থাকে? জানেনে…
আপুনি আপোনাৰ লেপটপ, পোৰ্টেবল এইচডিডি (HDD), মনিটৰ আৰু অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীত এক অদ্ভুত ছিদ্ৰ দেখা পাব পাৰে। কেনিংটন চিকিউৰিটি স্লট (Kensington Security Slot) নামেৰে জনাজাত এই ছিদ্ৰটো প্ৰকৃততে কেনিংটন কম্পিউটাৰ প্ৰডাক্টছ গ্ৰুপৰ দ্বাৰা বিপণন কৰা এক পেটেন্ট যুক্ত চুৰি-প্ৰতিৰোধী সুৰক্ষা প্ৰণালীৰ উপাদান।
কেনিংটন চিকিউৰিটি স্লট বা কেনিংটন লক বিভিন্ন পোৰ্টেবল ডিভাইচত থাকে আৰু ডিভাইচটো চুৰি হোৱা প্ৰতিহত কৰিবলৈ ইয়াক এংকৰৰ সৈতে সংযোগ কৰিব পাৰি।
মূল ডিজাইনৰ পেটেন্টটো ১৯৯৯ চনত চাইকেল লক নিৰ্মাতা ব্ৰেণ্ড ক্ৰিপ্টোনাইটৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল।
কেনিংটন স্লটত ডিভাইচটোত এটা ধাতুৰ ছিদ্ৰ আৰু ৰবৰৰ আৱৰণ থকা ধাতুৰ তাঁৰৰ সৈতে সংলগ্ন এটা এংকৰ থাকে। এংকৰটো স্লটৰ সৈতে সংযোজিত আৰু এটা কী বা নম্বৰ মিশ্ৰণ ব্যৱহাৰ কৰি লক কৰা হয়।
অৱশ্যে সময়ৰ সৈতে, কমেও লেপটপৰ ক্ষেত্ৰত এই কেনিংটন লক কম দেখা গৈছে। বৰ্তমান স্মাৰ্টফোন আৰু টেবলেটবোৰ ইমান পাতল যে তাত এই শ্লটক স্থান দিয়া নহয়।