নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগ নহলে ৰোগ

ধ্ৰুৱজ্য়োতি দাস

আজিৰ দিনত ব্যস্ততাপূর্ণ জীৱনত মানুহৰ শৰীৰটো হৈ পৰিছে এক যন্ত্রসদৃশ৷ এই যন্ত্রসদৃশ শৰীৰটোক আমি গুৰুত্ব দিয়াৰ বিপৰীতে আমি আমাৰ লাহ–বিলাহত বেছি গুৰুত্ব দিছোঁ৷ বহুতে কয় এতিয়া ‘আধুনিক’ যুগ এই যুগত মদ, চিগাৰেট আদি নাখালে হেনো তেওঁক লাজ দিয়ে৷ সেয়ে আমি ভালবোৰেও তেওঁলোকৰ লগত মিলিবলৈ ‘ধূমপান’ত হাত দিছোঁ আৰু মডার্ন হৈছোঁ৷ ভালবোৰেও বেয়া হৈ পৰিছোঁ৷ সুস্থ–সবল শৰীৰ, দেখিবলৈ ধুনীয়া হ’বলৈ কাৰ ইচ্ছা নাথাকে৷ যদি আছে তেন্তে আজিৰ পৰাই ৰাতিপুৱা শুই উঠি ‘যোগ’ অভ্যাস কৰক৷ ‘যোগ’ৰ দ্বাৰাই কেৱল শৰীৰ সুস্থ–সবলেই নহয় ইয়াৰ দ্বাৰা মানসিক, শাৰীৰিক, সামাজিক, আধ্যাত্মিক সকলো দিশৰ পৰা সাংঘাতিকভাৱে উন্নতি কৰিব পাৰি৷ অন্যভাৱে মানুহবোৰৰ খং, ৰাগ, উত্তেজনা, ক্রাইম বৃদ্ধি পাইছে৷ মানসিক শক্তি হেৰুৱাই পেলাইছে যাৰ ফলত ভৱিষ্যৎ প্রজন্মৰ বাবে আমি এখন অসৎ সমাজ দিবলৈ বাধ্য হ’ম৷ তেতিয়াহ’লে আমাৰ এডুকেচনৰ মূল্য ক’ত৷ ‘দ্য ভেলু অৱ এডুকেচন ইজ ইকুৱেল টু জিৰ’৷ ইচ কি লাজৰ কথা৷ শিক্ষা লৈছে সকলোৱে শিক্ষাৰ মূল্য শিকক নিজে আৰু দহজনকো শিকাওক৷
অৱশেষত আপোনালোকলৈ এটাই অনুৰোধ মোৰ ‘প্লিজ ডু য়োগা’৷ ৰাতিপুৱা শুই উঠি পাঁচটা প্রাণায়াম নিতান্তই আৱশ্যক৷
প্রথমে ভ্রস্তিকা প্রাণায়াম (পদ্মাসন বা সুখাসনত বহি লৈ ২ৰ পৰা ৫ মিনিট সময় দীঘল উশাহ লওক আৰু এৰক, নিজৰ শক্তিক অতিক্রম নকৰিব ভাগৰি গ’লে এক মিনিট জিৰণি ল’ব)৷
দ্বিতীয়তে, কপালভাতি প্রাণায়াম (এই প্রাণায়ামক ধৰিত্রীৰ সঞ্জীৱনী বুলি কোৱা হয় কপালভাতি প্রাণায়ামৰ দ্বাৰা ৯৯ শতাংশ ৰোগক নিয়ন্ত্রণ কৰিব পাৰি) এই প্রাণায়ামটো নিতৌ ৫ৰ পৰা ১০ মিনিট কৰক (প্রথম তিনি–চাৰিদিন ২ মিনিটকৈ কৰিব, লাহে লাহে ১০ মিনিটলৈ বঢ়াব)৷
তৃতীয়তে, অনুলোম–বিলোম প্রাণায়াম (উচ্চ ৰক্তচাপ, মানসিক চাপ, হূদ ৰোগী, স্নায়ু ৰোগ, চকুৰ সমস্যা আদিৰ বাবে এই প্রাণায়ামটো নিতান্তই আৱশ্যক৷) আৰু ইয়াৰ দ্বাৰা সুস্থ মানুহৰ এই বেমাৰবোৰ কেতিয়াও হ’ব নোৱাৰে৷ এই প্রাণায়মটো দিনে ৮–১০ মিনিট কৰাটো অতি প্রয়োজন৷
চতুর্থতে, ভ্রামৰি প্রাণায়াম ঃ হতাশা, মানসিক চাপ, মানসিক কোনো সমস্যাৰ বাবে অতি দৰকাৰী প্রাণায়াম৷ এই প্রাণায়াম নিতৌ ১১ বাৰ কৰক, এইটো কৰিলে আপোনাৰ ১০০ শতাংশ মানসিক চাপ নাইকিয়া হৈ যাব৷
পঞ্চমতে, উদঘিত প্রাণায়াম ঃ এই প্রাণায়ামটো দিনে ৫ মিনিটকৈ কৰক ইয়াত ‘ওম’ শব্দটো উচ্ছাৰণ কৰিব লাগে৷ ‘ওম’ শব্দৰ অর্থ হৈছে ‘দ্য ছুপ্রিম গড’ যাক আমি ‘ব্রহ্ম’ বুলি কওঁ৷ ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ পৰা সকলো (ঋণাত্মক শক্তি দূৰ হয় গোটেই শৰীৰটো শুদ্ধি হয়)৷
এই পাঁচ প্রাণায়াম নিতৌ কৰিলে আপোনাৰ মন, বুদ্ধি, চিন্তা, বিবেকৰ শক্তি প্রচুৰ পৰিমাণে বৃদ্ধি পাব আৰু সদায় সুখী থাকিব৷

You might also like