ক’ভিড যুদ্ধত আতংকিত নহ’বলৈ মুখ্যমন্ত্রীৰ আহ্বান
নিয়মীয়া বাৰ্তা, ২৪ মেঃ জোনাই মহকুমাত বহিঃৰাজ্যৰ পৰা গৃহাভিমুখী হোৱা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিবলৈ জোনাই মহকুমা প্রশাসনে যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে৷ জোনাই মহকুমাৰ দুটা স্থানত কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ কাম হাতত লৈছে মহকুমা প্রশাসনে৷ ইতিমধ্যে চৰকাৰীভাৱে স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰ মুর্কংচেলেক আৰু মহাবিদ্যালয় চিমেন চাপৰি মহাবিদ্যালয়ত বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ পৰীক্ষা কৰোৱাই ৰখাৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰসমূহ স্থাপনৰ কাম সম্পূর্ণ হৈ উঠিছে৷ আজি বিয়লি প্রায় ২ বজাত উপস্থিত হৈ জোনাই মহকুমাৰ মুর্কংচেলেক কলেজত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰসমূহৰ স্থান পৰিদর্শন কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ জোনাইত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্র পৰিদর্শন কৰি সামগ্রিক ব্যৱস্থাৱলীৰ বুজ লয় জোনাই আৱর্ত ভৱনত মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ঈদৰ সময়ত সামাজিক দূৰত্ব বর্তাই ৰাখি প্রত্যেকে নিজ নিজ ঘৰত নামাজ পঢ়ি বিশ্বৰ মানৱ সমাজৰ শান্তি আৰু সুৰক্ষাৰ বাবে দোৱা কৰিবলৈ সকলোকে আহ্বান জনায়৷ এইখিনি সময়ত হিন্দু, মুছলিম, খ্রীষ্টান সকলোৱে মিলি ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব লাগিব৷ পৃথিৱীৰ সকলো ঠাইতে মহামাৰী ক’ভিড–১৯ৰ বিৰুদ্ধে সন্মিলিত প্রচেষ্টাৰে যুঁজ দিছে আৰু অসমৰ বুকুত ইয়াৰ বিৰুদ্ধে শক্তিশালী আৰু মজবুত ধৰণে যুঁজ দিবলৈ অসম চৰকাৰেও সকলো প্রচেষ্টা হাতত লৈছে বুলি কৈ এইক্ষেত্রত স্বাস্থ্য বিভাগৰ বিষয়া–কর্মচাৰীসক ক’ৰোনাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দি আহিছে, লগতে আৰক্ষী–প্রশাসন, বিধায়ক, সাংসদ, পঞ্চায়তৰ প্রতিনিধি সমন্বিতে সকলোৱে বহু কষ্ট স্বীকাৰ কৰিছে বুলি উল্লেখ কৰে৷ ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পালেও ৰাইজে কোনো ভয় কৰিবলগীয়া একো নাইবুলি উনুকিয়াই ইয়াৰ বিৰুদ্ধে সকলোৱে মিলিত প্রচেষ্টাৰে চৰকাৰৰ নীতি–নির্দেশনাসমূহ মানি চলি সকলোৱে নিজকে সুস্থ আৰু নিৰোগী কৰি তুলিব লাগিব বুলি মন্তব্য আগবঢ়ায়৷