নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সংক্রমণৰ জটিল সন্ধিক্ষণত অসম: এদিনত সর্বাধিক ৪৯ পজিটিভ

নিয়মীয়া বাৰ্তা, ২৩ মেঃ অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা৷ বহিঃৰাজ্য ফেৰতৰ বাবেই অতি উদ্বেগজনক ৰূপত প্রতিদিনে বৃদ্ধি পাই আহিছে ক’ৰোনাত আক্রান্ত লোক৷ শুকুৰবাৰৰ দিনটোতে ৰাজ্যখনত নতুনকৈ ৪৯গৰাকী লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ যোৱা দুটা দিনত ক্রমে ৪২গৰাকী আৰু ২২গৰাকীকৈ লোক নতুনকৈ ক’ৰোনা পজিটিভত আক্রান্ত হোৱা ঘটনাই জনসাধাৰণক শংকিত কৰি ৰখাৰ সময়তে শুকুৰবাৰে নতুনকৈ ৪৯গৰাকী লোক আক্রান্ত হয়৷ অসমৰ ক্ষেত্রত শুকুৰবাৰেই সর্বাধিক ক’ৰোনা পজিটিভ চিনাক্ত হয়৷ ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ ২৫৯গৰাকীৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ ক’ৰোনা সংক্রমণৰ এনে ঊর্ধ্বমুখী হাৰে অসমক কার্যতঃ ঠেলি দিছে জটিল সন্ধিক্ষণলৈ৷

গুৰুত্বপূর্ণ কথাটো হ’ল– শেহতীয়াকৈ অসমত ক’ভিড–১৯ পজিটিভ ধৰা পৰা আটাইখিনিয়েই বহিঃৰাজ্যৰ পৰা অহা৷ একেলগে বহুসংখ্যক বহিঃৰাজ্যফেৰতৰ দেহত মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰা বিষয়টোৱে অসমবাসীক স্বাভাৱিকতে উদ্বিগ্ন কৰি তোলাৰ সমান্তৰালভাৱে পৰিস্থিতি ক্রমশঃ ভয়ংকৰ কৰি তুলিছে৷ এই পৰিস্থিতিয়ে যে আৰু গুৰুতৰ ৰূপ ধাৰণ কৰিব তাৰ আশংকা নুই কৰিব নোৱাৰি৷ কিয়নো বহিঃৰাজ্যৰ পৰা অসম অভিমুখী লোকৰ সোঁত নিতৌ অব্যাহত আছে৷ অৱশ্যে ইয়াৰ মাজতে আক্রান্তসকলৰ ভিতৰৰ ৫৪জনে ইতিমধ্যে সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতিছে৷ হাস্পতালত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যাই ১৯৮ৰ ঘৰ স্পর্শ কৰিলে৷ মন কৰিবলগীয়া এয়ে যে শুকুৰবাৰে ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰা ৪৯গৰাকী লোকৰ আটাইকেইগৰাকীয়ে কোৱাৰেণ্টাইন কেন্দ্রত থকা লোক৷ মুঠ ৪৯গৰাকীৰ ভিতৰত ২০জনেই আছিল সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্রত৷ ৬গৰাকী জোৱান ৯ মাইলস্থিত চিআৰপিএফৰ কেম্পত নিজাববীয়াকৈ কোৱাৰেণ্টাইনত থকা৷ সেইদৰে ৮জনকৈ লোক তেজপুৰ কোৱাৰেণ্টাইন কেন্দ্র আৰু শিলচৰ কোৱাৰেণ্টাইন কেন্দ্রত থকা ব্যক্তি৷ দুজন যোৰহাট কোৱাৰেণ্টাইন কেন্দ্র আৰু এজনকৈ লোক মহেন্দ্র মোহন চৌধুৰী আৰু শিলচৰ মেডিকেল কলেজ হাস্পতালত থকা অৱস্থাতে তেওঁলোকৰ ৰোগ ধৰা পৰে৷ লক্ষণীয় দিশটো এয়ে যে আজি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পুৱা ৮ বজাত টুইটাৰত তেজপুৰ কোৱাৰেণ্টাইন কেন্দ্রত থকা ঢ়কুৱাখনাৰ এজন আৰু ওদালগুৰিৰ এজন লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ বিষয়ে সদৰী কৰে৷ দিনৰ ১১ বজাত যোৰহাট কোৱাৰেণ্টাইন কেন্দ্রত থকা শিৱসাগৰৰ দুজন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিষয়ে জানিবলৈ দিয়ে৷ বিয়লি ৩.১০ বজাত কাছাৰ আৰু হাইলাকান্দিৰ মুঠ দুজন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিষয়ে প্রকাশ কৰে৷ বিয়লি চাৰি বজাত তেজপুৰ কোৱাৰেণ্টাইন কেন্দ্রত থকা ৬জনকৈ লোকৰ দেহত নতুনকৈ ক’ভিড–১৯ পোৱা গৈছে বুলি জনায়৷ সন্ধিয়া ৬.২০ বজাত ৰাজ্যখনত নতুনকৈ আৰু ৮জন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিষয়ে জানিবলৈ দিয়ে৷ সেই ৮জনৰ ভিতৰত এজন মহেন্দ্র মোহন চৌধুৰী, এজন শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু ৬জন কাছাৰৰ বুলি প্রকাশ কৰে৷

নিশা ৭.৪৫ বজাত মন্ত্রী ড০ শর্মাই ২৬জনকৈ লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিষয়ে জানিবলৈ দি কয় যে ইয়াৰে ২০জন সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্রত থকা আৰু ৬জন লোক ন–মাইলস্থিত চিআৰপিএফৰ কেম্পত নিজাববীয়াকৈ কোৱাৰেণ্টাইনত থকা৷ নিশা ৯.১৫ বজাত আন এক টুইটত নগাঁও, শিৱসাগৰ আৰু তিনিচুকীয়াৰ এজনকৈ লোক মুঠ ৩জন ক’ভিড–১৯ত নতুনকৈ আক্রান্ত হোৱা বুলি প্রকাশ কৰে৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্রত যি ২০গৰাকীৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি পোৱা গৈছে, তেওঁলোক মুম্বাইৰ পৰা অহা৷ অধিকাংশই হোজাই জিলাৰ৷ সেইদৰে অলপতে বিমানযোগে চিআৰপিএফৰ ৯৮জনীয়া এটা দল অহাৰ পিছতেই ন–মাইলস্থিত গ্রুপ চেণ্টাৰত প্রত্যেকে কোৱাৰেণ্টাইনত আছিল৷ তাৰেই ৬জন জোৱানৰ দেহত ক’ভিড–১৯ ধৰা পৰিছে৷ তেওঁলোকক চিআৰপিএফৰ চিকিৎসালয়তেই চিকিৎসা সেৱা আগবঢ়োৱা হ’ব৷ বাকী সৰুসজাইৰ ৰোগীকেইজনক মহেন্দ্র মোহন চৌধুৰী হাস্পতালত চিকিৎসা সেৱা আগবঢ়োৱা হ’ব৷ মহেন্দ্র মোহন চৌধুৰী হাস্পতালত ইয়াৰ পিছত আৰু ক’ৰোনা আক্রান্তক ভর্তি কৰোৱা নহয়৷ তাৰ বিপৰীতে নতুনকৈ ক’ভিড–১৯ পজিটিভ পালে চিকিৎসাধীন কৰোৱা হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ আৰু কয় যে কালি বতৰ কিছু প্রতিকূল হোৱাৰ বাবে সামান্য অসুবিধা হৈছিল৷

 উল্লেখ্য যে স্বাস্থ্যমন্ত্রী ড০ শর্মাই শুকুৰবাৰে নিশাৰ ভাগত সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্র আৰু মহেন্দ্র মোহন চৌধুৰী হাস্পতালত উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে৷ অসমলৈ উভতি আহিবলৈ উদ্গ্রীৱ হৈ থকা ৰাইজক পৰাপক্ষত এই সময়ত ৰাজ্যখনলৈ উভতি নাহিবলৈ আহ্বান জনাই মন্ত্রী ড০ শর্মাই কয় যে– ‘অসম এতিয়া নিৰাপদ নহয়৷ লাহে লাহে চিকিৎসালয়ত বিছনাৰ সংখ্যাও কমি আহিছে৷ এই মুহূর্তত অসমৰ ৰাইজ চিকিৎসক আৰু নার্ছ তথা চিকিৎসাকর্মীৰ ওচৰত একত্রিত হোৱাৰ প্রয়োজন আহি পৰিছে, নহ’লে পৰিস্থিতি অধিক জটিল হৈ পৰিব৷’

You might also like