গ্রাহকক লুণ্ঠন অসাধু ছাগলী মাংস ব্যৱসায়ীৰ
নিয়মীয়া বাৰ্তা, ২৪ মেঃ মহানগৰীত লকডাউন কিছু পৰিমাণে শিথিল কৰাৰ সুযোগ গ্রহণ কৰি একাংশ ছাগলী মাংসৰ ব্যৱসায়ীয়ে নিজ ইচ্ছা মতে মাংসৰ দাম বৃদ্ধি কৰি লুণ্ঠন চলাই আহিছে৷ সংশ্লিষ্ট কর্তৃপক্ষই ছাগলী মাংসৰ দাম প্রতি কিলোগ্রামত ৬৫০ টকা নির্ধাৰণ কৰি দিছে যদিও মহানগৰীৰ বিভিন্ন অঞ্চলত একাংশ ব্যৱসায়ীয়ে অধিক দামত মাংস বিক্রী কৰা বুলি অভিযোগ উঠিছে৷ বিশেষকৈ মহানগৰীৰ চানমাৰি, নুনমাটি, নাৰেংগী, সাতগাঁও, লালমাটি, বেহাৰবাৰী, লালগণেশ, আঠগাঁও, শান্তিপুৰ, বাঘৰবৰী, কাহিলিপাৰা, লালগণেশ, ফটাশিল আমবাৰী, পল্টন বজাৰ, আঠগাঁও, মালিগাঁও, পাণ্ডু আদি বিভিন্ন ঠাইত সংশ্লিষ্ট পক্ষই নির্ধাৰণ কৰি দিয়া দামতকৈ একাংশ অসাধু ব্যৱসায়ীয়ে প্রতি কিলোগ্রামত ৭০০ৰ পৰা ৮০০ টকাকৈ মাংস বিক্রী কৰি গ্রাহকৰ মূৰত মাধমাৰ শোধাইছে৷
সংশ্লিষ্ট কর্তৃপক্ষই নির্ধাৰণ কৰি দিয়া দামতকৈ অধিক দামত মাংস বিক্রী কৰা সন্দর্ভত গ্রাহকে প্রশ্ণ কৰাত লকডাউনৰ বাবে মহানগৰীত পর্যাপ্ত পৰিমাণে ছাগলী মজুত নথকা বাবে মাংসৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হোৱা বুলি জনায়৷ বিশেষ সূত্রে জানিব পৰা মতে, মহানগৰীত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা ছাগলী গাড়ীৰে আহি আছে যদিও মহানগৰীত ছাগলীৰ যোগান পর্যাপ্ত নহয় বুলি আভুৱা–ভাঁৰি গ্রাহকক ঠগি আহিছে৷ এইক্ষেত্রত একাংশ অসাধু ব্যৱসায়ীয়ে গুৱাহাটী পৌৰ নিগমৰ একাংশ বিষয়াৰ সৈতে বুজাবুজি কৰি সংশ্লিষ্ট পক্ষই নির্ধাৰণ কৰি দিয়া দামতকৈ অধিক দামত ছাগলীৰ মাংস বিক্রী কৰা বুলি অভিযোগ উঠিছ৷
পৌৰ নিগমৰ বিষয়াৰ একাংশ বিষয়াৰ সৈতে বুজাবুজি থকা বাবেই অধিক দামত মাংস বিক্রী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহয় বুলি অভিযোগ উঠিছে৷ এইক্ষেত্রত পৌৰ নিগমৰ শীর্ষ বিষয়াক ব্যৱস্থা গ্রহণ কৰিবলৈ সচেতন মহলে দাবী জনায়৷ একাংশ অসাধু ব্যৱসায়ীয়ে গ্রাহকক লুণ্ঠন চলাই থকাৰ মাজতে আজি মহানগৰীৰ চেৰাবভাটি আৰু কছাৰীবস্তিত পৌৰ নিগমৰ বিষয়াৰ দল এটাই ছাগলী মাংসৰ দোকানত অভিযান চালয়৷ অভিযান কালত অনুমতিপ্রাপ্ত কছাইখানাত ছাগলী নিধন তথা পৰিষ্কাৰ নকৰা বাবে দলটোৱে চেৰাবভাটিৰ এখন ছাগলী মাংসৰ দোকানক ১৫ হাজাৰ টকা জৰিমনা বিহে৷