টেষ্ট খেলাৰ পূর্বে বলাৰক প্রয়োজন হ’ব দুমাহৰ প্রস্তুতি
নিয়মীয়া বাৰ্তা, ২৪ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংক দূৰ হোৱাৰ পিছত পুনৰ আৰম্ভ হ’বলগীয়া টেষ্ট ক্রিকেটত সর্বাধিক প্রত্যাহ্বানৰ সন্মুখীন হ’ব বলাৰসকল৷ দীঘলীয়া বিৰতিৰ মূৰত টেষ্ট খেলিবলৈ তেওঁলোকক অতি কমেও দুই–তিনি মাহৰ প্রস্তুতিৰ প্রয়োজন হ’ব৷ অন্যথা বলাৰসকল আঘাতৰ সন্মুখীন হোৱাটো নিশ্চিত৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলে কালি ক’ভিড–১৯ৰ পিছত আৰম্ভ হ’বলগীয়া ক্রিকেটৰ বাবে নতুন নীতি–নির্দেশনা জাৰি কৰি এই আশংকা প্রকাশ কৰে৷ ‘এক দীঘলীয়া বিৰতিৰ মূৰত খেলপথাৰত নমাৰ সময়ত বলাৰসকল অত্যন্ত প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ তেওঁলোকৰ আঘাত হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব৷ টেষ্ট ক্রিকেটত খেলাৰ পূর্বে বলাৰসকলক অতি কমেও দুই–তিনি মাহৰ প্রস্তুতিৰ প্রয়োজন হ’ব৷ এই দিশত প্রতিখন দেশে মন দিয়া উচিত৷’ –আই চি চিয়ে এইদৰে কয়৷
টেষ্ট ক্রিকেটৰ বাবে বলাৰসকলক অতি কমেও দুই–তিনি মাহৰ প্রয়োজন হ’ব বুলি উল্লেখ কৰি আই চি চিয়ে পুনৰ কয় যে প্রতিগৰাকী বলাৰক ৫০ অভাৰ অথবা টি–২০ মেচৰ পূর্বে অতি কমেও ৬ সপ্তাহৰ প্রস্তুতিৰ সুযোগ দিয়া উচিত৷ মহামাৰীৰ পিছত পুনৰ আৰম্ভ হ’বলগীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ বাবে আই চি চিয়ে প্রতিখন দেশক বৃহৎসংখ্যক খেলুৱৈক দল গঠনৰ পৰামর্শ আগবঢ়াইছে, যাতে খেলুৱৈসকলক সালসলনি কৰি মূল একাদশত অন্তর্ভুক্ত কৰিব পৰা যায়৷ বলাৰৰ কর্ম বোজাৰ প্রতি লক্ষ্য ৰাখি বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে এই পৰামর্শ আগবঢ়ায়৷ মন কৰিবলগীয়া যে মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে যোৱা মার্চ মাহৰ পৰা ক্রিকেটকে ধৰি বিশ্বৰ সকলো খেল সম্পূর্ণৰূপে বন্ধ হৈ আছে৷ অৱশ্যে লকডাউনৰ সীমাবদ্ধতা কিছু হ্রাস হোৱাত একাংশ দেশে নতুন নীতি–নির্দেশনাৰে খেল আয়োজনৰ পৰিকল্পনা আৰম্ভ কৰিছে৷ ইংলেণ্ড ক্রিকেট দলৰ খেলুৱৈসকলে চলিত সপ্তাহত ব্যক্তিগত অনুশীলন আৰম্ভ কৰিছে৷ একেদৰে পাকিস্তানে জুলাইত ইংলেণ্ড ভ্রমণৰ পৰিকল্পনা যুগুত কৰিছে৷