নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনা কাৰণত কোনো ব্যক্তিক বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান

নিয়মীয়া বাৰ্তা, ২৪ মেঃ লকডাউনৰ মাজতে অসমৰ বহিঃৰাজ্যৰ পৰা স্বগৃহলৈ উভতি অহা লোকসকলক স্বাস্থ্য বিভাগে ইতিমধ্যে প্রশাসনে নির্মাণ কৰা কোৱাৰেইণ্টইনত ৰখাৰ ব্যৱস্থা কৰিছে৷ এই হোম কোৱাৰেইণ্টাইনত থকা ব্যক্তিসকলে মানি চলিব লগা নীতি–নির্দেশনা আৰু সাৱধানতাৰ ওপৰত সজাগ কৰিবৰ বাবে আজি মহানগৰীৰ প্রাগজ্যোতিষপুৰ আৰক্ষী থানাৰ উদ্যোগত, চন্দ্রপুৰ ৰাজহ চক্র কার্যালয় আৰু প্রাগজ্যোতিষপুৰ নাগৰিক সমিতিৰ সহযোগত আবেলি ৩ বজাত চন্দ্রপুৰ মহাবিদ্যালয় প্রাংগণত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়৷ সভাত উপস্থিত থাকি চন্দ্রপুৰ ৰাজহ চক্র বিষয়া কমল বৰুৱাই কয় যে যি সকল লোক বহিঃৰাজ্যৰ পৰা আহি স্বগৃহত হোম কোৱাৰেইণ্টাইন হৈ থাকিব, সেইসকল লোক যাতে কোনো কাৰণতে বাহিৰলৈ অথবা অন্য ব্যক্তিৰ সংস্পর্শলৈ আহিব নোৱাৰে তাৰ প্রতি গাঁৱৰ প্রতিজন নাগৰিকে সচেতন হৈ থাকিব লাগিব৷

লগতে হোম কোৱাৰেণ্টাইনৰ সময়ছোৱাত কাৰোবাৰ কিবা অসুবিধা হ’লে গাঁৱৰ মানুহে আৰক্ষী থানাৰ জৰিয়তে প্রশাসনক জনাব বা সেই মতে প্রশাসনে ব্যৱস্থা গ্রহণ কৰিব৷ তদুপৰি সভাত উপস্থিত থকা পানীখাইতী ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্রৰ চিকিৎসক সুমন পালে হোম কোৱাৰেণ্টাইনত থাকিবলগীয়া বা বর্তমানেও থকা পৰিয়ালৰ লোকসকলক স্বাস্থ্য বিধি মানি চলিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে হাম কোৱাৰেণ্টাইনত থকাক লৈ অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰাত ৰাইজক শংকিত নহৈ সজাগ আৰু সতর্ক হৈ থাকিবলৈ আহ্বান জনায় প্রাগজ্যোতিষপুৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ কলিতাই৷ সভাত জিলা প্রশাসনৰ নির্দেশমর্মে হোম কোৱাৰেণ্টাইনত থকা বা থাকিবলগীয়া লোকসকলক তদাৰক কৰাৰ বাবে আৰক্ষী প্রশাসনৰ অধীনত এখন সমিতি প্রস্তুত কৰা হয়৷ সমিতিখনত আৰক্ষী বিষয়া, চিকিৎসক, নাগৰিক সমিতিৰ প্রতিনিধি, গাঁওৰক্ষী বাহিনীৰ প্রতিনিধি, আশাকর্মী আৰু গাঁওবুঢ়াসকলক অন্তর্ভুক্ত কৰা হয়৷ এই সমিতিৰ অন্তর্ভুক্ত সদস্যসকলে হোম কোৱাৰেণ্টাইনত থকা লোকক নিৰীক্ষণ কৰিব৷

You might also like