বৰ্তমান সুৰক্ষিত নহয় অসমঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২৩মেঃ বৰ্তমান অসমখন সুৰক্ষিত নহয়। নিৰাপত্তা বিচাৰি যিসকল লোক অসমলৈ আহিব ওলাইছিল তেওঁলোকে সিদ্ধান্ত সলনি কৰিব লাগিব এই মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ লগতে কয় যে গাড়ী আৰু বাছত যাতে অসমলৈ কোনো লোক নাহে কাৰণ ইয়াত সামাজিক দূৰত্ব মানি চলা নহয়।
হোজাইত আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত এইটো প্ৰমাণ হৈছে যে তেওঁলোকৰ সংক্ৰমণ ৰাস্তাত হৈছে। যিহেতু ট্ৰাকত আহোতে ইজনে-সিজনৰ ওপৰত উঠি আহিছে তাৰ বাবে বৃদ্ধি হৈছে সংক্ৰমণ।
যিকেইখন ৰাজ্যৰ মাজেৰে এইসকল লোক আহিছে আমি উক্ত ৰাজ্যসমূহৰ চৰকাৰৰ সৈতে কথা পাতিম। যদিহে সামাজিক দূৰত্ব মানি চলা নহয় তেন্তে আহিবলৈ কিয় অনুমতি দিছে? এই ক্ষেত্ৰত আমি কথা পাতিম বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
সামাজিক দূৰত্ব মানি যিসকল অসমলৈ আহিছে তেওঁলোকৰ এজনৰো হোৱা নাই। কিন্তু জধে-মধে ট্ৰাক-বাছত উঠি অসমলৈ অহা লোকসকলৰ বাবে আজি এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছেঃ মন্ত্ৰী ড০ শৰ্মা