নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজনিশা চিকিৎসক-স্বাস্থ্যকৰ্মীক আক্ৰমণ উদণ্ড যুৱকৰ

নিয়মীয়া বাৰ্তা, ২৪ মেঃ মহামাৰী ক’ভিড-১৯ বিৰোধী যুঁজৰ প্ৰধান সেনানীস্বৰূপ চিকিৎসক-স্বাস্থ্যকৰ্মীক মাজনিশা আক্ৰমণ কৰা এক লজ্জাজনক ঘটনাক কেন্দ্ৰ কৰি কাজিৰঙাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি বহিঃৰাজ্যৰ পৰা অহা ১০১ জনীয়া এটা দলক মৰিয়নী ষ্টেচনৰ পৰা  তিনিখন বাছত কাজিৰঙাৰ কঁহৰাস্থিত বেজা বৈষ্ণৱ আদর্শ চিকিৎসালয়লৈ স্ক্রীনিং কৰিবলৈ আনিছিল৷

পূর্বৰে পৰা সাজু হৈ থকা চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ পাঁচজনীয়া দলটোৱে স্ক্রীনিং কৰিবলৈ আগবাঢ়ি যাওঁতে স্ক্রীনিং কৰিবলৈ অনা দলটোৱে বাছৰ পৰা নামি অভদ্রামি আৰম্ভ কৰে৷ ১০১জনীয়া দলটোৱে বাছৰ পৰা এজন এজনকৈ নামি আহি স্ক্রীনিং কৰাব লাগিছিল যদিও সকলো একেলগে নামি আহি আমাক ভাত লাগে, আমাক পাণ জপা দি বাছত কিয় আনিলে ইত্যাদি নানান অভিযোগ তুলি চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইপিনে, বুজাবলৈ চেষ্টা কৰাৰ সময়তে দলটোৰ একাংশই এজন স্বাস্থ্যকর্মীক আক্রমণ কৰিবলৈ খেদি আহে৷ কিন্তু স্বাস্থ্যকর্মীজন চিকিৎসালয়ৰ ভিতৰত সোমাই নিজৰ প্রাণৰক্ষা কৰে৷

এনেদৰে অভদ্রামি আৰু অভব্য আচৰণ কৰাত দলটোক নিশাৰ ভাগত চিকিৎসালয়খনত স্ক্রীনিং কৰাব নগ’ল৷ পিছত পৰিস্থিতি নিয়ন্ত্রণ কৰি বোকাখাতৰ ভিন্ন স্থানত সাজু কৰি ৰখা কোৱাৰেণ্টাইন কেন্দ্রলৈ লৈ যায়৷ উল্লেখ্য যে স্ক্রীনিং কৰিবলৈ অনা লোকসকলৰ খাদ্য অথবা বাছত অধিক লোকক অনাৰ অভিযোগত এনে কার্যৰ লগত জডিত চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ ওপৰত অভব্য আচৰণ অথবা আক্রমণ কৰা ঘটনাক দুর্ভাগ্যজনক আখ্যা দি ঘটনাটোক তীব্র ভাষাৰে গৰিহণা দিছে ভিন্ন দল–সংগঠনৰ লগতে কাজিৰঙাবাসীয়ে৷ আজি দলটোক পুনৰ কঁহৰাস্থিত বেজা বৈষ্ণৱ আদর্শ চিকিৎসালয়লৈ স্ক্রীনিং কৰিবলৈ আনে৷ বোকাখাত মহকুমাধিপতি বিবেক শ্যামে এই প্রতিবেদকক সদৰী কৰা অনুসৰি উক্ত দলটোৱে স্ক্রীনিং কৰাৰ সময়ত আজিও চিকিৎসকক অশ্রাব্য গালি–গালাজ পৰে৷ ফলত আৰক্ষীৰ নিয়োগ কৰি স্ক্রীনিঙৰ ব্যৱস্থা কৰা হয়৷

অভদ্র আচৰণ কৰা দলটোক সতর্ক কৰি দি চিকিৎসকৰ ওপৰত অভব্য আচৰণ অথবা আক্রমণকাৰীৰ ওপৰত গোচৰ তৰি আইনী ব্যৱস্থা ল’ব বুলি স্পষ্ট কৰি দিয়ে মহকুমাধিপতি বিবেক শ্যামে৷ ইপিনে, বোকাখাত মহকুমাত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্রত সময় মতে প্রশাসনৰ তৰফৰ পৰা উন্নত খাদ্যৰ লগতে সকলো প্রয়োজনীয় ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে মহকুমাধিপতি শ্যামে৷

You might also like